নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ২৫জন ক’ৰোনা আক্রান্তৰ নাই ট্রেভেল হিষ্ট্রীঃ ১২টা স্থানত কৰা হ’ব ৫০ হাজাৰ ছোৱাব টেষ্ট

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ মহানগৰীত দ্রুত হাৰত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্রেক্ষিতত গুৱাহাটীত পুনৰ লকডাউন ঘোষণাৰ সম্ভাৱনা আছে৷ শনিবাৰে এনে ইংগিতেই দিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে কয় যে গুৱাহাটীৰ পৰিৱেশ জটিল৷ যদি পৰিৱেশৰ অধিক অৱনতি ঘটে, তেন্তে পুনৰ এক লকডাউনৰ বাবে ৰাইজ সাজু হ’ব লাগিব৷

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা লোকে বিভিন্ন জিলাত ক’ৰোনা সংক্রমণ বৃদ্ধি কৰাৰ সময়তে হঠাৎ গুৱাহাটী মহানগৰীত অস্বাভাৱিক হাৰত চিনাক্ত হ’বলৈ লৈছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ যোৱা সময়ছোৱাত মহানগৰীৰ অলিয়ে–গলিয়ে ক’ভিড–১৯ পজিটিভ চিনাক্ত হোৱাটো স্বাভাৱিকতে চিন্তা আৰু উদ্বেগৰ কাৰণ হৈ পৰিছে৷ বিশেষকৈ যোৱা এমাহৰ ভিতৰতে ট্রেভেল হিষ্ট্রী নথকা ২৫জন লোক ক’ৰোনা আক্রান্ত ৰূপে চিনাক্ত হৈছে৷ এই লোককেইজন আক্রান্ত হোৱাৰ উৎস এতিয়াও অস্পষ্ট হৈ থকাৰ পৰিপ্রেক্ষিতত বিষয়টোক লৈ সমস্যাত পৰিছে স্বাস্থ্য বিভাগ তথা প্রশাসন৷ স্বাস্থ্য বিভাগে মহানগৰীৰ ১৫৩টা গুদামক সম্ভাব্য উৎস হিচাপে চিহ্ণিত কৰিছে৷

শনিবাৰে এন এইচ এমৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত গুৱাহাটীৰ পৰিস্থিতিক লৈ নিজৰ উদ্বিগ্ণতা প্রকাশ কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয়– গুৱাহাটীত ট্রেভেল হিষ্ট্রী নথকা যি ২৫জন লোক চিনাক্ত হৈছে, তেওঁলোকৰ সংক্রমণৰ উৎস নোহোৱাৰ ফলত ক’ৰোনাৰ লগত চলি থকা যুঁজখন বর্তমান চিন্তা আৰু উদ্বেগৰ কাৰণ হৈ পৰিছে৷ যিসকল লোক হোম কোৱাৰেণ্টাইনত আছে, তেওঁলোক বিশেষ চিন্তাৰ কাৰক নহয়, কিয়নো এই লোকসকলক বহিঃৰাজ্য অথবা বিদেশৰ পৰা অহাৰ পাছত কোৱাৰেণ্টাইন কৰা হৈছে৷ তেওঁলোকৰ বিষয়ে তথ্য আমাৰ হাতত আছে৷ কিন্তু মহানগৰীত আক্রান্ত হোৱা মনীষ তিবৰেৱাল, দীপিকা নাথ, বৰদা দাস, মুংৰু সাহানী, সঞ্জীৱ ছেত্রী, স্বপ্ণা বৰুৱা, কৃষ্ণকমল শইকীয়া, সন্তোষ ৰয়, অশোক শর্মা, জিতেন্দ্র পেটেল, গৌতম ছাজেদ, মিথুন দাস, নির্মল দে’, নিখিল কুমাৰ শ্বাহ, জয়ন্ত নাথ, সুশীলা দেৱী, প্রকাশ চন্দ্র জৈন, কামেশ্বৰ শ্বাহ, লক্ষ্মী মালাকাৰ, প্রদীপ দাস, সুৰেশ শ্বাহ, যমুনা দেৱী, ৰাজু ৰয়, ৰোহিত যাদৱ আৰু জিণ্টু নাথৰ ট্রেভেল হিষ্ট্রী আমাৰ হাতত নাই৷ গতিকে তেওঁলোকৰ সংক্রমণৰ উৎসক লৈ যোৱা কিছুদিন স্বাস্থ্য বিভাগে বিভিন্ন পৰীক্ষা কৰি থকাৰ অন্তত মহানগৰীৰ ১৫৩টা গুদাম ক’ৰোনা আক্রান্তৰ উৎস ৰূপে ধৰা পৰিছে৷ বহিঃৰাজ্যৰ পৰা সামগ্রী কঢ়িয়াই অনা বিভিন্ন ট্রাকে এই গুদামসমূহত লোডিং–আনলোডিং কৰে৷ এই ট্রাকসমূহে লোডিং–আনলোডিং কৰোঁতে তিনি–চাৰি দিন সময়ৰ প্রয়োজন হয়৷ এই সময়ছোৱাত চালকসকলক ভাৰত চৰকাৰৰ গাইড লাইন অনুসৰি কোৱাৰেণ্টাইন কৰা নহয়৷

