নিয়মীয়া বাৰ্তা, ২ জুলাই : কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ছেৰফাংগুৰিস্থিত জনতা কলেজৰ ছেমিনাৰ হল কক্ষত কালি মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ উদ্যোগত বিভাগটোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুপ্ৰাৰণামূলক অনুষ্ঠান লগতে ষষ্ঠ চেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায়ী সভা অনুষ্ঠিত হয় । জানিবলৈ দিয়া মতে, অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপিকা ডঃ সুজাতা ভদ্ৰৰ সভাপতিত্বত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয় । এই অনুষ্ঠানটোৰ উদ্বোধনীমূলক বক্তব্য আগবঢ়ায় মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক ডঃ দাহাল খুংগুৰ নাৰ্জাৰীয়ে।পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক অগ্ৰগতিৰ বাবে অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যাপক আৰু অধ্যাপিকাসকল ক্ৰমে ডঃ লীনা শৰ্মা, বিভা ৰাণী নাথ, চিৰতি স্বৰ্গয়াৰী,বিমান বৰা, তাৰাইনা বসুমাতাৰী, অলক সিং আদিয়ে । এই অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ডঃ নয়নজ্যোতি দাসে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰে। অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপিকা ডঃ সুজাতা ভদ্ৰই নিজৰ স্বভাৱসূলপ ৰসাল ভাষণেৰে উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত শিক্ষা লাভৰ জৰিয়তে ভাল মানুহ হবলৈ আহ্বান জনায় । শেষত অৰ্থনীতি বিভাগৰ গুৰু শাখাৰ ষষ্ঠ চেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ এই অনুষ্ঠানত জৰিয়তে বিদায় দিয়া হয়। লগতে অৰ্থনীতি গুৰু শাখাৰ ষষ্ঠ ষাণ্মাষিকৰ ছাত্ৰী বিদিন্তা ব্ৰহ্ম আৰু উচ্চ মাধ্যমিকৰ চুৰান্ত পৰিক্ষাত বিশেষ কৃতিত্ব দেখুৱা প্ৰিয়া বসুমাতাৰীৰ বিশেষভাবে সন্মৰ্ধনা জনোৱা হয়।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী