নিয়মীয়া বাৰ্তা ২৭ মেঃ ক’ভিড প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা বিভিন্ন নীতি–নির্দেশনাই ব্যাপক প্রভাৱ পেলাইছে ৰাজ্যৰ কৃষি খণ্ডত৷ সাপ্তাহিক আৰু অর্ধসপ্তাহিক বজাৰসমূহ সম্পূর্ণৰূপে বন্ধ কৰাৰ লগতে ৰাজ্যত দিনৰ ১২ বজাৰ পৰাই সান্ধ্য আইন বলৱৎ কৰাত উৎপাদিত ফচল বজাৰত বিক্রী কৰিবলৈ সক্ষম নোহোৱাত হাহাকাৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত৷ এই বিপদৰ মাজতে ৰাজ্যৰ কৃষকসকললৈ নামি আহিছে আন এক দুর্যোগ৷ অধিক ফচল উৎপাদনৰ লক্ষ্যৰে কৰা শ শ বিঘা কৃষিভূমিত ধানৰ সলনি পতান ওলোৱাত মূৰে–কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ খেতিয়কসকলে৷ কৃষি বিভাগৰ নির্লিপ্ততাৰ বাবেই এতিয়া প্রাপ্যৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে খেতিয়কসকলে৷ বিশেষকৈ নামনি অসমৰ বিভিন্ন অঞ্চলত শ শ বিঘা ভূমিত ধানৰ সলনি পতান ওলাইছে বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিভিন্ন অঞ্চলত কৃষকসকলে উন্নত ধানৰ বীজ কিনি খেতি কৰিছিল৷ শ্রীৰাম নামৰ এবিধ উন্নত জাতৰ ধানৰ বীজ আনি এই লোকসকলে কেইবাশ বিঘা ভূমিত ৰোপণ কৰিছিল৷ কিন্তু শেহতীয়াকৈ এই ধানৰ পৰা পতান ওলোৱাত অঞ্চলটোৰ কৃষকসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ সেইদৰে বৰক্ষেত্রীৰ প্রায় ৫০০ বিঘা ভূমিত প্রুথী নামৰ ধানৰ বীজ আনি খেতি কৰিছিল কৃষকসকলে৷ কিন্তু এই কৃষিভূমিতো ধানৰ সলনি ওলাইছে পতান৷ এই অঞ্চলসমূহৰ খেতিয়কসকলে কৃষি বিভাগৰ সৈতে যোগাযোগ কৰিছিল যদিও বর্তমানলৈকে বিভাগটোৰ কোনো বিষয়াই এই অঞ্চলসমূহ পৰিদর্শন কৰা নাই৷
ইফালে, নামনি অসমৰ আন বিভিন্ন অঞ্চলত বজাৰৰ অভাৱত খেতিপথাৰতে নষ্ট হৈছে ফচল৷ হাজোৰ শিলগুৰি, টাঙোনমাৰী, বামুন্দী, হালোগাঁও আদি অঞ্চলত স্থানীয় ৰাইজে কেইবাবিঘা ভূমিত তৰমুজৰ খেতি কৰিছিল৷ এই খেতিপথাৰসমূহত যথেষ্ট তৰমুজ উৎপাদন হৈছিল যদিও ক’ভিডৰ বাবে উপযুক্ত বজাৰ তেওঁলোকে লাভ নকৰিলে৷ ফলত পথাৰতে পচি গ’ল শ শ তৰমুজ৷ জানিব পৰা মতে অঞ্চলটোৰ লোকসকলে বিত্তীয় ঋণ লৈ এই তৰমুজৰ খেতি কৰিছিল৷
সেইদৰে ৰূপহীহাটৰ ভূৰবন্ধাত বিক্রী কৰিব নোৱাৰি খেতিয়কে শাক–পাচলি গৰুক দানা হিচাপে খুৱাবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ বাক্সাত বিঘা বিঘা ভূমিত তিঁয়হ, জলকীয়া, বেঙেনা, তিতা কেৰালা, ভোল আদি পাচলি নষ্ট হৈছে৷ যাৰ বাবে খেতিয়কসকল ব্যাপক লোকচানৰ সন্মুখীন হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিগত বর্ষৰ দৰে এইবাৰো ক’ভিডৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছতে ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ বিশেষ নীতি–নির্দেশনা৷ চহৰ অঞ্চলসমূহ আৰু ইয়াৰ সংলগ্ণ অঞ্চলসমূহত দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰাৰ লগতে দিনৰ ১১ বজাৰ পৰা সকলো দোকান–পোহাৰ বন্ধ কৰিবলৈ নির্দেশ দিয়া হৈছে৷
সেইদৰে গ্রামাঞ্চলসমূহতো দিনৰ ২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰাৰ লগতে ৫ জুন পর্যন্ত বন্ধ কৰিছে আন্তঃজিলা যাতায়াত৷ ফলত খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত শাক–পাচলি বজাৰলৈ প্রেৰণ কৰাত অসুবিধাৰ সন্মুখীন হৈছে৷ খাদ্য–সামগ্রী আৰু শাক–পাচলিৰ পৰিবহণৰ ক্ষেত্রত কোনো নিষেধাজ্ঞা প্রদান কৰা হোৱা নাই যদিও কৃষিভূমিৰ পৰা খেতিয়কসকলৰ উৎপাদিত ফচল সংগ্রহ কৰি বজাৰলৈ অনাৰ সুচল ব্যৱস্থা কৰাৰ পদক্ষেপ এতিয়াও গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই ৰাজ্যৰ কৃষি বিভাগ৷ বিভাগটোৰ এনে নির্লিপ্ততাই স্বাভাৱিকতে ৰাজ্যৰ কৃষকসকলক বিপাঙত পেলাইছে৷ অতুল বৰাই পুনৰ কৃষি বিভাগৰ দায়িত্ব নতুনকৈ গ্রহণ কৰিছে যদিও বিগত বর্ষতো একেই সমস্যাৰ সন্মুখীন হৈছিল কৃষকসকল৷ সেয়েহে ক’ভিডসৃষ্ট পৰিৱেশৰ পাছত কৃষকসকলৰ বাবে সুপৰিকল্পিত ব্যৱস্থা গ্রহণ কৰাটো কঠিন কাম নাছিল৷ কিন্তু এতিয়াও ৰাজ্যত কৃষকসকলৰ ফচলৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আছে৷