নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডৰ পলাহগুৰি-গোভাৰ বানসমস্যাৰ বুজ ললে মন্ত্ৰী পীযুষ হাজৰিকাই

নিয়মীয়া বাৰ্তা,  ২২ জুলাইঃ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে জলমগ্ন কৰিছে জাগীৰোডৰ বহুকেইখন গাওঁ ৷ কেইবাটাও পথৰ ওপৰেৰে বাগৰিছে পানী ৷ একাঠু এবুকু পানীৰ মাজেৰে বিপদসংকুল ভাবে অব্যাহত ৰাখিছে যাতায়াত ৷ বহু ঘৰৰ ভিতৰত আধাতকৈ বেচি অংশ ডুব যোৱাত বহু ৰাইজৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ চাঙত বহি অনাহাৰে অৰ্ধাহাৰে জীৱন অতিবাহিত কৰিছে একাংশই ৷ আজি স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই কিলিং নৈৰ পানীয়ে প্লাৱিত কৰা অঞ্চলসমূহ মেচিন নাৱেৰে পৰিদৰ্শন কৰে। নিশাৰ ভিতৰতে বানে প্লাবিত কৰা অঞ্চলসমূহৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আশ্ৰয় শিবিৰৰ লগতে পথৰ কাষত আশ্ৰয় লৈ থকা বন্যাৰ্তক মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ সাহায্য প্ৰদান কৰাৰ লগতে প্ৰশাসনৰ তৰফৰ সাহায্য প্ৰদান কৰাৰো ব্যৱস্থা গ্ৰহন কৰে। উল্লেখ্য যে যোৱা বিয়লিৰে পৰা জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক নন্দ সিং বৰকলা আৰু মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংঘমিত্ৰা বৰুৱায়ো প্ৰতিমুহুৰ্ততে পৰিস্থিতি পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে।

You might also like