নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত লকডাউন কার্যকাৰিতাৰ ফলাফল ৮৬%

নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ বিশ্বক মৃত্যুৰ উপত্যকালৈ পর্যবসিত কৰা ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ হৈ থকা লকডাউনৰ কার্যকাৰিতাৰ ফলাফল লাভৰ ক্ষেত্রত গুৱাহাটীয়ে দেশৰ কেইবাখনো আগশাৰীৰ মহানগৰক চেৰ পেলাইছে ৷ গুৱাহাটীত লকডাউনৰ ফলাফল ৮৬ শতাংশ৷ ইয়াৰ বিপৰীতে দেশৰ ৰাজধানী দিল্লী, চণ্ডীগড়, বাংগালুৰু, চেন্নাই আদি গুৱাহাটীতকৈ পিছপৰি ৰৈছে৷ –এই গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিছে ‘টি আৰ এ’ নামৰ এটা সংস্থাই চলোৱা সমীক্ষাত৷ সংস্থাটোৱে ভাৰতৰ ১৬খন মহানগৰত যোৱা ১০ৰ পৰা ২২ এপ্রিললৈ চলোৱা ১২ দিনীয়া সমীক্ষাৰ অন্তত শেহতীয়াকৈ ইয়াৰ প্রতিবেদন ৰাজহুৱা হৈছে ৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি এই ১৬খন মহানগৰত সামগ্রিকভাৱে লকডাউনৰ কার্যকাৰিতাৰ ফলাফল ৯১ শতাংশ৷ অৱশ্যে লকডাউনৰ কার্যকাৰিতাৰ ফলাফল আৰু ৰূপায়ণত যথেষ্ট তফাৎ পৰিলক্ষিত হৈছে৷ সমীক্ষাটোৱে সামৰি লোৱা ১৬খন মহানগৰত সামগ্রিকভাৱে ৰূপায়ণ হৈছে ৭৪ শতাংশ লকডাউনৰ সিদ্ধান্ত ৷

‘ক’ৰোনা ভাইৰাছ কনজিউমাৰ ইনছাইটছ–২০২০’ শীর্ষক সমীক্ষাটোত উল্লেখ কৰা অনুসৰি গুৱাহাটীত লকডাউনৰ কার্যকাৰিতাৰ ফলাফল ৮৬ শতাংশ হ’লেও ইয়াৰ ৰূপায়ণৰ হাৰ হৈছে ৬২ শতাংশ৷ এইক্ষেত্রত ৫৬ শতাংশৰে একেবাৰে সর্বনিম্ন স্থানত বাংগালুৰু আছে৷ গুৱাহাটীৰ স্থান হ’ল ১৫সংখ্যক৷ সমীক্ষাটোৱে প্রধানতঃ লকডাউনৰ কার্যকাৰিতাৰ ফলাফল আৰু ইয়াৰ ৰূপায়ণৰ দিশটোকেই সামৰি লৈছিল৷ ১৬খন মহানগৰৰ ৯০২জন লোকক সামৰি লৈ চলোৱা সমীক্ষাটোত ফলাফল অনুসৰি লকডাউনৰ কার্যকাৰিতাৰ ফলাফলৰ ক্ষেত্রত ৯৮ শতাংশৰ ওপৰত আছে ৫খন মহানগৰ৷ কোৱেইৱাম্বাটোৰ, পুনে আৰু কোচিত এই ফলাফলৰ হাৰ ১০০ শতাংশ হোৱাৰ বিপৰীতে লক্ষ্ণৌত ৯৯ শতাংশ আৰু মুম্বাইত ৯৮ শতাংশ ফলাফল পোৱা গৈছে৷ ৯৫সংখ্যক ফলাফলেৰে কলকাতা ৬ নম্বৰ স্থানত থকাৰ বিপৰীতে আহমেদাবাদ আৰু হায়দৰাবাদৰ ক্ষেত্রত এই হাৰ হৈছে ক্রমে ৯৪ শতাংশ আৰু ৯১ শতাংশ৷ লকডাউন ৰূপায়ণৰ ক্ষেত্রত ৮৫ শতাংশৰে কলকাতা শীর্ষস্থানত আছে ৷ ইয়াৰ পাছতেই ৮৩ শতাংশৰে দ্বিতীয় স্থানত আছে জয়পুৰ আৰু কোৱেইৱাম্বাটোৰ ৷

