ছয়গাঁৱত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চই যোজনাৰ আঁচনি উদ্বোধন স্থানীয় বিধায়কৰ
নিয়মীয়া বাৰ্তা, ৮ জুনঃ জলসিঞ্চন বিভাগৰ জৰিয়তে হাতত লোৱা ‘প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা’ৰ অধীনত ছয়গাঁৱৰ পুৰাণ কটহী গাঁৱত বিধায়ক ৰেকিবুদ্দিন আহমেদে বুধবাৰে সৌৰশক্তি চালিত পানী পাম্পৰ শুভ উদ্বোধন কৰে। ২৬ টা বিদ্যুৎ চালিত আৰু ২৪ টা সৌৰশক্তি চালিত মুঠ ৫০ টা পানী পাম্প উক্ত অঞ্চলটোত স্থাপন কৰা হৈছে। এটা পাম্পৰ জৰিয়তে প্ৰায় ত্ৰিশ বিঘা ভূমিত পানী যোগান ধৰিব পাৰিব। আনহাতে, ছয়গাঁও সমষ্টিত পুনৰ ৯০টা এনে পানী পাম্প কৃষকৰ বাবে অনুমোদন হোৱা বুলিও জানিবলৈ দিয়ে। এই সভাত জলসিঞ্চন বিভাগৰ কামৰূপ চক্ৰৰ অধীক্ষক অভিযন্তা ময়ূৰ ভূঞা, জলসিঞ্চন বিভাগৰ বকো-ছয়গাঁও সমণ্ডলৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্ত্রা সঞ্জীৱ ভট্টাচাৰ্য, বকো সংমণ্ডলৰ সহকাৰী অভিযন্ত্রা আতিকুৰ ৰহমান, ছয়গাঁও সংমণ্ডলৰ সহকাৰী অভিযন্ত্রা দেৱজিৎ কোঁৱৰ, সমাজকৰ্মী জিতেন শালৈ, পঞ্চায়ত সদস্যা কুসুম কলিতা লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত জলসিঞ্চন আঁচনিৰ সুবিধা লাভ কৰা কেইবাগৰাকী হিতাধাকাৰীক সম্বৰ্ধনা জনায় ।
প্ৰেৰক বিশ্বজিত কলিতা