ড০ শর্মাক হত্যাৰ ষড়যন্ত্ৰ তিনি অভিযুক্তক লৈ আৰক্ষীৰ তদন্ত অব্যাহত
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ৰাজ্যৰ প্রভাৱশালী মন্ত্রী, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক হত্যাৰ ষড়যন্ত্র কৰা ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই হত্যাৰ ষড়যন্ত্রকাৰী তিনি অভিযুক্ত তথা আলোচনাপন্থী আলফা নেতা প্রদীপ গগৈ, কার্বি আংলঙৰ এগৰাকী বিজেপি নেতাৰ ভাতৃ মানৱ পাঠক আৰু কেটু মুডিক ঘটনা সংক্রান্তত মাৰাথন জেৰা চলাই আছে৷ এই সংক্রান্তত আৰক্ষী সূত্রই জনোৱা মতে, যোৱানিশা তিনিওজন অভিযুক্তক মুখামুখিকৈ বহুৱাই লৈ অপৰাধ শাখাৰ বিষয়াই জেৰা কৰে৷ অৱশ্যে তিনিওজন অভিযুক্তই সুৰাৰ ৰাগিত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক প্রাণেমৰাৰ বিষয়টো ফোনযোগে আলোচনা কৰিছিল বুলি কৈ সমগ্র ঘটনাটো পাতল কৰিবলৈ চেষ্টা কৰে৷ আলোচনাপন্থী আলফা নেতা প্রদীপ গগৈয়েও আৰক্ষীৰ জেৰাত অনুৰূপ মন্তব্য কৰি অধিক মুখ খোলাৰ পৰা বিৰত আছে৷ প্রদীপ গগৈয়ে প্রথমতে মানৱ পাঠকক চিনি নাপাওঁ বুলি কৈ গা এৰা দিয়াৰ চেষ্টা চলাইছিল যদিও পিছত পাঠকৰ লগত আগৰে পৰা চা–চিনাকি থকাৰ কথা প্রকাশ কৰে৷
উল্লেখ্য যে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক বোমা বা যিকোনো উপায়েৰে হত্যা কৰিবলৈ কার্বি আংলঙৰ মানৱ পাঠকে প্রদীপ গগৈক ফোন কৰি কৈছিল৷ এই ফোনকল আৰক্ষীয়ে লাভ কৰাৰ পিছতে মানৱ পাঠক, তেওঁৰ গাড়ীচালক কেটু মুডি আৰু প্রদীপ গগৈক গ্রেপ্তাৰ কৰে৷ সোমবাৰে নিশা তিনিও অভিযুক্তক গ্রেপ্তাৰ কৰাৰ পিছত অপৰাধ শাখাই আদালতৰ অনুমতিসাপেক্ষে তিনি দিনৰ বাবে নিজৰ জিম্মাত লয়৷ লগতে উক্ত ফোনকলৰ আঁত ধৰি মন্ত্রী ড০ শর্মাক ফোনযোগে হত্যা কৰিবলৈ কোৱাৰ আঁৰত আন কোনো শক্তি জড়িত আছে নেকি, সেই বিষয়ে আৰক্ষীয়ে তথ্য উদ্ঘাটনৰ চেষ্টা চলাই আছে বুলি কৈ আৰক্ষীৰ সূত্রটোৱে ইয়াতকৈ অধিক তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে৷ উল্লেখ্য যে প্রদীপ গগৈ আলফাৰ যুদ্ধবিৰত গোটৰ উপ–সভাপতি আছিল৷ সেই হেতুকে চোৰাংচোৱাই আলফা নেতাজনৰ ফোন টেপ কৰে৷ অপৰাধ নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে এনেধৰণৰ বহু ব্যক্তিৰ ফোন টেপ কৰে৷ এই ফোন টেপৰ পৰা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হত্যা কৰিবলৈ কোৱা কথোপকথন পোহৰলৈ আহে৷
ইফালে, উক্ত ঘটনা সংক্রান্তত আৰক্ষীয়ে গ্রেপ্তাৰ কৰা প্রদীপ গগৈক শীঘ্রে মুকলি কৰি দিবলৈ আহ্বান জনাইছে আলোচনাপন্থী আলফাই৷ আলোচনাপন্থী আলফাৰ প্রচাৰ সম্পাদক মিথিংগা দৈমাৰীয়ে এক বিবৃতিযোগে চৰকাৰক এই আহ্বান জনায়৷ বিবৃতিটোত দৈমাৰীয়ে কয়– ‘যোৱা ৮ মার্চৰ নিশা সন্দেহজনক টেলিফোনিক বার্তালাপৰ আঁত ধৰি দলৰ উপ–সভাপতি প্রদীপ গগৈক গ্রেপ্তাৰ কৰা কার্যত আমি স্তম্ভিত হৈছোঁ৷ তথ্য অনুসৰি কার্বি আংলঙৰ এজন বিজেপি নেতাৰ ভাতৃ মানৱ পাঠকে প্রদীপ গগৈৰ ফোনত অসমৰ স্বাস্থ্যমন্ত্রীক হত্যাৰ ষড়যন্ত্রৰ কথা ব্যক্ত কৰা বুলি সংবাদ মাধ্যমত প্রকাশ, প্রচাৰিত হৈছে৷ ই উদ্দেশ্যপ্রণোদিত, পৰিকল্পিত ষড়যন্ত্র নে ইয়াৰ কিবা ভিত্তি আছে, আমাৰ বাবে ৰহস্যৰ আৱর্তত৷ তথাপি ৯ মার্চৰ দিনটোত প্রদীপ গগৈয়ে অসমৰ স্বাস্থ্যমন্ত্রীৰ হত্যাৰ ব্লুপ্রিণ্ট ৰচা বুলি প্রচাৰিত বাতৰি অতি পৰিতাপজনক৷ ৰাইজক বিভ্রান্ত নহ’বৰ বাবে আমি আহ্বান জনাইছোঁ৷ দলৰ সৈতে উপ–সভাপতি প্রদীপ গগৈয়ে ২০১০ চনৰ পৰা আজিৰ তাৰিখলৈকে অসমত সুস্থ গণতান্ত্রিক পৰিৱেশ ঘূৰাই অনাৰ চেষ্টাত ব্রতী হৈ আছে৷ আনহাতে অসম–ভাৰত সংঘাত নিৰসনৰ অর্থে ভাৰত চৰকাৰৰ সৈতে চলি থকা ৰাজনৈতিক আলাপ–আলোচনাৰ ক্ষেত্রতো তেখেতে অগ্রণী ভূমিকা লৈ আহিছে৷ এনে পৰিস্থিতিত সূক্ষ্ম পর্যালোচনা নকৰাকৈয়ে প্রদীপ গগৈক গ্রেপ্তাৰ কৰা কার্য দুর্ভাগ্যজনকেই নহয়, ইয়ে অসম–ভাৰত সংঘাতৰ ৰাজনৈতিক সমাধানসূত্র সন্দর্ভত চৰকাৰৰ আগ্রহ, আন্তৰিক সদিচ্ছাৰ ওপৰতো প্রশ্ণচিহ্ণ থিয় কৰাইছে৷ সেয়েহে দলৰ উপ–সভাপতি প্রদীপ গগৈক শীঘ্রেই মুক্তি দিবলৈ আমি আহ্বান জনাইছোঁ৷’