নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ আদালতঃ বিধায়ক গুৰুজ্যোতি দাসৰ বিৰুদ্ধে তদন্তৰ নির্দেশ

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ এ পি এছ চি কেলেংকাৰিত ৰাজনৈতিক প্রভাৱ খটুৱাই তদন্তৰ আওতাৰ পৰা নিজকে নিলগাই ৰখা মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস এইবাৰ সাঙোৰ খাই পৰিছে শিক্ষক নিযুক্তি কেলেংকাৰিত৷ বিধায়ক হোৱাৰ পূর্বেই শিক্ষক হিচাপে কার্যনির্বাহ কৰা গুৰুজ্যোতি দাসৰ শিক্ষক নিযুক্তিৰ ক্ষেত্রতো সংঘটিত হৈছিল কেলেংকাৰি৷ এই নিযুক্তিও সেই সময়ৰ চৰকাৰে অবৈধ বুলি চিহ্ণিত কৰিছিল৷ আনকি এই নিযুক্তি বাতিল কৰিবলৈ সেই সময়ৰ শিক্ষা বিভাগে জাননী জাৰি কৰিছিল৷ উক্ত অবৈধ নিযুক্তিৰ বাবে ইতিমধ্যে মঙলদৈৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু হোৱা গোচৰ সন্দর্ভত আৰক্ষীক তদন্ত কৰি ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে আদালতে৷ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ২/২০২১ নম্বৰৰ গোচৰটো সন্দর্ভত আৰক্ষীক উক্ত অবৈধ নিযুক্তি সন্দর্ভত গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰিবলৈ স্পষ্ট নির্দেশ দিয়ে৷

মন কৰিবলগীয়া যে ১৯৯৬ চনৰ ২৮ ডিচেম্বৰত শিক্ষা বিভাগে ৰাজ্যৰ প্রাথমিক আৰু মজলীয়া বিদ্যালয়সমূহত খালী হৈ থকা ৭,৫০০ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ ইয়াৰ ভিতৰত দৰং জিলাত ২৭৪টা শিক্ষকৰ পদো আছিল৷ সেই মতে জিলাখনত শিক্ষক নিযুক্তিৰ বাবে ১৯৯৭ চনৰ ৩০ এপ্রিলত এখন উপদেষ্টা সমিতি গঠন কৰা হৈছিল৷ সমিতিখনে আবেদনকাৰী প্রার্থীসকলৰ সাক্ষাৎকাৰ গ্রহণ কৰি ১৯৯৯ চনৰ ২৬ ফেব্রুৱাৰীত ১৬৪জন নির্বাচিত প্রার্থীৰ তালিকা প্রকাশ কৰে৷ কিন্তু ১৬৪জন প্রার্থীৰ বিপৰীতে দৰং জিলাত নিযুক্তি লাভ কৰে ৩০২জনে৷ ইয়াৰে এজন আছিল গুৰুজ্যোতি দাস৷ আনকি তেওঁৰ আত্মীয় তিনিগৰাকীৰ নামো এই তালিকাত অন্তর্ভুক্ত হৈছিল৷ শিক্ষা বিভাগে প্রকাশ কৰা ১৬৪জনীয়া তালিকাত গুৰুজ্যোতি দাসৰ নাম নথকাৰ পাছতো ১৯৯৯ চনৰ ৪ ডিচেম্বৰত গুৰুজ্যোতি দাসে শিক্ষক পদত নিযুক্তি লাভ কৰে৷ এই কেলেংকাৰি পোহৰলৈ অহাৰ পাছত জিলা উপায়ুক্তৰ নির্দেশত দণ্ডাধীশ পর্যায়ৰ তদন্ত আৰম্ভ হয়৷ উক্ত তদন্ত অনুসৰি বিধায়কজনে শালৈপাৰা প্রাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল৷

পাছত ২০০১ চনৰ ৪ এপ্রিলত তেওঁ ৪০নং মোৱাবাৰী প্রাথমিক বিদ্যালয়লৈ বদলি হৈ আহে আৰু একেটা বছৰৰ ১০ অক্টোবৰলৈ উক্ত বিদ্যালয়খনতে শিক্ষকতা কৰি দৰমহা লাভ কৰি থাকে৷ আৰ টি আইৰ জৰিয়তে লাভ কৰা এই তথ্যত আন এক ভয়ংকৰ বিষয় স্পষ্ট হয়৷ তথ্য অনুসৰি বিধায়ক গুৰুজ্যোতি দাসে শালৈপাৰা প্রাথমিক বিদ্যালয়ৰ পৰা বদলি হৈ আহিছিল যদিও তেওঁ উক্ত বিদ্যালয়খনত যোগদান কৰাৰ কোনো তথ্য শিক্ষা বিভাগৰ ওচৰত নাই৷ পৰৱর্তী পর্যায়ত জিলা উপায়ুক্তৰ তদন্ত অনুসৰি ৰাজ্যৰ প্রাথমিক শিক্ষা সঞ্চালকে প্রকৃত প্রার্থীৰ অনুমোদিত তালিকাৰ বাহিৰে অতিৰিক্তভাৱে নিযুক্তি লাভ কৰা শিক্ষকসকলৰ নিযুক্তি বাতিল কৰে৷ এই বাতিল হোৱা শিক্ষকসকলৰ ভিতৰত গুৰুজ্যোতি দাসো আছিল অন্যতম৷ সেই অনুসৰি গুৰুজ্যোতি দাসে শিক্ষক হিচাপে নিযুক্তি লাভ কৰাটো আছিল সম্পূর্ণ অবৈধ৷ তেওঁৰ এই জালিয়াতিৰ বিৰুদ্ধে তদন্ত বিচাৰি শেহতীয়াকৈ মঙলদৈৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল হৈছিল এখন আবেদন৷ উক্ত আবেদনৰ ভিত্তিতে আজি তেওঁৰ বিৰুদ্ধে আৰক্ষীক গোচৰ ৰুজু কৰি তদন্ত কৰাৰ নির্দেশ দিয়া হয়৷

You might also like