নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাত মই ৰাইজৰ মুখপাত্র হ’ব বিচাৰোঁঃ অখিল গগৈ

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত অসমবাসীলৈ পত্রযোগে এক আহ্বান জনাইছে ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে৷ সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অখিল গগৈয়ে এক বিবৃতিত কয়– মই অসম বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্র হ’ব খোজোঁ৷ চৰকাৰে কৰা প্রতিটো জনগণবিৰোধী কামক প্রতিৰোধ কৰিব খোজোঁ আৰু সঠিক সমালোচনাৰে চৰকাৰক জনগণৰ পক্ষত থাকিবলৈ বাধ্য কৰিব খোজোঁ৷ অসম চৰকাৰে যাতে দিল্লীৰ ওচৰত আত্মসমর্পণ নকৰে, দিল্লীৰ এজেণ্ট নহয়, ৰাইজৰ প্রতিনিধি ৰূপে দিল্লীত জাতিটোৰ সমস্যা আৰু স্বার্থক যাতে দৃঢ়তাৰে তুলি ধৰে, তাৰ বাবে মই যুক্তি আৰু তথ্যৰে সকলো জনপ্রতিনিধিক পতিয়ন নিয়াব খোজোঁ অথবা সতর্ক কৰি দিব বিচাৰোঁ৷ বিধানসভাত লোৱা যিকোনো জনগণবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আৰু অসমবাসীৰ মৌলিক সমস্যাৰ স্থায়ী সমাধানৰ বাবে সিংহৰ দৰে গৰজি উঠিব খোজোঁ৷ মই দৃঢ়তাৰে কওঁ যে ৰাজপথৰ সংগ্রামৰ পৰা এয়া পলায়ন নহয়, জনগণৰ সংগ্রামক সংসদত দৃঢ়তাৰে উত্থাপনৰ বাবে এয়া উত্তৰণ৷ ২০২১ চনৰ বিধানসভা নির্বাচনত মই ঐতিহ্যপূর্ণ ১০৮নং শিৱসাগৰ বিধানসভা সমষ্টিৰ প্রার্থী ৰূপে শিৱসাগৰ সমষ্টিৰ সকলো ৰাইজৰ মৰম আৰু আদৰ বুটলিব খোজোঁ৷ মোক এই সমষ্টিটোত ভোট দি অসমৰ আপোচবিহীন জাতীয় সংগ্রামখনক আগুৱাই নিয়ক৷ মই অসমৰ সকলো সদাশয় নাগৰিক আৰু সচেতন যুৱক–যুৱতীসকলক্ অনুৰোধ জনাওঁ অহা ২৭ মার্চত হ’বলগীয়া নির্বাচনৰ বাবে আপোনালোকে মোৰ হৈ প্রচাৰ আৰু ভোট সংগ্রহ কৰিবলৈ শিৱসাগৰলৈ আহক৷ অন্ততঃ এসপ্তাহ–দহ দিন থাকি শিৱসাগৰত ৰাইজৰ দলৰ প্রচাৰ অভিযানত সহায় কৰক৷ নিজৰ জমা ধন নাই বুলি উল্লেখ কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ভাৰতীয় ষ্টেট বেংকৰ দিছপুৰ শাখাতIFSC-SBIN0003030, A/C No-40061709121 ত ধন দি সহায় কৰিবলৈও ৰাইজক আহ্বান জনায়৷

