ভোটগ্ৰহণৰ ব্যৱস্থাপনা কেনেদৰে কৰিছে নিৰ্বাচন আয়োগে, পৰিচালনাত আছে কেৱল মহিলা কর্মচাৰী
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ আজি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিখুঁত ব্যৱস্থাপনা কৰিছে নিৰ্বাচন আযোগে। মুঠ ৪৭ সমষ্টিৰ প্রতিটো কেন্দ্রতে যাতে ভোটগ্রহণ প্রক্রিয়া মুক্ত–নিকা–শান্তিপূর্ণ্ সম্পন্ন হয়, তাৰ বাবে নিৰাপত্তাৰ দিশটোৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে৷ সমান্তৰালভাৱে ক’ভিডকালত অনুষ্ঠিত ভোটগ্রহণত যাতে মহামাৰীৰ সংক্রমণ নঘটে, সেই কথাৰ প্রতি লক্ষ্য ৰাখি ‘সুৰক্ষা’ৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিছে নির্বাচন আয়োগে৷
অসম আৰক্ষীৰ তৰফৰ পৰা সদৰী কৰা তথ্য অনুসৰি তিনিটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া অসমত কেন্দ্রীয় সশস্ত্র বাহিনী আৰু ৰাজ্যিক সশস্ত্র আৰক্ষীৰ মুঠ ৩৭৫টা কোম্পানী মোতায়েন কৰা হৈছে৷ কেৱল প্রথম পর্যায়ৰ নির্বাচনৰ বাবেই নিয়োজিত হৈছে নিৰাপত্তা বাহিনীৰ ৩০০টা কোম্পানী৷ অৱশ্যে ইয়াৰে ২৮টা কোম্পানী ষ্ট্রং ৰুম আৰু অন্য আইন–শৃংখলাজনিত কর্তব্যৰ দায়িত্বত থাকিব৷
প্রতিটো ভোটগ্রহণ কেন্দ্রতেই এজন কনিষ্টবল আৰু এজনকৈ গৃহৰক্ষী বাহিনীৰ জোৱানক নিয়োজিত কৰা হৈছে৷ বাকী স্পর্শকাতৰ ভোটকেন্দ্রসমূহক নিৰাপত্তা বাহিনীৰ দলে সামৰি ল’ব৷ প্রথম পর্যায়ৰ নির্বাচনত মুঠ ৪৭৯টা কেন্দ্রৰ ভোটগ্রহণ প্রক্রিয়া পৰিচালনা কৰিব কেৱল মহিলা বিষয়া–কর্মচাৰীয়ে৷ লগতে নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি অসমৰ মুখ্য নির্বাচনী বিষয়াই ভোটগ্রহণৰ নিৰীক্ষণ প্রক্রিয়াত ৱেবকাষ্টিঙৰ সংযোগ কৰিছে৷
সেই অনুসৰি ৰাজ্যখনৰ মুঠ ভোটকেন্দ্রৰ প্রায় ৫০ শতাংশত বিশেষকৈ শংকাকুল, স্পর্শকাতৰ, জটিল আৰু অধিক ভোট থকা কেন্দ্রসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব৷ প্রথম পর্যায়ৰ নির্বাচনৰ ৫,৭৭২টা কেন্দ্রত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ এই ব্যৱস্থাৰ জৰিয়তে নির্দিষ্ট কেন্দ্রসমূহৰ ভোটগ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় আৰু নির্বাচন আয়োগৰ কার্যালয়ৰ পৰাই পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পৰা যাব৷
সেইদৰে ক’ভিড–১৯ৰ সম্ভাব্য সংক্রমণৰ প্রতি লক্ষ্য ৰাখি প্রতিটো ভোটকেন্দ্রতে নির্বাচন আয়োগে ইতিপূর্বে জাৰি কৰা গাইডলাইন অনুসৰি কঠোৰভাৱে বলৱৎ হ’ব ক’ভিড প্রট’কল৷ ইফালে এইবাৰ সমগ্র অসমৰ বাবে ৫২টাকৈ ষ্ট্রং ৰুমৰ ব্যৱস্থা কৰা হৈছে৷ প্রতিটো পর্যায়ৰে ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছত ই ভি এমসমূহ এই ষ্ট্রং ৰুমত নিশ্চিত নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হ’ব৷