নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাৰ পৰা ১৭ খন ৰে’লেৰে আহিব ২৫ হাজাৰ যুৱক–যুৱতী

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ বহিঃৰাজ্যৰ পৰা অহা লোকৰ দ্বাৰা ৰাজ্যত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱাৰ সময়তে কেৰালাৰ পৰা ১৭খন ৰে’লেৰে অসমলৈ আহি আছে ২৫ হাজাৰ যুৱক–যুৱতী তথা ছাত্র–ছাত্রী৷ শনিবাৰে এই তথ্য সদৰী কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

এখন সংবাদ মেলত মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি বহিঃৰাজ্যৰ পৰা আহিব লগা লোকসকলৰ অধিকাংশই ইতিমধ্যে অসমত প্রৱেশ কৰিছে৷ কেৰালা চৰকাৰে প্রেৰণ কৰিব লগা এই ২৫ হাজাৰ ছাত্র–ছাত্রী অহাৰ পাছত অসমত ক’ৰোনা আক্রান্তৰ সংখ্যা হঠাৎ ঊর্ধ্বমুখী হোৱাৰ সম্ভাৱনা আছে৷

ইতিমধ্যে শনিবাৰে দুখন ৰে’লে কেৰালাৰ পৰা যাত্রা আৰম্ভ কৰিছে৷ অসম চৰকাৰে কেৰালা চৰকাৰক এই ১৭খন ৰে’লৰ ভাৰাৰ ধন আদায় দিছে৷ কেৰালাৰ লগতে বাংগালুৰুৰ পৰাও দুখন ৰে’লে অসমলৈ কঢ়িয়াই আনিব বহু লোক৷ অৱশ্যে মহাৰাষ্ট্র, গুজৰাট, চেন্নাই অথবা দিল্লীৰ পৰা অহা লোকসকলে যি হাৰত ক’ৰোনা সংক্রমণ বৃদ্ধি কৰিছিল, তেনে সংক্রমণ কেৰালাৰ পৰা অহা লোকৰ দ্বাৰা বৃদ্ধিৰ সম্ভাৱনা কম৷ মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে অসমলৈ এতিয়ালৈ উভতি আহিছে ১,৭৩,৪৯৩জন লোক৷ ইয়াৰে বাছ বা আন বাহনেৰে অসমলৈ উভতি আহিছে ৬৫,১৫৬জন লোক৷ ১২৪খন ৰে’লেৰে ৬৮,৬৩০জন লোক আৰু ৪৫২খন বিমানেৰে ৩৯,৭৩০জন লোক উভতি আহিছে৷ অসমলৈ উভতি অহা লোকৰ সমান্তৰালকৈ ৰাজ্যখনৰ পৰা ওলাই গৈছে ২০,১৫৬জন লোক৷ ৰে’লেৰে ৬,৭৫৬জন লোক অসমৰ পৰা ওলাই যোৱাৰ বিপৰীতে গুৱাহাটীৰ পৰা বিমানেৰে ওলাই গৈছে ৩৫০জন লোক৷

আনহাতে, উত্তৰ–পূবৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ উভতি আহিছে ৬৭ হাজাৰজন লোক৷ ইফালে, ৰাজ্যত ১ জুনৰ পৰা আজিৰ দিনটোলৈ মুঠ ২,০১,৫০৩জন লোকক পৰীক্ষা কৰা হৈছে বুলি স্বাস্থ্যমন্ত্রীগৰাকীয়্ সংবাদ মেলত অৱগত কৰে৷ তেওঁ কয়– ১৩ দিনৰ ভিতৰতে ২ লাখৰ অধিক লোকক পৰীক্ষা সম্পূর্ণ কৰাটো অসমৰ দৰে ৰাজ্যৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ দিশ৷ এটা সময় আছিল আমি ক’ৰোনা পৰীক্ষাৰ ক্ষেত্রত কেৱল পশ্চিমবংগৰ আগত আছিলোঁ৷ কিন্তু এতিয়া পঞ্জাব, মহাৰাষ্ট্র, চণ্ডীগড়, ওড়িশা, কেৰালা, উত্তৰাখণ্ড, ছত্তিশগড়, পশ্চিমবংগ, মধ্যপ্রদেশ, ঝাৰখণ্ড, উত্তৰপ্রদেশ, বিহাৰ এই ৰাজ্যকেইখনৰ তুলনাত আমাৰ পৰীক্ষা অধিক হৈছে৷ মহাৰাষ্ট্র, পশ্চিমবংগ, গুজৰাটৰ তুলনাত অসমৰ ক’ৰোনা পৰীক্ষা অধিক হোৱাটো যথেষ্ট উল্লেখযোগ্য দিশ৷ আমাৰ তুলনাত কর্ণাটক, হাৰিয়ানা, হিমাচল প্রদেশ, ৰাজস্থান, তামিলনাডু, অন্ধ্রপ্রদেশ আৰু দিল্লীয়ে অধিক পৰীক্ষা সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে অহা ৩০ জুনৰ ভিতৰত অসমে ৩ লাখ লোকৰ ক’ৰোনা পৰীক্ষা কৰিবলৈ সক্ষম হ’ব৷ এই জটিল সময়ৰ মাজতো ৰাজ্যত এতিয়া ১১টা পৰীক্ষাগাৰত ছোৱাব পৰীক্ষা কৰি থকা হৈছে৷ অহা সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰু এটা পৰীক্ষাগাৰ মুকলি কৰা হ’ব৷

মন্ত্রী ড০ শর্মাই শনিবাৰে আন এক তথ্য সদৰী কৰি উল্লেখ কৰে যে কোৱাৰেণ্টাইনত থকা লোকসকলক মানসিকভাৱে শক্তিশালী কৰি ৰাখিবলৈ ২২০জন মনোবিজ্ঞানীয়ে স্বেচ্ছাই কাউঞ্চেলিং প্রদান কৰিব৷ মনোবিজ্ঞান বিশেষজ্ঞ মৈথিলী হাজৰিকা, বর্ণালী দাস আৰু শ্যামন্ত দাসৰ নেতৃত্বত আৰম্ভ কৰা এই কার্যসূচীৰ নাম দিয়া হৈছে ‘মনন’৷

১০৪ৰ জৰিয়তে ফোন কৰিলে এইসকল বিশেষজ্ঞই সহযোগিতা আগবঢ়াব৷ তেওঁ ইয়াকো কয় যে ৰাজ্যত এতিয়ালৈ ৩৪৫জন লোকক হোটেলত কোৱাৰেণ্টাইন কৰা হৈছে৷ ইয়াৰ বাবদ ৰাজ্য চৰকাৰে ব্যয় কৰিছে ২৬ কোটি টকা৷ আনহাতে, হোম কোৱাৰেণ্টাইনত ৪০ হাজাৰজন লোক ৰখা হৈছে৷ তেওঁলোকক ২ হাজাৰ টকাকৈ আদায় দিয়াৰ বাবদ ৮ কোটি টকা ব্যয় কৰিছে চৰকাৰে৷ একেদৰে বহিঃৰাজ্যত থকা পৰিয়ালক আদায় দিয়া ধনৰ বাবদ ১৫৩ কোটি টকা ব্যয় কৰা হৈছে৷

You might also like