শিৱসাগৰবাসী ৰাইজলৈ তেওঁৰ প্রতিশ্রুতি– ‘ৰজাদিনীয়া শিৱসাগৰৰ ঐতিহ্য আৰু ‘অৰুনোদই’ৰ পৰা আৰম্ভ হোৱা শিৱসাগৰৰ আধুনিক বৌদ্ধিক ঐতিহ্যৰ সমন্বয়েৰে শিৱসাগৰ সমষ্টিক এনেদৰে জাকত জিলিকাকৈ সজাম যে প্রকৃত অর্থত শিৱসাগৰ ভাৰতবর্ষৰ ‘আইকনিক ছাইট’ত পৰিণত হ’ব৷ শিৱসাগৰক অসমৰ অন্যতম শিক্ষিত সমষ্টি ৰূপে গঢ়ি তুলিম, প্রতিটো পৰিয়ালৰ এজনকৈ সদস্যক স্থায়ী সংস্থাপনৰ আঁচনি ল’বলৈ, প্রতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান দিবলৈ, প্রতিডৰা পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰৰ সকলো সময়তে খেতি কৰা আদর্শ সমষ্টি ৰূপে গঢ়ি তুলিবলৈ, প্রতিটো পৰিয়ালক মাটিৰ পট্টা দিবলৈ, শিৱসাগৰ নগৰক শ্রেষ্ঠতম চাফ–চিকুণ নগৰ ৰূপে গঢ়ি তুলিবলৈ আৰু আজান ফকীৰৰ ঐতিহ্যৰ শিৱসাগৰক সমন্বয়ৰ সংস্কৃতিৰ থলী ৰূপে গঢ়িবলৈ মোৰ তন, মন আৰু চৰকাৰী–বেচৰকাৰী ধন ঢ়ালি দিম৷’ বিবৃতিটোত অখিল গগৈয়ে লগতে কয়–‘মোক বিধায়ক ৰূপে জয়ী কৰাওক, মই মোৰ সর্বস্ব ঢ়ালি দিম শিৱসাগৰৰ লগতে দেশমাতৃৰ সেৱাৰ বাবে৷ কথা দিলোঁ– বিধায়ক পুঁজিৰ প্রতিটো নয়া পইচাৰ সদ্ব্যৱহাৰ হ’ব৷ শিৱসাগৰৰ প্রতিটো চৰকাৰী কার্যালয় দুর্নীতিমুক্ত আৰু স্বচ্ছ কৰি তুলিবলৈ সর্বতোপ্রকাৰৰ চেষ্টা কৰিম৷ সমষ্টিবাসীৰ সুখে–দুখে একেলগে থাকিম৷ ৰাইজে বেয়া পোৱা কোনো জাতিদ্রোহী কাম নকৰোঁ৷’
সমষ্টিবাসীলৈ অখিলৰ ১০ প্রতিশ্রুতি
আজি ৰাইজৰ দলৰ শিৱসাগৰ সমিতিয়ে এখন সংবাদ মেল সম্বোধন কৰে৷ কাৰাৰুদ্ধ নেতাগৰাকীয়ে শিৱসাগৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰা সন্দর্ভত আহ্বান কৰা সংবাদ মেলত ৰাইজৰ দলৰ উপ–সভাপতি ৰঞ্জিত তামুলীয়ে অখিল গগৈৰ হৈ শিৱসাগৰ সমষ্টিবাসীক নেতাগৰাকীৰ প্রতি ভোটদান কৰিবলৈ আহ্বান জনায়৷ নির্বাচনৰ প্রাক্মুহূর্তত অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ ৰাইজক প্রদান কৰা দহটা প্রতিশ্রুতিৰ দস্তাবেজ মুকলি কৰে গগৈৰ মাতৃ প্রিয়দা গগৈয়ে৷ এই প্রতিশ্রুতিসমূহত শিৱসাগৰ সমষ্টিক আত্মসংস্থাপন, বৌদ্ধিক উত্তৰণ, পর্যটন, স্বাস্থ্য আৰু দুর্নীতি দূৰ কৰাৰ প্রতিশ্রুতি দি সমষ্টিটোক আগবঢ়াই নিয়াৰ প্রতিশ্রুতি দিয়া হৈছে৷ জাতীয় স্বার্থক অগ্রাধিকাৰ দি ৰাইজৰ পক্ষত থকাৰ প্রতিশ্রুতি দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ উক্ত প্রতিশ্রুতি–পত্রত শিৱসাগৰৰ পর্যটনৰ সমলসমূহ উজলাই তুলি শিৱসাগৰক ভাৰতৰ ভিতৰতে এক জাকত জিলিকা সমষ্টি ৰূপে গঢ় দিয়াৰ কথা দিয়া হৈছে৷ লগতে ‘শিৱসাগৰ দর্শন’ নামৰ এক আঁচনিৰ দ্বাৰা সুন্দৰ আৰু গৌৰৱময় শিৱসাগৰ গঢ়াৰ প্রতিশ্রুতি দিছে কাৰাৰুদ্ধ নেতাগৰাকীয়ে৷ সামান্তৰালভাৱে অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ ৰাইজলৈ এখন পত্র প্রেৰণ কৰিছে৷ বিজেপিৰ কুশাসনৰ ফলত অসম আৰু অসমীয়াৰ ক্ষতি উল্লেখ কৰি তেওঁক কিদৰে বে–আইনীভাৱে কাৰাৰুদ্ধ কৰি ৰখা হৈছে, সেই কথা উদঙাই দি তেওঁৰ মুক্তিৰ স্বার্থত শিৱসাগৰ সমষ্টিৰ ৰাইজক তেওঁৰ প্রতি ভোটদান কৰিবলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে৷ আজিৰ সংবাদ মেলত শিৱসাগৰ ৰাইজৰ দলৰ কার্যকৰী সভাপতি অনুপ বৰপাত্র গোহঁাই, জিলা সভাপতি মুনীন্দ্র লাহন, জিলাৰ সম্পাদক মুজিদ আলী, জিলাৰ কার্যকৰী সভাপতি নগেন দিহিঙীয়া উপস্থিত থাকে৷ উল্লেখ্য যে আজি ১০৮নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্রার্থী অখিল গগৈক ভাৰতৰ নির্বাচন আয়োগে নির্দলীয় প্রার্থী ৰূপে পাইপ লগোৱা গেছ চিলিণ্ডাৰৰ নির্বাচনী প্রতীক প্রদান কৰে৷

You might also like