নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাবর্ষ এপ্রিললৈ পিছুৱাই দিয়াৰ বাবে চৰকাৰক পৰামর্শ দিছে ৰাইজেঃ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  ক’ভিড–১৯ৰ ফলত সৃষ্টি হোৱা পৰিৱেশ–পৰিস্থিতিৰ ফলত ছাত্র–ছাত্রীৰ শিক্ষা গ্রহণত যথেষ্ট সমস্যা আহি পৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত গৰিষ্ঠসংখ্যক ৰাইজে চৰকাৰক শিক্ষাবর্ষ অহা এপ্রিল মাহপর্যন্ত পিছুৱাই দিবৰ বাবে পৰামর্শ আগবঢ়াইছে৷ –এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

বৃহস্পতিবাৰে ধেমাজিত উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত প্রশাসনিক বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়াবর্গৰ সৈতে মন্ত্রী ড০ শর্মা এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বার্তালাপত মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাবর্ষ পিছুওৱা সম্পর্কত ৰাইজৰ পৰা পৰামর্শ বিচাৰিছে৷ ৯০ শতাংশ লোকেই শিক্ষাবর্ষ এপ্রিল মাহপর্যন্ত পিছুৱাই দিবৰ বাবে পৰামর্শ আগবঢ়াইছে৷ ইয়াক কার্যকৰী কৰিলে আগন্তুক নতুন শিক্ষাবর্ষ এপ্রিলৰ পৰাহে আৰম্ভ হ’ব৷ এই ব্যৱস্থা প্রৱর্তন হ’লে চলিত শৈক্ষিক বর্ষত ছাত্র–ছাত্রীসকলৰ হোৱা ক্ষতিৰ জোৰা মাৰিব পৰাকৈ আৰু তিনি মাহ লাভ কৰিব৷

সেইদৰে চৰকাৰে দশম আৰু দ্বাদশ শ্রেণীৰ পাঠ্যক্রম শীঘ্রে আৰম্ভ কৰাৰ বাবে প্রস্তুতি চলোৱাৰ কথা উল্লেখ কৰি কয় যে প্রাথমিক পর্যায়ৰ বিদ্যালয়সমূহো খোলাৰ বাবে পৰিকল্পনা যুগুতাই থকা হৈছে৷ তেওঁ লগতে যোৱা এপ্রিল মাহৰ পৰা ৰাজ্যৰ বাহিৰত থকা কর্মৰত শ্রমিকসকলৰ একাউণ্টত মাহে দুহেজাৰ টকাকৈ প্রদান কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে অসমলৈ উভতি নহা শ্রমিকসকলৰ একাউণ্টত এই মাহতো পুনৰ দুহেজাৰ টকাকৈ প্রদান কৰা হ’ব৷ উপায়ুক্তৰ কার্যালয়ত হোৱা পর্যালোচনা বৈঠকখনত ড০ শর্মাৰ সৈতে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, সাংসদ প্রদান বৰুৱা, পল্লৱলোচন দাস, বিধায়ক ডাঃ ৰণোজ পেগু আৰু ভুবন পেগুও উপস্থিত থাকে৷

You might also like