বগৰীবাৰীৰ মহামায়া মন্দিৰত পূজা-অৰ্চনা ৰাজ্যপাল জগদীশ মূখীৰ
নিয়মীয়া বাৰ্তা, পৰ্বতঝোৰা, ১৫ফেব্ৰুৱাৰীঃ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীৰ ঐতিহাসিক মহামায়া মন্দিৰত আজি দিনৰ ৯ বজাত অসমৰ ৰাজ্যপাল জগদীশ মূখীয়ে উপস্থিত হৈ পূজা অৰ্চনা কৰে । প্ৰাপ্ত বাতৰি মতে, আজি বগৰীবাৰীৰ থকা চাৰিশ বছৰ পূৰণি তথা নামনি অসমৰ শক্তিপীঠ হিচাপে খ্যাতি বিজৰিত হৈ থকা মা মহামায়া ধামত এক আধ্যাত্মিক পৰিবেশৰ মাজত উপস্থিত হোৱাত মন্দিৰৰ চৌহদত থকা ভক্ত আৰু আন আন লোকসকলৰ মাজত ঔচ্ছুকতা বাঢ়ি যায়। আজিৰ এই দৰ্শনকালত ৰাজ্যপাল জগদীশ মূখীয়ে প্ৰথমতে মহামায়া দেবীৰ ওচৰত পূজা-অৰ্চনা কৰে।
পিছত মহামায়া মন্দিৰৰ গাতে থকা শিৱ মন্দিৰত উপস্থিত হৈ পূজা কৰে আৰু আন আন দেবালয়সমুহ দৰ্শন কৰে। এই পূজা অৰ্চনাৰ কাৰ্যসূচীত সংগ দিয়ে বিটিআৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, মহামায়া মন্দিৰত বিশিষ্ট পূজাৰীৰ লগতে প্ৰশাসনীয় মূৰব্বীসকলে। পিছত ৰাজ্যপাল গৰাকীয়ে ঐতিহাসিক মন্দিৰত পৰিকাঠামগত দিশসমূহ পৰ্য্যবেক্ষণ কৰে।