শেহতীয়াকৈ কেইবাজনো লোক এই ট্রাকৰ গুদামৰ আশে–পাশে থকা অঞ্চলৰ সম্পর্কলৈ অহাৰ পাছত আক্রান্ত হৈছে৷ সেয়েহে এই গুদামবোৰত এতিয়া স্বাস্থ্য পৰীক্ষা আৰম্ভ হ’ব৷ সমান্তৰালভাৱে গুদামসমূহ কনটেইনমেণ্ট কৰা হ’ব৷ অর্থাৎ নির্দিষ্ট সীমাৰ ভিতৰত থাকি তেওঁলোকে কাম কৰিব পাৰিব৷ কিন্তু বাহিৰলৈ ওলাই আহিব নোৱাৰিব৷ তদুপৰি ট্রাকসমূহ পার্কিং কৰা অঞ্চল, পেট্র’ল পাম্প, ৱে’ব্রিজ আৰু ধাবাসমূহতো স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰা হ’ব৷ এটা দিশ স্পষ্ট হৈছে যে ট্রাকৰ এই গুদামসমূহৰ পৰাই ক’ৰোনাৰ সংক্রমণ অব্যাহত আছে৷ একমাত্র গুৱাহাটীয়েই নহয়, তিনিচুকীয়া, ডিব্রুগড়, যোৰহাট আদি ঠাইত থকা ট্রাকৰ গুদামসমূহতো স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷ মন্ত্রীগৰাকীয়ে এই সন্দর্ভত পুনৰ কয়– একমাত্রৰ ট্রাকৰ গুদামেই নহয়, মহানগৰীৰ কেইবাখনো ধাবাৰ লগতে ৰাষ্ট্রীয় ঘাইপথত থকা ধাবাৰ ওপৰতো চৰকাৰৰ নজৰ আছে৷ যোৱা সময়ছোৱাত ৰাজ্যলৈ বিভিন্ন লোক কঢ়িয়াই অনা বাছ অথবা আন বাহনৰ চালকে ঘূৰি যোৱাৰ সময়ত এই ধাবাবোৰত আহাৰ গ্রহণ কৰিছিল৷ গতিকে এই ধাবাসমূহত ভাইৰাছ থকাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি প্রতিখন ধাবাৰ কর্মচাৰীৰ ছোৱাব টেষ্ট সংগ্রহ কৰা হ’ব৷ অহা ১৬ জুনৰ পৰা ৩০ জুনলৈ অর্থাৎ ১৫ দিন গুৱাহাটী মহানগৰীত ৫০ হাজাৰ লোকৰ ছোৱাব টেষ্ট কৰা হ’ব৷ গুৱাহাটীৰ ১২টা স্থানত পুৱা ৯ বজাৰ পৰা বিভিন্ন লোকে স্বাস্থ্য পৰীক্ষাৰ বাবে আহিব পাৰিব৷ এই স্থানসমূহ হ’ল– গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্র মোহন চৌধুৰী হাস্পতাল, ধীৰেনপাৰা প্রাথমিক চিকিৎসালয়, পাণ্ডু প্রাথমিক চিকিৎসালয়, উলুবাৰী প্রাথমিক চিকিৎসালয়, দিছপুৰ, খানাপাৰা, ভেটাপাৰা, লখৰা, বামুণীমৈদাম, শান্তিপুৰ ৰাজ্যিক চিকিৎসালয় আৰু ওদালবাক্রা নিম্ন প্রাথমিক চিকিৎসালয়৷ এই ১২টা স্থানত যিসকল লোকৰ মনত সন্দেহ আছে, তেওঁলোকে নিঃসংকোচে আহি নিজৰ ছোৱাব টেষ্ট কৰাব পাৰিব৷

চিকিৎসালয়সমূহত প্রথম সাত দিন পৰীক্ষা কৰাৰ অন্তত যদি পজিটিভৰ সংখ্যা বৃদ্ধি পায়, তেন্তে ৰাজ্য চৰকাৰে লকডাউনৰ সিদ্ধান্ত ল’ব৷ চৰকাৰে ২৫জন লোক আক্রান্ত হোৱাৰ ভিত্তিতে পুনৰ পূর্ণ লকডাউনৰ সিদ্ধান্ত ল’ব খোজা নাই, ৫০ হাজাৰ লোকৰ পৰীক্ষাৰ ভিত্তিতহে এই সিদ্ধান্ত হ’ব৷ ৰাজ্য চৰকাৰে সমান্তৰালভাৱে বিষয়টো ৰাইজৰ লগত আলোচনা কৰাৰ লগতে পেট্র’ল পাম্প, পার্কিং, ধাবা আৰু ৱে’ব্রিজত ছোৱাব টেষ্ট অব্যাহত ৰাখিব৷

You might also like