নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱর্তী আৰু মুক্ত শিক্ষা গ্রহণ প্রতিষ্ঠান, চমুকৈ আইডলত সংঘটিত হোৱা ব্যাপক অনিয়মৰ তথ্য পোহৰলৈ আহিছিল ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষক, চমুকৈ কেগৰ প্রতিবেদনত৷ কেগৰ প্রতিবেদন অনুসৰি ২০১০ চনৰ পৰা ২০১৭ চনলৈ দূৰৱর্তী শিক্ষা পৰিষদ (ডি ই চি)ৰ স্বীকৃতি অবিহনেই বিশ্ববিদ্যালয়খনে ২১টা পাঠ্যক্রমৰ পাঠদান কৰাৰ লগতে সংঘটিত হৈছিল কোটি কোটি টকাৰ বিত্তীয় কেলেংকাৰি৷ কেগৰ প্রতিবেদনত এই তথ্য প্রকাশ পোৱাৰ পাছতেই বিশ্ববিদ্যালয়েই নহয়, অসম বিধানসভাৰ মজিয়াতো এই কেলেংকাৰিক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷ ইয়াৰ পাছতে বিশ্ববিদ্যালয় কর্তৃপক্ষই ছিকিম আৰু জম্মু–কাশ্মীৰ উচ্চ ন্যায়ালয়ত প্রাক্তন মুখ্য ন্যায়াধীশ ড০ আফতাব হুছেইন শইকীয়াৰ নেতৃত্বত এখন এজনীয়া তদন্ত কমিটী গঠন কৰে৷ যোৱা ছেপ্ঢেম্বৰ মাহতেই এই তদন্ত কমিটীয়ে দুটা খণ্ডত প্রায় ৫০০ পৃষ্ঠাৰ প্রতিবেদন দাখিল কৰাৰ লগে লগে কেগৰ প্রতিবেদনত উল্লেখ থকা বিষয়সমূহ বিতংভাৱে পোহৰলৈ আহিছে৷ এই প্রতিবেদন অনুসৰি সেই সময়ৰ বিশ্ববিদ্যালয়ত উপাচার্য এই সমগ্র বিষয়টো সন্দর্ভত অৱগত আছিল যদিও এই অনিয়ম ৰোধ কৰাত ব্যর্থ হৈছে৷ তদন্ত প্রতিবেদনখনত বিশ্ববিদ্যালয়ৰ সঞ্চালকগৰাকীক কেলেংকাৰিটোৰ সৈতে প্রত্যক্ষভাৱে জড়িত বুলি অভিহিত কৰা হৈছে৷ তাৎপর্যপূর্ণভাৱে এই কেলেংকাৰিত অভিযুক্ত সঞ্চালকগৰাকীয়েই এতিয়া ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূর্ণ বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে নিযুক্ত হোৱা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ আনহাতে, তদন্ত প্রক্রিয়া অব্যাহত থকাৰ সময়তে বিশ্ববিদ্যালয়ৰ এই কেলেংকাৰিত অভিযুক্ত সঞ্চালকগৰাকীয়ে উপাচার্য ৰূপে নিযুক্তি লাভ কৰাটো বিশেষ গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ ইতিমধ্যে ‘নিয়মীয়া বার্তা’ৰ হাতত তদন্ত কমিটীৰ সম্পূর্ণ প্রতিবেদন পৰাৰ পাছত পৰৱর্তী প্রতিবেদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই বিয়াগোম কেলেংকাৰিৰ সকলো তথ্য পোহৰলৈ আহিব৷