নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ ডেৰ লাখ লোক আহিল, এতিয়াও ১০ লাখৰো অধিক লোক আহিবলৈ বাকী আছেঃ স্বাস্থ্যমন্ত্ৰী

“বহিঃৰাজ্যৰ পৰা অসমলৈ বৰ্তমানলৈকে আহিছে ডেৰ লাখ লোক । এতিয়াও ১০ লাখৰো অধিক লোক আহিবলৈ বাকী আছে । শীঘ্ৰে বহিঃৰাজ্যৰ পৰা অহা ৰে’লৰ সংখ্যা বৃদ্ধি হ’ব আৰু এয়া অসম চৰকাৰৰ বাবে হ’ব বৃহৎ প্ৰত্যাহ্বান।” এই মন্তব্য স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

ইপিনে তেওঁ মন্তব্য কৰে যে ১৫৭ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে এনে সময়ত ৰাইজ সজাগ আৰু সচেতন হোৱাতো প্ৰয়োজন।

লগতে ৰাইজক সজাগ কৰিবৰ বাবে সংবাদ মাধ্যম আৰু বিভিন্ন সংগঠনলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই।

উল্লেখ্য যে, ৰাজ্যত প্ৰতিমুহূৰ্তত বাঢ়িছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। মঙলবাৰৰ দিনটোত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ৪২জনকৈ লোক। ইয়াৰ ভিতৰত আছে এটি দুমহীয়া শিশুও। ইয়াকে লৈ ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৫৭লৈ বৃদ্ধি ।

You might also like