লকডাউনৰ মাজতে কৃষিকৰ্মত মনোনিৱেশ তিতাবৰৰ কৃষকৰ : উন্নত বীজ-সাৰ যোগানৰ দাবী
নিয়মীয়া বাৰ্তা ৩০ মেঃ এতিয়া খেতিৰ বতৰ। লকডাউন অব্যাহত থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে তিতাবৰৰ গ্ৰামাঞ্চলতো বৰ্তমান কৃষক ৰাইজে আৰম্ভ কৰিছে কৃষিকৰ্ম। দুই এজাক বৰষুণত সেমেকি উঠা পথাৰসমূহত কৃষকসকলে চিকিমিকি পুৱাতে গৈ পূৰ্ণোদ্যমে হাল বোৱা কাৰ্য আৰম্ভ কৰিছে। আজিকালি কৃষিকৰ্মত নাঙলৰ ব্যৱহাৰ ক্ৰমান্বয়ে কমি আহিছে। নাঙলত খৰচ কম যদিও সময় অলপ বেছি লাগে, কষ্ট বেছি হয়। সেয়ে ডাঙৰ অথবা সৰু ট্ৰেক্টৰখনেই এতিয়া খেতিয়কৰ একমাত্ৰ কৃষি সাৰথি হৈ পৰিছে। কৃষিৰ সন্দৰ্ভত আজি তিতাবৰ মহকুমাৰ কেইবাজনো বয়োজ্যেষ্ঠ কৃষকৰ সৈতে বাৰ্তালাপ কৰিছিলোঁ। তেওঁলোকে জানিবলৈ দিয়ে যে, লকডাউন বুলি এতিয়া কৃষিকৰ্মত নালাগিলে বছৰটোলৈ নাটনি হ’বগৈ। এইকেইদিন বতৰেও অলপ লগ দিছে। সেয়ে তেওঁলোকে প্ৰাৰম্ভিক কামবোৰ আৰম্ভ কৰিছে। কৃষকসকলক ধান খেতিত সাৰ প্ৰয়োগ কৰেনে বুলি সোধাত কয় যে, দুই-তিনিবছৰৰ ব্যৱধানত কেতিয়াবা খেতিত সাৰ প্ৰয়োগ কৰে। কিন্তু সাৰ প্ৰয়োগৰ পিছতো বিশেষ পাৰ্থক্য পৰিলক্ষিত নহয়। আজিকালি সাৰবোৰো ভেজাল হৈছে। সেয়ে ঘৰুৱাভাবে প্ৰস্তুত কৰা জৈৱিক সাৰহে প্ৰায়েই ব্যৱহাৰ কৰা হয় বুলি জানিবলৈ দিয়ে কৃষকসকলে। উল্লেখ্য যে, ধান উৎপাদনৰ ক্ষেত্ৰত তিতাবৰৰ এক সুকীয়া পৰিচয় আছে। তিতাবৰৰ চাউলে ৰাজ্যৰ বিভিন্ন বজাৰত বিশেষ স্থান লবলৈও সক্ষম হৈছে। মহকুমাটোৰ অন্তৰ্গত নগাবাট, বেকাজান, বৰহোলা, ইকৰাণি, ৰজাবাহৰ, চুঙী, মেলামাতি, বিৰিণাশায়েক, ৰজাবাৰী, মাধপুৰ আদি কেইবাটাও বৃহৎ অঞ্চলৰ প্ৰায় ৮০ শতাংশ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাবে কৃষি কৰ্মৰ লগত জড়িত। বৰষুণৰ টোপাল কেইটাৰ ওপৰতে নিৰ্ভৰ কৰি প্ৰতি বছৰে বহাগৰ শেষৰ পৰাই এই অঞ্চলবোৰৰ কৃষকসকল কৃষি কৰ্মৰ বাবে সাজু হয়। ৰঞ্জিত, পংকজ, মাচুৰী, শালি, জহা আদিৰ বীজেৰে প্ৰায় দুমাহ মূৰৰ ঘাম মাটিত পেলাই পথাৰত কষ্ট কৰে কৃষকসকলে। চৰকাৰী