অসমৰ ভূমি বেদখল ৰোধত ব্যর্থ গৃহ বিভাগঃ দেৱব্রত শইকীয়া
নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ ‘চুবুৰীয়া ৰাজ্যৰ ক্রমাগতভাৱে চলি অহা আগ্রাসনৰ পাছতো ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ নির্লিপ্ততা দুর্ভাগ্যজনক৷ শেহতীয়াকৈ মিজোৰামে ধলাই সমষ্টিত অসমৰ সীমাৰ তিনি কিলোমিটাৰ ভিতৰলৈ সোমাই আহি বেদখল অব্যাহত ৰাখিছে৷ কিন্তু ৰাজ্য চৰকাৰখনে এই দিশত কোনো গুৰুত্ব দিয়া নাই৷’– সীমান্তত চলা বেদখলক লৈ আজি এনেদৰে সৰৱ হ’ল বিৰোধী দলপতি দেৱব্রত শইকীয়া৷ ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি বিধায়ক দেৱব্রত শইকীয়াই কয় যে কাছাৰ আৰু কৰিমগঞ্জ জিলাত মিজোৰ আগ্রাসনৰ বাবে স্থানীয় বাসিন্দাসকলে ঘৰ–বাৰী এৰি পলাবলগা গৈছে৷ ইতিমধ্যে মিজো দুর্বৃত্তই অসমৰ দুখনকৈ বিদ্যালয় বোমাৰে ধ্বংস কৰাৰ পাছত অসমৰ ভূমিত চেকগেট বগুৱাই আগ্রাসন অব্যাহত ৰাখিছে৷ একমাত্র কাছাৰ–কৰিমগঞ্জতে নহয়, লাম্পি, মৰিয়নি, দলদলি বনাঞ্চল, গেলেকী আদি সীমান্তৱর্তী এলেকাসমূহতো চুবুৰীয়া ৰাজ্যত আগ্রাসন অব্যাহত আছে যদিও এই আগ্রাসন প্রতিৰোধত সম্পূর্ণভাৱে ব্যর্থ হৈছে ৰাজ্যৰ গৃহ বিভাগ৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইক্ষেত্রত চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে৷ দেৱব্রত শইকীয়াই ইয়াকো কয় যে অসমৰ ভূমি মিজোৱে বেদখল কৰাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে অর্ধসামৰিক বাহিনী নিয়োগ কৰিছে যদিও এই অর্ধসামৰিক বাহিনী অসমৰ ভূমিতহে মোতায়েন হৈছে৷ ইয়াৰ দ্বাৰা মিজোৰামে অসমৰ ভূমি নিজৰ বুলি কৰা দাবীক একপ্রকাৰ মানি লোৱাৰ দৰে হৈছে৷ বিজেপিয়ে উত্তৰ–পূবত ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকাৰ কথা কৈ থাকে৷ কেন্দ্র আৰু ৰাজ্যত বিজেপিৰে চৰকাৰ চলি থকাৰ পাছতো সীমা সমস্যা অধিক জটিল হৈ পৰাটো দুর্ভাগ্যজনক৷ এয়া গৃহ বিভাগৰ ব্যর্থতাৰ বাহিৰে আন একো নহয়৷ ইফালে, ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে চৰকাৰ গঠন কৰি কলাক্ষেত্রত সভা অনুষ্ঠিত কৰিব বুলি শেহতীয়াকৈ চলা চর্চা সন্দর্ভত বিৰোধী দলপতিজনে কয়– কলাক্ষেত্রত সকলোৱে সভা অনুষ্ঠিত কৰিব পাৰে৷ সেয়া একো ডাঙৰ কথা নহয়৷ পাকিস্তান দূতাবাস বা বাংলাদেশ দূতাবাসেও কোনো কার্যসূচী কলাক্ষেত্রত কৰিব খুজিলে ৰাজ্য চৰকাৰে অনুমতি দিব পাৰে৷ সেয়ে বদৰুদ্দিন আজমলেও কলাক্ষেত্রত সভা অনুষ্ঠিত কৰিব পাৰিব৷