নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্তাপাৰা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অনামিকাই

নিয়মীয়া বাৰ্তা, ৮ জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰা পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে ডিষ্টিংচনসহ সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে চলন্তাপাৰাৰ অনামিকা চুলতানা নামৰ ছাত্ৰী গৰাকীয়ে । চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী অনামিকাই আটাইকেইটা বিষয়ত লেটাৰসহ ৯৪.৬৬ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । চলন্তাপাৰাৰ শিক্ষক আনোৱাৰ চাদাত আৰু জেৰিফা বেগমৰ কণ্যা অনামিকাই সৰ্বমুঠ ৫৬৮ নম্বৰ লাভ কৰিছে । অনামিকাই অসমীয়াত ৯৫, ইংৰাজীত ৯৪, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৩, সমাজ বিজ্ঞানত ৮৮, আৰু উচ্চ গণিতত ৯৮ নম্বৰ লাভ কৰিছে । ছাত্ৰী গৰাকীৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালটোৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকল । কৃতী ছাত্ৰী গৰাকীক আজি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে একাংশ দল-সংগঠনে উষ্ম সম্বৰ্ধনা জনায় ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like