বিশ্ব মানচিত্রত জিলিকিল গোলাঘাটঃ আন্তঃৰাষ্ট্রীয় আগৰ বাণিজ্য কেন্দ্রৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ আত্মনির্ভৰশীল ভাৰতৰ আত্মনির্ভৰশীল অসম গঢ়িবৰ বাবে দেশৰ মোদী চৰকাৰে যথেষ্ট আঁচনি গ্রহণ কৰিছে৷ অসমৰ সর্বাংগীণ উন্নয়নৰ হকে বিজেপি মিত্রজোঁটৰ চৰকাৰখনে সদায় নতুন নতুন আঁচনি গ্রহণ কৰিছে৷ কালি অসমৰ বুকুত, গোলাঘাটৰ বুকুত আন্তঃৰাষ্ট্রীয় আগৰ বাণিজ্য কেন্দ্রৰ আধাৰশিলা স্থাপন কৰাৰ লগে লগে অসমৰ মানচিত্র, গোলাঘাটৰ নাম বিশ্বৰ মানচিত্রত জিলিক ৰ’ব৷ –গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ডাবিডুবিৰ শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলৰ ভূমিখণ্ডত অসম আগৰ আন্তঃৰাষ্ট্রীয় বাণিজ্য কেন্দ্রৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এনেদৰে মন্তব্য কৰে৷
মুখ্যমন্ত্রী সোণোৱালে ভাষণ প্রসংগত কয় যে অসমৰ গ্রাম্য অর্থনীতি বৃদ্ধিৰ বাবে বঙাইগাঁৱত এক বৃহৎ প্রকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ উজনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত সাঁচি গছৰ বৃহৎ বজাৰ শ শ বছৰ ধৰি চলি আহিছিল যদিও কৃষকে লাভ কৰা নাছিল উচিত মূল্য৷ হোজাইৰ পৰা নিয়ন্ত্রিত সাঁচি বজাৰখন কেইজনমান মুষ্টিমেয় লোকে কৃষকক শোষণ কৰি চলাই আহিছিল৷ কিন্তু এতিয়াৰ পৰা সাঁচি খেতিয়কে লাভ কৰিব উচিত মূল্য৷ নাথাকিব কোনো মধ্যভোগীৰ দপদপনি৷
আন্তঃৰাষ্ট্রীয় গ্রাহকে ভিৰ কৰিব গোলাঘাটত আৰু কৃষকে পোনপটীয়াকৈ গ্রাহকৰ লগত সংযোগ কৰিব পাৰিব৷ কেইবাকোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া এই আন্তঃৰাষ্ট্রীয় আগৰ বাণিজ্য কেন্দ্র নির্মাণৰ বাবে নিবিদাপ্রাপ্ত ঠিকাদাৰকো উদ্দেশ্যি কয় যে নির্দিষ্ট সময়সীমাৰ ভিতৰত এই কেন্দ্র নির্মাণ কৰি গতাই দিব লাগিব৷ নির্মাণকার্যত দুর্নীতি হ’লে ঠিকাদাৰী প্রতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সকীয়নি দিয়ে৷
সভাত উদ্যোগ আৰু বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা, সাংসদ কামাখ্যাপ্রসাদ তাছা, বিধায়ক মৃণাল শইকীয়া, ঋতুপর্ণ বৰুৱা, মমিনুল আৱাল, অমিয় কুমাৰ বৰা, হৰিপ্রসাদ দত্ত আদি ভালেসংখ্যক লোক উপস্থিত থাকে৷