নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলজীৱন মিছনঃ অসমক ৭০০ কোটি দিলে কেন্দ্রই

নিয়মীয়া বাৰ্তা ২৬ মেঃ কেন্দ্রৰ অভিলাষী ‘জলজীৱন মিছন’ আঁচনিৰ অধীনত অসমলৈ আজি ৭০০ কোটি টকা মোকলাই দিয়া হৈছে৷ ২০২১–২২ বিত্তীয় বর্ষৰ বাবে ধার্য কৰা মুঠ ৫,৬০১.১৬ কোটি টকাৰ প্রথম কিস্তি আবণ্টন হিচাপে উক্ত বুজন পৰিমাণৰ ধনৰাশি আজি অসমৰ বাবে মোকলাই দিয়া হয়৷ কেন্দ্রীয় জলশক্তি মন্ত্রালয়ে জাৰি কৰা এক প্রেছ বিজ্ঞপ্তিত এই কথা প্রকাশ কৰা হৈছে৷ কোৱা হৈছে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৯ চনৰ ১৫ আগষ্টত ঘোষণা কৰা এই অভিলাষী আঁচনিৰ জৰিয়তে অসমৰ গ্রামাঞ্চলত পাইপেৰে অর্থাৎ ‘টেপ’ৰ জৰিয়তে পানী যোগানৰ বাবে চলিত বিত্তীয় বর্ষত মুঠ চাৰিটা কিস্তিত অসমক ৫,৬০১.১৬ কোটি টকা যোগান ধৰা হ’ব৷ আজি অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ মুঠ আঠখন ৰাজ্যৰ বাবে ‘জলজীৱন মিছন’ আঁচনিৰ অধীনত মুঠ ১,৬০৫ কোটি টকা মোকলাই দিয়া হয়৷

বিভাগীয় প্রেছ বিজ্ঞপ্তি অনুসৰি চলিত বিত্তীয় বর্ষত সমগ্র উত্তৰ–পূর্বাঞ্চলৰ বাবে ধার্য কৰা হৈছে সর্বমুঠ ৯,২৬১.৮৫ কোটি টকা৷ পিছে যোৱা বিত্তীয় বর্ষৰ পৰা এই অভিলাষী আঁচনিৰ জৰিয়তে পুঁজিৰ যোগান ধৰি অহা হৈছে যদিও এতিয়ালৈকে উত্তৰ–পূর্বাঞ্চলৰ মাত্র ১৮ শতাংশ পৰিয়ালেই পাইপেৰে পানীৰ যোগান লাভ কৰিবলৈ সক্ষম হৈছে৷ কোৱা হৈছে সমগ্র উত্তৰ–পূর্বাঞ্চলৰ গ্রামাঞ্চলত মুঠ প্রায় ৯০ লাখ পৰিয়াল আছে৷ ইয়াৰ ভিতৰত কেৱল অসমতেই আছে ৬৩.৩৫ লাখ পৰিয়াল৷ বিভাগীয় প্রেছ বিজ্ঞপ্তি অনুসৰি ‘জলজীৱন মিছন’ আঁচনিৰ অধীনত ২০২০–২১ বিত্তীয় বর্ষত সমগ্র উত্তৰ–পূর্বাঞ্চলত ১১ লাখ গ্রামীণ পৰিয়ালক ‘টেপ ৱাটাৰ’ৰে সংযোগ কৰা হৈছে৷ আজিৰ দিনটোলৈকে উত্তৰ–পূর্বাঞ্চলৰ ১৬.২৭ লাখ পৰিয়ালক এই সুবিধা প্রদান কৰা হৈছে৷

You might also like