নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত টনকিয়াল ৰাজ্যৰ বিত্তীয় দিশ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: ২০১৬–১৭ বর্ষৰ পৰা ২০১৯–২০ বর্ষলৈ অসমৰ বার্ষিক গড় উন্নয়ন হাৰ ১২.৩৮ শতাংশ৷ কংগ্রেছ চৰকাৰৰ কার্যকালত ২০১৫–১৬ বর্ষত ৪২,০০০ কোটি টকা ব্যয়ৰ বিপৰীতে ২০১৯–২০ বর্ষত বাজেট ব্যয় প্রায় ৮২,০০০ কোটি টকা৷ কংগ্রেছ চৰকাৰৰ তুলনাত দুগুণ৷ ৰাজ্যখনৰ উন্নয়নৰ এই তথ্য দাঙি ধৰি বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ বিৰুদ্ধে সৰৱ হ’ল ৰাজ্যিক বিজেপি৷ দলৰ মুখপাত্র সুভাষ দত্তই শেহতীয়াকৈ দেৱব্রত শইকীয়াই ৰাজ্যৰ বিত্তীয় ব্যৱস্থাক লৈ কৰা মন্তব্যৰ প্রত্যুত্তৰ দি এইক্ষেত্রত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষতাৰে অসমৰ বিত্তীয় দিশ টনকিয়াল কৰা বুলি উল্লেখ কৰাৰ লগতে বাজেট ব্যয় বিগত বর্ষত ৮২,০০০ কোটি টকালৈ নিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে৷

এখন সংবাদ মেলত বিজেপিৰ মুখপাত্রজনে কয় যে বিৰোধী দলপতিজনে পূর্বৰ কংগ্রেছ চৰকাৰৰ কার্যকালতকৈ যে অধিক বৃদ্ধি হৈছে সেয়া উল্লেখ কৰা নাই৷ ২০১৫–১৬ বর্ষত ৪৯১৯.৯০ কোটি টকা মূলধনী ব্যয়ৰ তুলনাত ২০১৬–১৭ বিত্তীয় বর্ষত ১৭৩৪০.৪৩ কোটি টকা, ২০১৭–১৮ বিত্তীয় বর্ষত ২০,১৯৮ কোটি টকা, ২০১৮–১৯ বিত্তীয় বর্ষত ১৮,৯৪০.৫৫ কোটি টকা ব্যয় কৰা হৈছে৷ তদুপৰি ড০ শর্মাই বিত্ত বিভাগৰ দায়িত্ব লোৱাৰ পৰা পুঁজি ব্যৱহাৰৰ প্রমাণ–পত্র দাখিল সম্পূর্ণ কৰা হৈছে৷ ২০০১–০২ বিত্তীয় বর্ষৰ পৰা ২০১৬–১৭ বর্ষলৈ ৯,৩৭০খন পুঁজি ব্যৱহাৰৰ প্রমাণ–পত্র দাখিল কৰিব পৰা নাছিল৷

উল্লেখ্য যে কালি এখন সংবাদ মেলযোগে বিৰোধী দলপতি দেৱব্রত শইকীয়াই এইবুলি অভিযোগ কৰিছিল যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ২০১৯–২০ বিত্তীয় বর্ষত ৰাজহ ব্যয় শিতানত মূল বাজেটত ৭৯,৭৫০ কোটি আৰু ক্ষতিপূৰণ বাজেটত ১২,৪৬৪ কোটিসহ মুঠ ৯২,২১৪ কোটি টকা ধার্য কৰা হৈছিল৷ চৰকাৰখনে মূল বাজেটত ৯৯,২৯০ কোটি টকা আৰু ক্ষতিপূৰণ বাজেটৰ ২০,২৯০ কোটিসহ মুঠ ১,১৯,৭২০ কোটি টকাৰ বাজেট গৃহীত কৰি লৈছিল৷ কিন্তু ব্যয় পৰিমাণ আছিল ৮১,০০০ কোটি টকা অর্থাৎ ৬৭ শতাংশ৷ সেই দিশৰ পৰা মূল বাজেটৰ পুঁজিয়েই অব্যৱহূত হৈ ৰৈছে৷ বিৰোধী দলপতিৰ এনে অভিযোগৰ বিপৰীতে বিজেপিৰ মুখপাত্রজনে কয় যে দেৱব্রত শইকীয়াই বিধানসভাৰ ভিতৰত এই সম্পর্কে নিশ্চয় উত্তৰ পাব৷ কিন্তু ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টিৰ বাবে চৰকাৰখনৰ সফলতাসমূহত ঈর্ষান্বিত হৈ অপপ্রচাৰ চলোৱাটো হতাশাৰ প্রতিফলনৰ বাদে আন একো নহয়৷

কংগ্রেছী নেতাসকলে সম্প্রতি সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ঘোষণা কৰা আঁচনি ৰূপায়ণ সম্পর্কত মিথ্যাচাৰৰ আশ্রয় লৈছে৷ অসম চৰকাৰে ৰাজ্যখনৰ ১৪,৬০০ কিলোমিটাৰ পথ পকীকৰণ কৰিছে৷ আঠখন মেডিকেল কলেজ নির্মাণৰ কাম চলি আছে৷ তদুপৰি ৩০০খন চিকিৎসালয়, শতাধিক মডেল হাস্পতাল, ৫খন ইঞ্জিনীয়াৰিং কলেজ নির্মাণৰ কাম চলি আছে৷

You might also like