নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গান্ধীবাদী নেত্রী হেম ভৰালীৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ বর্ষীয়ান মুক্তিযোদ্ধা, প্রবীণ গান্ধীবাদী নেত্রী, বিশিষ্ট সমাজসেৱিকা, পদ্মশ্রী হেম ভৰালীৰ বুধবাৰে পৰলোকপ্রাপ্তি ঘটে৷ গুৱাহাটীৰ গান্ধীবাদী নেত্রী হেম ভৰালীৰ দেহাৱসানপূব শৰণীয়াস্থিত নিজ বাসগৃহত বিয়লি ৩.৩০ বজাত স্বৰাজ আন্দোলনৰ বীৰাংগনা হেম ভৰালীয়ে ইহলীলা সম্বৰণ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০১ বছৰ৷ বিশিষ্ট সমাজসেৱিকা তথা স্বাধীনতা সংগ্রামী হেম ভৰালীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যত শোকৰ ছাঁ পৰে৷ উল্লেখ্য যে ১৯১৯ চনৰ ১৯ ফেব্রুৱাৰীত ঢকুৱাখনাৰ বামুণগাঁৱৰ এটা সম্ভ্রান্ত পৰিয়ালত হেম ভৰালীৰ জন্ম হৈছিল৷ এগৰাকী সুনিপুণ বক্তা, বর্ণিল ব্যক্তিত্বৰ অধিকাৰী আৰু দেশ তথা জাতিৰ উন্নয়নৰ কামত আজীৱন ব্রতী হেম ভৰালীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে জন্মস্থান ঢকুৱাখনাতো শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ সৰুৰে পৰা অত্যন্ত সাহসী আৰু মুকলিমূৰীয়াকৈ ডাঙৰ–দীঘল হোৱা হেম ভৰালীয়ে উত্তৰ লখিমপুৰত পঢ়া–শুনা কৰিছিল৷ স্কুলত পঢ়ি থাকোঁতেই হেম ভৰালীয়ে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল৷ পদ্মশ্রী, জাতীয় সংহতি বঁটা, ফখৰুদ্দিন আলি আহমেদ স্মাৰক বঁটাকে ধৰি জীৱনকালত বিভিন্ন বঁটা–বিভূষণেৰে বিভূষিত হোৱা হেম ভৰালীয়ে ’৪২ৰ স্বাধীনতা আন্দোলনত কেইবাবাৰো কাৰাবাস খাটিছিল৷ বিনোৱা ভাবেৰে ‘ভূদান যজ্ঞ’ত সক্রিয়ভাৱে অংশ লৈ ভৰালীয়ে কামৰূপৰ ৰঙিয়াকে ধৰি ৰাজ্যৰ ভিন্ন প্রান্তত পদব্রজে প্রচাৰকার্য চলাই জনসাধাৰণক উদ্বুদ্ধ কৰিছিল৷ ৱার্ধাত বুনিয়াদী শিক্ষাৰ প্রশিক্ষণ সম্পূর্ণ কৰি পিছলৈ তেওঁ গুৱাহাটীৰ পূব শৰণীয়াত থকা কস্তুৰবা আশ্রম স্থাপনত আগভাগ লৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ প্রচাৰ আৰু প্রসাৰৰ কামত গুৰিব’ঠা ধৰিছিল৷ কস্তুৰবা আশ্রমত সুদীর্ঘ দিন ধৰি সমাজ সংস্কাৰৰ কামত ব্রতী হৈ থকা ভাৰতৰ সংগ্রামী ইতিহাসৰ মহীয়সী হেম ভৰালীয়ে সমাজৰ বিভিন্ন শ্রেণীৰ মহিলাক একগোট কৰি আত্মসহায়ক গোট স্থাপনৰ জৰিয়তে বোৱা–কটা আদি খাদী, গ্রামোদ্যোগ, কুটীৰ শিল্পৰ জৰিয়তে স্বনিয়োজনৰ পথ দেখুওৱাৰ লগতে গান্ধী দর্শন আৰু গ্রাম স্বৰাজৰ সোপান ৰচিছিল৷ অসম চৰকাৰৰ মুক্তিযুঁজাৰু পেন্সনাৰ হেম ভৰালীয়ে বার্ধক্যজনিত কাৰণত প্রায় এমাহ গুৱাহাটীৰ এখন ব্যক্তিগত নার্ছিং হোমত চিকিৎসাধীন হৈ থাকি মৃত্যুৰ দুমাহ আগলৈকে তেওঁ নিজৰ বাসগৃহতে আছিল৷ মৃত্যুৰ পূর্বে তেওঁ জি এম চি এইচক দেহদান কৰি থৈছিল৷

