নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত চিকিৎসালয়ৰ পৰা পলায়ন কৰা ছাদ্দাম হুছেইন কোন..

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ হোজাইৰ যোগীজানৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা বুধবাৰে এজন ক’ৰোনা আক্রান্তই পলায়ন কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ এই লোকজনৰ নাম ছাদ্দাম হুছেইন৷ হাজোৰ এই যুৱকজন কেইদিনমান পূর্বে কাকীত এজন লোকৰ এ টি এম কার্ড চুৰি কৰি ধৰা পৰিছিল৷ কাকী আৰক্ষীয়ে যুৱকজনৰ ৰেপিড টেষ্ট কৰাত ক’ৰোনা আক্রান্ত বুলি চিনাক্ত হয়৷ পাছত যুৱকজনক যোগীযান ক’ভিড কেন্দ্রত ৰখা হৈছিল৷ বুধবাৰে তাৰ পৰাই যুৱকজনে পলায়ন কৰে৷ ফলত অঞ্চলটোত গণ সংক্রমণৰ আশংকাই দেখা দিছে৷ ইফালে হোজাই জিলা উপায়ুক্ত কার্যালয়ৰ চাৰিজনকৈ কর্মচাৰী আক্রান্ত হৈছে৷ যমুনামুখত থকা বন্ধন বেংকৰ কার্যালয়ৰো চাৰিজনকৈ কর্মচাৰী পজিটিভ চিনাক্ত হৈছে৷ এই ঘটনাক লৈ আতংকিত হৈ পৰিছে যমুনামুখবাসী৷

You might also like