নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ ২০১৬ চনৰ বিধানসভা নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি বিগত পাঁচ বছৰীয়া শাসনকালত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ কৰিছে আঞ্চলিক গণ মর্চাই৷ যাৰ বাবে পাঁচ বছৰীয়া কার্যকালৰ সফলতাৰ কাম–কাজৰ পৰিৱর্তে এইবাৰ ধর্মীয় মেৰুকৰণেৰে বিজেপিয়ে ভোট আদায়ৰ চেষ্টা চলাইছে বুলিও সাংসদ অজিত ভূঞা নেতৃত্বাধীন দলটোৱে প্রকাশ কৰিছে৷ সোমবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি আঞ্চলিক গণ মর্চাৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে বিজেপিক প্রত্যাহ্বান জনাই কয়– ‘নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে অসমত হোৱা আন্দোলনৰ প্রভাৱ এতিয়াও বিদ্যমান৷ যাৰ বাবে উজনিত খুঁটি পুতিবলৈ সক্ষম হোৱা নাই বিজেপি মিত্রজোঁট৷ এই নির্বাচনত উজনি অসমত খুব ভাল ফলাফল প্রদর্শন কৰিব কংগ্রেছৰ মহাজোঁটে৷ উজনি অসমত বিজেপি তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ এইবাৰ সাম্প্রদায়িক আৰু প্রতাৰক বিজেপিক বিদায় দিব ৰাইজে৷ প্রধানমন্ত্রী, গৃহমন্ত্রীকে ধৰি শীর্ষ নেতৃবৃন্দই আহি অসমত মাৰাথন প্রচাৰ চলাইছে৷ আমি তেওঁলোকক প্রত্যাহ্বান জনাইছোঁ৷ যদি তেওঁলোকৰ সাহস আছে, তেনেহ’লে ‘কা’ বলৱৎ কৰি জাতি ৰক্ষা কৰিম বুলি ভোটভিক্ষা কৰক৷ ২০১৬ চনত দিয়া প্রতিশ্রুতি কেইটা পালন কৰিলে, তাৰ খতিয়ান ৰাইজৰ ওচৰত দাঙি ধৰি ভিক্ষা কৰিবলৈও আমি প্রত্যাহ্বান জনাইছোঁ৷’
ইফালে, প্রধানমন্ত্রীৰ পৰা আৰম্ভ কৰি বিজেপিৰ সৰু–বৰ নেতাই আজমলক প্রতিখন নির্বাচনী সভাত সমালোচনা কৰা প্রসংগত বৰদলৈয়ে কয় যে বিজেপিয়ে কেৱল সাম্প্রদায়িক ৰাজনীতি আৰম্ভ কৰিছে৷ প্রতিখন সভাত আজমল মুখ্যমন্ত্রী হ’ব বুলি তেওঁলোকে ৰাইজক ভয় খুৱাবলৈ আৰম্ভ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৈকে সকলোৱে আজমলৰ ভয়–ভাবুকি দি ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে৷ বর্তমান চৰকাৰৰ শাসনকালত দুগুণ হাৰত ছিণ্ডিকেট আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়– ‘বিজেপিৰ নেতা–মন্ত্রীৰ পৃষ্ঠপোষকতাত দুগুণ হাৰত ছিণ্ডিকেট অব্যাহত আছে৷ কংগ্রেছে কি কৰিলে বুলি বিজেপিয়ে নির্বাচনী সভাত প্রশ্ণ উত্থাপন কৰে৷ কংগ্রেছে স্থাপন কৰা বিমানবন্দৰ এতিয়া বিজেপিয়ে পুঁজিপতিক গতাই দিছে৷ এই বিমানবন্দৰ বিজেপিয়ে নির্মাণ কৰা নাছিল৷ তৈল খাদসমূহ বিক্রী কৰিবলৈ আৰম্ভ কৰিছে৷ নির্বাচনী প্রতিশ্রুতিৰ সম্পূর্ণ বিপৰীত কাম এই চৰকাৰখনে কৰিবলৈ আৰম্ভ কৰিছে৷ সেয়েহে আমি ৰাইজক আহ্বান জনাইছোঁ– যদি অসমক বচাব বিচাৰিছে, তেনেহ’লে অসমক বিজেপিৰ পৰা বচাওক৷’
ইফালে, অসমৰ বীৰ–বীৰাংগনাক বিকৃত তথ্যৰে বিজেপি নেতাসকলে অপমানিত কৰিছে বুলিও আঞ্চলিক গণ মর্চাৰ নেতৃবৃন্দই অভিযোগ কৰিছে৷ সংবাদ মেলত সেয়েহে অসমৰ বীৰ–বীৰাংগনাক অপমান কৰাৰ লগতে অসমৰ ইতিহাস বিকৃত কৰাৰ পৰা আঁতৰি থাকিবলৈ বৰদলৈয়ে আহ্বান জনায়৷ একে সময়তে আঞ্চলিক গণ মর্চাই প্রতিদ্বন্দ্বিতা কৰা বোকাখাত আৰু দিছপুৰ সমষ্টিত জয়ী হ’ব বুলিও তেওঁ প্রকাশ কৰে৷ বিশেষকৈ বোকাখাত সমষ্টিত মন্ত্রী অতুল বৰাৰ নেতৃত্বত তথাকথিত আঞ্চলিকতাবাদী ৰাজনীতিৰ প্রতি সমষ্টিবাসীৰ ভৰসা নাইকিয়া হৈছে বুলিও উল্লেখ কৰে৷ একে সময়তে পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা নির্দলীয়ভাৱে প্রার্থিত্ব আগবঢ়োৱা কাজী নেকিব আহমেদক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলিও সদৰী কৰে৷ আজিৰ সংবাদ মেলত দলটোৰ উপ–সভাপতি মেহদি আলম বৰা আৰু সাধাৰণ সম্পাদক প্রণৱ চেতিয়া উপস্থিত থাকে৷