সা-সুবিধা বুলিবলৈ এওঁলোকৰ একো নাই। ঘৰুৱাভাৱে সংৰক্ষিত বীজ আৰু পুৰণিকলীয়া পদ্ধতিৰেই কৃষি কৰ্ম কৰি বছৰে বছৰে ধানৰ ভাল উৎপাদন কৰিবলৈ চেষ্টা কৰি আহিছে। কৃষকসকলে কয় যে, কেতিয়াবা চৰকাৰে উন্নত জাতৰ ধানৰ বীজ বিতৰণ কৰে ঠিকেই। কিন্তু প্ৰায়েই সেই বীজবোৰৰ পৰা পতানহে উৎপাদন হয়। সেইবাবে আজিকালি চৰকাৰীভাৱে যোগান ধৰা বীজেৰে খেতি কৰিবলৈ ভয় লগা হৈছে। এইবোৰ কথা বিভাগীয় কৰ্তৃপক্ষক অভিযোগ কৰিলেও কোনো ধৰণৰ তদন্ত নহয়।
ইফালে জলসিঞ্চন বুলিবলৈ তিতাবৰৰ পথাৰত এতিয়া একোৱেই নাই। সময় মতে বৰষুণ নহ’লে পানীৰ অভাৱত কৃষকসকলে মটৰ ব্যৱহাৰ কৰি অথবা পুখুৰি, খাল আদিৰ পৰা পথাৰলৈ পানী নিসিচিলে খেতি কৰাৰ অন্য উপায় নাথাকে বুলি দুখ প্ৰকাশ কৰে। চৰকাৰে কিছু লোকক দুহেজাকৈ টকা কৃষি সাহায্যৰ নামত দিয়াৰ বাদে সকলো ক্ষেত্ৰতে মাথো প্ৰৱঞ্চনা কৰিলে বুলিও অভিযোগ তোলে একাংশ কৃষকে। উল্লেখ্য যে গ্ৰামাঞ্চল সমূহত কৃষকক উন্নত জাতৰ বীজ বিতৰণ, মাটিৰ গুণাগুণ পৰীক্ষা কৰা, কৃষি সজাগতা সভা অনুষ্ঠিত কৰা আদিৰ ক্ষেত্ৰত চৰকাৰে কোনো দিনেই পদক্ষেপ নোলোৱাতো অতি দুৰ্ভাগ্যজনক বিষয়। ফলত কৃষকসকল নতুন বৈজ্ঞানিক পদ্ধতিৰে কৃষিকৰ্ম কৰি অধিক শস্য উৎপাদনৰ ক্ষেত্ৰত সদায় পিছ পৰি ৰ’ব লগা হৈছে। প্ৰণিধানযোগ্য যে তিতাবৰৰ কৃষকে চৰকাৰলৈ আশা কৰি নাথাকি অশেষ কষ্ট আৰু একাগ্ৰতাৰে প্ৰতি বছৰে হাজাৰ হাজাৰ হেক্টৰ ভূমিত কৃষি কৰ্ম কৰে। সেয়ে ছাগে ধান উৎপাদৰ ক্ষেত্ৰত তিতাবৰৰ কৃষক ৰাইজ কেতিয়াও নিৰাশ হ’ব লগা হোৱা নাই। বানপানীৰ সম্পৰ্কত কৃষককেইজনে কয় যে অসমত বানে কেতিয়া কি ৰূপ লয় কোনেও নাজানে। গতিকে চৰকাৰে বান সমস্যাৰ নিয়ন্ত্ৰণত গুৰুত্ব দিয়া দৰকাৰ। বানে কৃষকৰ বিস্তৃৰ্ণ কৃষিভূমিত প্ৰায়েই তাণ্ডৱ সৃষ্টি কৰে। কিন্তু চৰকাৰে আজিও অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি নিদি অসমৰ ৰাইজক বহু বছৰৰ পৰা চূড়ান্তভাবে প্ৰৱঞ্চনা কৰি আহিছে। ফলত কৃষক ৰাইজ বছৰে বছৰে অতি দুৰ্ভাগ্যজনকভাবে জুৰুলা হ’ব লগা হৈছে।