একেটা সমীক্ষাতে মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছক লৈ দেশৰ বিভিন্ন মহানগৰৰ নাগৰিকসকল কিমান সচেতন, সেয়াও স্পষ্ট হৈছে৷ এইক্ষেত্রত নাগৰিকসকলৰ প্রতি ‘টি আৰ এ’ৰ প্রশ্ণ আছিল– ন’ভেল ক’ৰোনা ভাইৰাছক লৈ আপোনালোক কিমান সচেতন? এই প্রশ্ণৰ বিপৰীতে সমীক্ষাই সামৰি লোৱাসকলে প্রধানতঃ তিনিটা উত্তৰে দিছে৷ এই উত্তৰকেইটা হৈছে– আমি সম্পূর্ণৰূপে অৱগত, কিছু অৱগত আৰু একোৱেই নাজানো৷ অৱশ্যে প্রথম দুটা উত্তৰকে সমীক্ষাটোৱে অধিক গুৰুত্ব প্রদান কৰে৷ সেই অনুসৰি ‘সম্পূর্ণৰূপে অৱগত’ বুলি দিয়া উত্তৰৰ সামগ্রিক হাৰ হৈছে ৭৭ শতাংশ৷ গুৱাহাটীত ৯৩ শতাংশ নাগৰিকে ন’ভেল ক’ৰোনা ভাইৰাছক লৈ সম্পূর্ণৰূপে সচেতন বুলি সমীক্ষাত অৱগত কৰিছে৷ সেইদৰে ১৬খন মহানগৰৰ ৭৪ শতাংশ লোকে সমীক্ষাত ন’ভেল ক’ৰোনা ভাইৰাছক লৈ উদ্বেগ ব্যক্ত কৰিছে৷ সেইদৰে ৬৮ শতাংশৰ মুখত চাকৰি আৰু ব্যৱসায়–বাণিজ্যৰ ক্ষতিৰ বিষয়েও স্থান লাভ কৰিছে৷ বর্তমান পৰিস্থিতিত দৰমহা লাভত বিলম্ব হ’ব পাৰে, এনে আশংকা ব্যক্ত কৰিছে ৬২ শতাংশই৷ দেশৰ স্বাস্থ্য আৰু অর্থনৈতিক পৰিকাঠামোৰ ওপৰত ভৰসা ব্যক্ত কৰিছে উত্তৰ–পূর্বাঞ্চলৰ ৭২ শতাংশই৷ এই সমীক্ষাটো সন্দর্ভত টি আৰ এৰ মুখ্য কার্যবাহী বিষয়া এন চন্দ্রমৌলীয়ে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য এনেধৰণৰ– দেশৰ ২১ৰ পৰা ২৪ আৰু ৪৬ৰ পৰা ৫০ বছৰ বয়সৰ মানুহৰ মাজত বিশেষকৈ ন’ভেল ক’ৰোনা ভাইৰাছৰ তথ্য আৰু জ্ঞানৰ ব্যাপক অভাৱ দেখা পোৱা গৈছে৷ দিল্লী আৰু চণ্ডীগড়ত এই ভাইৰাছক লৈ ভুল তথ্যৰ প্রচাৰ আটাইতকৈ বেছি৷ অৱশ্যে ন’ভেল ক’ৰোনা ভাইৰাছৰ উপসর্গৰ ক্ষেত্রত দিল্লী আৰু মুম্বাইত সচেতনতা অধিক৷ সমীক্ষাটো চলোৱাৰ সময়ত মনোবিজ্ঞান আৰু সমাজ বিজ্ঞানৰ বিশেষজ্ঞসকলৰ সাহায্য লোৱা বুলি তেওঁ সদৰী কৰে ৷

You might also like