নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত গ্রেনেড বিস্ফোৰণঃ ৫ আলফাৰ বিৰুদ্ধে চার্জশ্বীট

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডত সংঘটিত গ্রেনেড বিস্ফোৰণৰ ঘটনাত পৰিপূৰক চার্জশ্বীট দাখিল কৰিছে নেচনেল ইনভেষ্টিগেচন এজেঞ্চী (নিয়া)–এ৷ চানমাৰিস্থিত ‘নিয়া’ৰ বিশেষ আদালতত মুঠ ৫জন অভিযুক্তৰ বিৰুদ্ধে এই পৰিপূৰক চার্জশ্বীট দাখিল কৰিছে তদন্তকাৰী সংস্থাটোৱে৷ আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা, সদস্য অমৃত বল্লভ গোস্বামী, বিজয় অসম, মুন্না বৰুৱা আৰু অৰুণোদয় দহোটীয়াৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰিছে নিয়াই৷ ইউ এ পি এ আৰু ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত তেওঁলোকক অভিযুক্ত কৰা হৈছিল৷

উল্লেখ্য যে ২০১৯ বর্ষৰ ২৬ জুনত জু–ৰোডত সংঘটিত হৈছিল গ্রেনেড বিস্ফোৰণ৷ এই বিস্ফোৰণত ১২জন লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ পৰৱর্তী সময়ত এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ গুৱাহাটীৰ মাজমজিয়াত সংঘটিত এই গ্রেনেড বিস্ফোৰণৰ তদন্ত পৰৱর্তী সময়ত চৰকাৰে ‘নিয়া’ক হস্তান্তৰ কৰে৷ ‘নিয়া’ই আৰ চি ০৪/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷

বিস্ফোৰণত জড়িত কেইবাজনো লোকক গ্রেপ্তাৰ কৰাৰ লগতে চার্জশ্বীটো দাখিল কৰে তদন্তকাৰী সংস্থাটোৱে৷ সমান্তৰালভাৱে ঘটনাৰ তদন্ত অব্যাহত ৰাখে ‘নিয়া’ই৷ তদন্তৰ সময়ত লাভ কৰা অতিৰিক্ত তথ্যৰ ভিত্তিত আলফা (স্বাঃ)ৰ সদস্যভর্তিত পালন কৰা ভূমিকাৰ বাবে পৰেশ বৰুৱাসহ ৫জনক অভিযুক্ত কৰি তদন্তকাৰী সংস্থাটোৱে পৰিপূৰক চার্জশ্বীট দাখিল কৰিছে৷ ঘটনাৰ তদন্ত বর্তমানেও অব্যাহত ৰাখিছে ‘নিয়া’ই৷

You might also like