নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্রেমৱর্ক–২০২০; শীর্ষ ১০০ ত গুৱাহাটী-তেজপুৰ বিশ্ববিদ্যালয়
নিয়মীয়া বাৰ্তা, ১৪জুনঃ কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে প্রকাশ কৰা দেশৰ শিক্ষা প্রতিষ্ঠানসমূহৰ ৰেংকিঙত অসমৰ কেইবাখনো শিক্ষানুষ্ঠানে গুৰুত্বপূর্ণ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ মুঠ ৩,৮০০খন বিভিন্ন ক্ষেত্রৰ শিক্ষানুষ্ঠানক সামৰি প্রকাশ কৰা এই সমীক্ষাত সামগ্রিকভাৱে আই আই টি, গুৱাহাটীয়ে সপ্তম স্থান লাভ কৰিছে৷ ইঞ্জিনীয়াৰিঙৰ শিক্ষানুষ্ঠান হিচাপেও আই আই টি, গুৱাহাটীৰ স্থান সপ্তম৷
আনহাতে, সামগ্রিকভাৱে দেশৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ে ৬৫সংখ্যক, গুৱাহাটী বিশ্ববিদ্যালয়ে ৭২সংখ্যক আৰু শিলচৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকন’লজীয়ে ৯৪সংখ্যক স্থান লাভ কৰিছে৷ আইন শিক্ষা প্রতিষ্ঠানৰ তালিকাত কামৰূপৰ নেচনেল ল’ ইউনিভার্ছিটী এণ্ড জুডিচিয়েল একাডেমীয়ে ১৬সংখ্যক স্থান লাভ কৰিছে৷ একেদৰে কেৱল বিশ্ববিদ্যালয়সমূহ সামৰি চলোৱা সমীক্ষাত তেজপুৰ বিশ্ববিদ্যালয়ে ৩৯সংখ্যক, গুৱাহাটী বিশ্ববিদ্যালয়ে ৪৭সংখ্যক, ডিব্রুগড় বিশ্ববিদ্যালয়ে ৮৪ সংখ্যক স্থান লাভ কৰিছে৷
ফার্মাচী শিক্ষা প্রতিষ্ঠানসমূহৰ ক্ষেত্রত নেচনেল ইনষ্টিটিউট অৱ ফার্মাচিউটিকেল এডুকেচন এণ্ড ৰিছার্চ, গুৱাহাটী ১১সংখ্যক, ডিব্রুগড় বিশ্ববিদ্যালয় ৩৫সংখ্যক স্থানত আছে৷ উল্লেখ্য যে কেন্দ্রীয় মানৱ উন্নয়ন মন্ত্রালয়ে শেহতীয়াকৈ শিক্ষানুষ্ঠানসমূহক সামৰি ‘নেচনেল ইনষ্টিটিউট ৰেংকিং ফ্রেমৱর্ক–২০২০’ শীর্ষক সমীক্ষা প্রকাশ কৰিছিল৷ এই সমীক্ষা অনুসৰি সামগ্রিকভাৱে দেশৰ শ্রেষ্ঠ ৩খন শিক্ষানুষ্ঠান হ’ল আই আই টি, মাদ্রাজ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স, বাংগালুৰু আৰু আই আই টি, গুৱাহাটী৷