নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ অসমৰ লোক সংস্কৃতিৰ সাধক, বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়াৰ ম্ত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সোণাৰি চাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিয়ে কভিডত আক্ৰান্ত হৈ অসম মেডিকেল হাস্পতালত চিকিৎসাধীন হৈ থকা সময়তে মৃত্যু হয়।
ৰাজ্যখনৰ কলা সংস্কৃতিৰ জগতখনত শূন্যতাৰ সৃষ্টি কৰি জীৱন নাটৰ সামৰণি মৰা বিহু বিশেষজ্ঞ গৰাকীৰ মৃত্যুত অসমৰ লোক সংস্কৃতিৰ পথাৰখনত বহু ক্ষতি হোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈকো গভীৰ সমবেদনা জ্ঞাপন কৰি তিনি দিনলৈ স্বগীত ঢকুৱাখনা জিলা বিহু সুৰক্ষা সমিতিৰ সাংগঠনিক কাম-কাজ স্থগিত ৰাখে।