বিশেষ বাৰ্তা, ২ জুলাইঃ চাহ বাগিচাৰ শিক্ষাৰ ক্ষেত্ৰত থকা সমস্যা, ইতিবাচক সমাধান আৰু প্ৰত্যাহ্বান সাঙুৰি মাহমৰা হিংৰিজান বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন দাসৰ ‘চাহ বাগিচাত শিক্ষাৰ উত্তৰণত প্ৰত্যাহ্বান’ শীৰ্ষক গ্ৰন্থখন আজি উন্মোচন কৰে বৰহাট ভৱানী প্ৰসাদ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক বাৰীন্দ্ৰ দাসে। উন্মোচনী ভাষণত অধ্যাপকগৰাকীয়ে জিতেন দাসৰ প্ৰচেষ্টাক শলাগ লয় আৰু বিদ্যালয়খনৰ কাম-কাজক ভুয়সী প্ৰশংসা কৰে। মৰাণৰ পৰা প্ৰকাশিত সাপ্তাহিক ‘অৰুণোদয় সংবাদ’ কাকতৰ সম্পাদক ত্ৰৈলোক্য চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গ্ৰন্থখনৰ লেখক জিতেন দাসে কিতাপ খন লিখিবলৈ মন মেলাৰ উদ্দেশ্য সভাত অৱগত কৰে । গ্ৰন্থখনৰ বিশ্লেষণাত্মক মন্তব্য আগবঢ়ায় মূলা গাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অনন্ত কৃষ্ণ মহন্তই তেখেত গ্ৰন্থখনৰ ভৱিষ্যতৰ দিনত চাহ শ্ৰমিকসকলৰ শিক্ষাৰ ক্ষেত্ৰত অভিভাৱকৰ হাত পুথি হোৱাৰ লগতে গ্ৰন্থখনৰ গৱেষণাৰ প্ৰয়োজন আছে বুলি মন্তব্য দিয়ে।তেখেতে গ্ৰন্থখনৰ ইতিবাচক দিশৰ ওপৰত বক্তব্য ৰাখি কয় যে এনে ধৰণৰ গ্ৰন্থৰ জৰিয়তে চাহ বাগিচাৰ শিক্ষাৰ ক্ষেত্ৰত থকা নেতিবাচক দিশ নোহোৱা কৰাত সহায় কৰিব বুলিও মন্তব্য কৰে ।সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শ্ৰম বিষয়া প্ৰবীণ কোঁৱৰ, চাহ জনগোষ্ঠীৰ সমাজকৰ্মী শংকৰ চাহু, চাহ জনজাতি সাহিত্য সভাৰ সভাপতি সম্পাদক ক্ৰমে মনমোহন চিক, জিতৰাম তাঁতী, দিৰৈ শাখা সাহিত্য সভাৰ সভানেত্ৰী জিনু প্ৰভা দত্ত, চৰাইদেউ জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক ক্ষেত্ৰ বুঢ়াগোহাঁই আৰু ঠানু বৰুৱা, মৰাণ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰদীপ চাংমাই, হিংৰিজান বাগিচা আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয় প্ৰধান শিক্ষক চিত্ৰ দেউৰী, চৰাইদেউ জিলাৰ প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি ৰঞ্জিত কোঁৱৰ উপস্থিত থাকি গ্ৰন্থখনৰ ইতিবাচক মন্তব্য প্ৰদান কৰে । সভাত অঞ্চলটোৰ বহুকেইজন সাংবাদিক আৰু অৰ্ধ শতাধিক চাহ বাগিচাৰ শ্ৰমিক আৰু শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে ।
প্ৰেৰক : দীপাংকৰ পাল