   মৃত্যুৰ পাছত তেওঁৰ নশ্বৰ দেহ জি এম চি এইচলৈ নিয়া হয়৷ উল্লেখ্য যে হেম ভৰালীৰ শেষকৃত্য ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হ’ব৷ হেম ভৰালীৰ মৃত্যুৰ খবৰ পোৱা মাত্রকে বিভিন্নজনে শোক প্রকাশ কৰে৷ এক শোকবার্তাত স্বাধীনতা সংগ্রামী, গান্ধীবাদী নেত্রী তথা পদ্মশ্রী হেম ভৰালীৰ মৃত্যুত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে গভীৰ শোক প্রকাশ কৰে৷ স্বাধীনতা আন্দোলনত সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ লগতে আজীৱন দেশ আৰু মানুহৰ সেৱাত ব্রতী হেম ভৰালীৰ মৃত্যু ৰাজ্যখনৰ বাবে এক বৃহৎ ক্ষতি৷ ৰাজ্যপালে প্রয়াত ভৰালীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ ইফালে, বিশিষ্ট গান্ধীবাদী নেত্রী, স্বাধীনতা সংগ্রামী পদ্মশ্রী হেম ভৰালীৰ পৰলোকপ্রাপ্তিত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে৷  এক বিবৃতিযোগে মুখ্যমন্ত্রী সোণোৱালে কয় যে দেশৰ স্বাধীনতা সংগ্রামত সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ লগতে সমাজৰ দৰিদ্রজনৰ বাবে প্রয়াত হেম ভৰালীয়ে জীৱনকালত যি বিশিষ্ট সেৱা আগবঢ়াই গ’ল, সেয়া অসমৰ জনসাধাৰণে শ্রদ্ধাৰে স্মৰণ কৰিব৷ সর্বোদয় নেত্রীগৰাকীয়ে নাৰী সবলীকৰণৰ লগতে সমাজৰ দুর্বল শ্রেণীৰ আর্থ–সামাজিক উত্তৰণৰ বাবেও নিষ্ঠাৰে সেৱা আগবঢ়াই গৈছিল৷ ভূদান আন্দোলনৰ লগতো জড়িত প্রয়াত হেম ভৰালীয়ে দেশ তথা ৰাজ্যৰ সংকটৰ সময়ত সক্রিয় ভূমিকা গ্রহণ কৰি নতুন প্রজন্মৰ বাবে আদর্শ দেখুৱাই থৈ গৈছে৷ তেওঁৰ মৃত্যু আমাৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি৷ হেম ভৰালীৰ বিয়োগত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়া, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সম্পাদকপ্রধান কমলাকান্ত মুছাহাৰী আদিয়ে গভীৰ শোক প্রকাশ কৰে৷ লগতে প্রয়াত ভৰালীৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায় আৰু শোকসন্তপ্ত পৰিয়ালৰ সকলোলৈ সমবেদনা জ্ঞাপন কৰে৷ ইফালে বিদুষী মহিলাগৰাকীৰ মৃত্যুত ঢ়কুৱাখনা জ্যেষ্ঠ নাগৰিক সন্থা, ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলন, ঢ়কুৱাখনা আঞ্চলিক ছাত্র সন্থাকে ধৰি বহু দল–সংগঠনে শোক প্রকাশ কৰে৷

You might also like