নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ হাগ্রামা মহিলাৰীয়ে ৰাজ্য চৰকাৰ আৰু নির্বাচন আয়োগক আন্ধাৰত সম্পত্তিৰ মিছা তথ্যৰে মনোনয়ন–পত্র দাখিল কৰিছে৷ –এই অভিযোগ ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ৷ কোকৰাঝাৰ চহৰস্থিত ইউপিপিএলৰ দলীয় কার্যালয়ত মঙলবাৰে বিয়লি আয়োজিত এখন সংবাদ মেলত বড়োৱে মহিলাৰীৰ অবৈধ সম্পত্তিৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ দাবী জনায়৷ মনোনয়ন–পত্রত হাগ্রামা মহিলাৰীয়ে দাখিল কৰা শপতনামাত উল্লেখ কৰা সম্পত্তিৰ মূল্যৰ লগত তেওঁৰ প্রকৃত সম্পত্তিৰ মূল্যৰ এক বৃহৎ পার্থক্য দেখা গৈছে বুলি বড়োৱে দাবী কৰে৷ যি সময়ত মহিলাৰীয়ে তেওঁৰ সম্পত্তিৰ মূল্য ৮৬ কোটিতকৈ সামান্য বেছি বুলি শপতনামাত উল্লেখ কৰিছে, সেই সময়তে দেখা গৈছে যে তেওঁৰ অপ্রকাশিত সম্পত্তিৰ মূল্য ঘোষিত সম্পত্তিৰ মূল্যতকৈ কেইবাগুণো বেছি৷ হাগ্রামা মহিলাৰীৰ অঘোষিত সম্পত্তিৰ মূল্য ১৯০ কোটি টকাৰো অধিক বুলি দাবী কৰি বড়োৱে কয় যে মহিলাৰীয়ে দুর্নীতিৰ সকলো অভিলেখ ভংগ কৰিছে৷ মহিলাৰীয়ে ৰাজহুৱা আঁচনিৰ ধন আত্মসাৎ কৰি বিটিআৰবাসীক শান্তি আৰু উন্নয়নৰ পৰা বঞ্চিত কৰিছে বুলিও কয় বড়োৱে৷ তেওঁ দাবী কৰা মতে, মহিলাৰীয়ে মনোনয়ন–পত্রৰ লগত উল্লেখ নকৰা সম্পত্তিৰ ভিতৰত আছে কোকৰাঝাৰত অৱস্থিত হোটেল গৌৰাং ভেলী, চিৰাঙৰ সমতাবাৰীৰ চম্পা বিটুমিন হট মিক্সাৰ প্লাণ্ট, কোকৰাঝাৰত অৱস্থিত এম আৰ এম হাস্পতাল, দুটা পেড্র’ল পাম্প, চম্পাৰ তিনিশ বিঘা ভূমি আগুৰি থকা ফিছাৰী, কোকৰাঝাৰত থকা ১০০০ বিঘা ভূমি আদি৷ তদুপৰি হাগ্রামা মহিলাৰীৰ অপ্রকাশিত ব্যৱসায়িক সম্পত্তিৰ মূল্য প্রায় ৭৩ কোটি ৪৬ লাখ বুলি
উল্লেখ কৰি ইউপিপিএলৰ সভাপতিগৰাকীয়ে দাবী কৰে যে দিল্লী, মুম্বাই, চেন্নাই, কলকাতা আৰু গুৱাহাটীত হাগ্রামাৰ এপার্টমেণ্ট, হোটেল আৰু ব্যৱসায়িক কমপ্লেক্স আছে৷ আনহাতে তেওঁৰ হাতত থকা বিলাসী মটৰ–গাডীৰ মূল্য ১.৯ কোটি আৰু হীৰাৰ মূল্য হ’ব ১.