গায়ক–গায়িকা লৈ নাহিলে কংগ্রেছৰ মিটিঙলৈ মানুহেই নাহে
সমষ্টিয়ে সমষ্টিয়ে ব্যাপক প্রচাৰ মন্ত্রী পীয়ূষৰ
নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনৰ প্রচাৰ তুংগত উঠিছে৷ আজি ১৫ ডিচেম্বৰৰ বিয়লি অন্ত পৰিব এই পৰিষদীয় নির্বাচনৰ প্রচাৰৰ৷ এনে প্রেক্ষাপটত এই নির্বাচনত অৱতীর্ণ হোৱা ৰাজনৈতিক দলসমূহে নিজ নিজ মনোনীত প্রার্থীক লগত লৈ বিভিন্ন পন্থা অৱলম্বন কৰি অব্যাহত ৰাখিছে নির্বাচনী প্রচাৰ অভিযান৷ শাসকীয় বিজেপি, বিৰোধী কংগ্রেছ, তিৱা জাতীয় ঐক্যমঞ্চ, অগপ কিম্বা নির্দলীয়– এই সকলোৱে নিজৰ মনোনীত আৰু সমর্থিত প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ জোৰদাৰ কৰি তুলিছে৷ জাগীৰোডৰ পৰিষদীয় সমষ্টিত একেৰাহে এইকেইদিন বিজেপিৰ প্রার্থীৰ হৈ ব্যাপক নির্বাচনী প্রচাৰ চলোৱা দেখা গৈছে মন্ত্রী পীয়ূষ হাজৰিকাক৷ আজি ঘগুৱা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্রার্থী মিহিৰাম বৰদলৈৰ হৈ নির্বাচনী প্রচাৰ চলোৱা মন্ত্রী হাজৰিকাই কংগ্রেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ কংগ্রেছৰ বিৰুদ্ধে তেওঁ কয় যে গায়ক লৈ নাহিলে কংগ্রেছৰ মিটিঙত মানুহেই নহয়৷ জাতীয়তাবাদী শিবিৰৰ পৰা গৈ কংগ্রেছত যোগদান কৰা অগপৰ প্রাক্তন মন্ত্রী বুবুল দাসকো আক্রমণৰ লক্ষ্য কৰি লয় মন্ত্রী হাজৰিকাই৷ বুবুল দাস সন্দর্ভত মন্ত্রী পীয়ূষে কয় যে বুবুল দাসে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে৷ কিয়নো ডেৰ বছৰ পূর্বে কংগ্রেছত যোগদান কৰা প্রাক্তন মন্ত্রী বুবুল দাস বিজেপি চৰকাৰৰ এখন পৰিষদৰ অধ্যক্ষৰ দায়িত্বত আছিল আৰু এই পৰিষদখনৰ পৰা পদত্যাগ নকৰাকৈয়ে আজিপর্যন্ত তেওঁ পঞ্চাশ হাজাৰ টকাকৈ দৰমহা লৈ আছে৷ ই এক লাজৰ বিষয় বুলিও প্রাক্তন মন্ত্রীজনক কটাক্ষ কৰে মন্ত্রী হাজৰিকাই৷