নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত ১৬ কোটি টকাৰ ড্রাগ্ছ জব্দ

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী৷ড্রাগ্ছ মাফিয়াই যিমানেই নতুন নতুন কৌশল অৱলম্বন কৰি ড্রাগ্ছ সৰবৰাহৰ চেষ্টা নকৰক কিয় সাৰি যাব পৰা নাই অসম আৰক্ষীৰ পৰা৷ যাৰ বাবে বৃহস্পতিবাৰে মহানগৰ আৰক্ষী আৰু যোৰাবাট আৰক্ষীয়ে প্রায় ১৬ কোটি টকা মূল্যৰ ড্রাগ্ছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, মণিপুৰ–ডিমাপুৰ হৈ গুৱাহাটী অভিমুখে গৈ থকা এ এছ–০১ ডি ডি–৯১৯২ নম্বৰৰ ট্রাকখনত বৰবিহ ড্রাগ্ছ কঢ়িয়াই অনাৰ তথ্য আগতীয়াকৈ লাভ কৰিছিল আৰক্ষীয়ে৷ সেই অনুসৰি মহানগৰীৰ নিকটৱর্তী যোৰাবাটত মহানগৰ আৰু যোৰাবাট আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছিল৷

পাছত ট্ৰাক জব্দ কৰে যদিও খালী ট্ৰাকখন ক’ত ড্রাগ্ছ আছিল, তাৰ বাবে তন্ন তন্ন তালাচী চলায়৷ বহু সময় ধৰি ড্রাগ্ছখিনিৰ সন্ধান পোৱা নাছিল৷ অৱশেষত গাড়ীখনৰ ডিজেল টেংকীৰ ভিতৰৰ পৰা ড্রাগ্ছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ডিজেল টেংকীৰ ভিতৰৰ পৰা ২০৫টা ড্রাগ্ছভর্তি চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়৷ উদ্ধাৰ হোৱা মুঠ ২ কেজি ২৫৫ গ্রাম ড্রাগ্ছৰ বজাৰমূল্য ১৬ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷

ইপিনে ঘটনা সন্দর্ভত ডিমাপুৰৰ দীপক শর্মা (৪০) আৰু মণিপুৰৰ ইম্ফলৰ জামিনাল বৈতি (২৭) নামৰ লোক দুজনক আটক কৰিছে৷ দৈনিক এনেদৰে ড্রাগ্ছ মাফিয়াই বহিঃৰাজ্যৰ পৰা গুৱাহাটীলৈ যি বৰবিহ ড্রাগ্ছ সৰবৰাহ কৰাৰ নতুন নতুন কৌশল অৱলম্বন কৰিছে, ইয়াৰ বিৰুদ্ধে যদি কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্রহণ নকৰে, তেন্তে নৱপ্রজন্ম ধ্বংস হোৱাৰ লগতে নগৰ–চহৰ, গ্রামাঞ্চল সকলোতে সমাজ ধ্বংস হোৱাটো নিশ্চিত৷

You might also like