৬ কোটি৷ বণ্ড, শ্বেয়াৰ আৰু মিউচুৱেল ফাণ্ডত তেওঁৰ বিনিয়োগকৃত ধনৰ পৰিমাণ ১২০ কোটি৷ তেওঁৰ নামত ৬টা বেংক একাউণ্ট থকাৰ উপৰি তেওঁৰ পত্নীৰ নামত আছে ৩৮টা বেংক একাউণ্ট৷ সেইদৰে দুর্নীতিৰ দ্বাৰা কার্যবাহী পৰিষদৰ সদস্য, বিভিন্ন বিষয়া, যোগানকাৰী, ঠিকাদাৰ আদিয়ে পঞ্চায়ত আৰু গ্রামোন্নয়ন, অনুসূচিত জাতি–জনজাতিৰ উন্নয়ন, ক্রীডা, কৃষি, ৰেচম আৰু হস্ততাঁত, তথ্য আৰু জনসংযোগ, শিক্ষা, সমাজ কল্যাণ, ফিছাৰী আদি বিভিন্ন বিভাগৰ ধন আত্মসাৎ কৰাৰো অভিযোগ তোলে৷ তেওঁ লগতে কয়– হাগ্রামাৰ কার্যকালত এনৰেগা আঁচনিৰ দ্বাৰা সম্পূর্ণ হোৱা কামৰ পৰিমাণ হ’ল মাত্র ৩৫.৫ শতাংশ৷ জবকার্ডৰ হিতাধিকাৰীসকলে পাবলগীয়া ধনৰ মাত্র ২৭.৫ শতাংশ ধনহে তেওঁলোকক প্রদান কৰা হৈছে৷ আনহাতে যোৱা দুটা বছৰতে কেৱল জবকার্ডৰ নামতে ৪৫৭ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰি খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রী বিতৰণৰ নামত হাগ্রামা মহিলাৰীৰ চৰকাৰৰ দ্বাৰা ১৫০০ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি প্রমোদ বডোৱে দাবী কৰে৷ বিশুদ্ধ খোৱাপানীৰ আঁচনিৰ নামতো ৩০ কোটি টকাৰ দুর্নীতি বিটিআৰত সংঘটিত হৈছে৷ সংবাদ মেলখনত তেওঁ হাগ্রামা মহিলাৰী অনুসূচিত জনজাতিৰ এক ব্যক্তি হোৱাৰ সত্ত্বেও তেওঁ বিটিএডিত অনুসূচিত জাতিৰ ব’ডৰ অধ্যক্ষ পদত বহি অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে একো উন্নয়নমূলক কাম–কাজ হাতত নল’লে বুলি কয় প্রমোদ বডোৱে৷
প্রথম পর্যায়ত ইউপিপিএলে পাব ৯৯ শতাংশ আসনঃ প্রমোদ বড়ো
বিটিচিৰ প্রথম পর্যায়ৰ ভোটগ্রহণত ওদালগুৰি আৰু বাক্সা জিলাত ইউপিপিএল দলে ৯৯ শতাংশ আসন দখল কৰিছে আৰু অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ ভোটগ্রহণত দলটোৱে অনুৰূপ ফলাফল লাভ কৰি ১৫ ডিচেম্বৰত বিটিচি দখল কৰিব৷ এই দাবী ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ৷ আজি নির্বাচনী প্রচাৰৰ অন্তিম ক্ষণত বিটিচিৰ ৪নং যমদুৱাৰ সমষ্টিৰ দলীয় প্রার্থী জিৰণ বসুমতাৰীৰ হৈ সমষ্টিটোৰ কাশিয়াবাৰীত অনুষ্ঠিত বিশাল নির্বাচনী সভাত তেওঁ আৰু কয় যে বিপিএফৰ ১৫ বছৰীয়া শোষণ আৰু দুর্নীতিৰ অৱসান ঘটাই ইউপিপিএল দলে স্বচ্ছ আৰু নিকা চৰকাৰ উপহাৰ দিব বিটিচিবাসীক৷ হাগ্রামাৰ শাসনত বঞ্চিত–শোষিত ৰাইজে বিচৰা ধৰণে পৰিৱর্তন আনি বিটিচিত নিবনুৱা সমস্যা দূৰীকৰণ, উন্নয়ন, সম–বিকাশ আৰু শান্তিপূর্ণ সমাজ গঢ়ি তুলিবলৈ আমি বদ্ধপৰিকৰ৷ তেওঁ কয়– চৰকাৰী কোনো আঁচনি ৰূপায়ণৰ ক্ষেত্রত কোনো ধৰণৰ দুর্নীতিক প্রশ্রয় দিয়া নহ’ব৷