পর্যটকক আদৰিবলৈ সাজু জাকাই ইক’ কেম্প
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ কলিয়াবৰৰ কেইগৰাকীমান শিক্ষিত যুৱকে কলিয়াবৰৰ ৰাঙলু পাহাৰগুৰিত আৰম্ভ কৰিছে জাকাই ইক’ কেম্প৷ স্থানীয় বিধায়ক তথা মন্ত্রী কেশৱ মহন্তৰ লগতে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগ তথা কলিয়াবৰ মহকুমা প্রশাসনে কলিয়াবৰক পর্যটনক্ষেত্র হিচাপে গঢ় দিবলৈ লোৱা চেষ্টাত জাকাই ইক’ কেম্প সংযোজন হয় আৰু পর্যটন ক্ষেত্রত বিশেষ অৰিহণা যোগাব৷
এই কেম্প স্থানীয় বিধায়ক তথা মন্ত্রী কেশৱ মহন্তই উদ্বোধন কৰি উদ্যমী যুৱকসকলৰ প্রচেষ্টাক শলাগ লয়৷ ইতিহাসপ্রসিদ্ধ কুকুৰাকটা পাহাৰৰ নিচেই কাষতে থকা পাহাৰগুৰিত আৰম্ভ হোৱা জাকাই ইক’ কেম্পে অতিকৈ পিছপৰা পাহাৰগুৰি অঞ্চলবাসীক আর্থ–সামাজিক ক্ষেত্রত বিশেষভাৱে অৰিহণা যোগাব বুলিও মন্তব্য কৰে৷
কলিয়াবৰৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত থকা বন্য–জন্তু চাবলৈ অহা পর্যটকসকলে এই জাকাই ইক’ কেম্পত আহি থাকিব পাৰিব আৰু প্রাকৃতিক পৰিৱেশেৰে সুশোভিত কলিয়াবৰৰ হাতীমূৰা নদী পর্যটন আদি উপভোগ কৰাত জাকাই ইক’ কেম্পে পর্যটকক সহায় কৰিব৷