আন্তঃজিলা যাতায়াত কৰা যাত্ৰীক অনা-নিয়াৰ নামত লুণ্ঠন
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ লক ডাউনৰ সময়ত ৰাজ্য চৰকাৰে শিথিল কৰি দিছে আন্তঃজিলা যাতায়াত সেৱা। সামাজিক দূৰত্ব বৰ্তাই ৰাখি আন জিলাত আবদ্ধ লোকসকলে যাত্ৰা কৰিছে নিজৰ গন্তব্য স্থানলৈ বা নিজৰ জিলাখনলৈ। তেনে সময়তে যোৰহাটত সংঘটিত হৈছে লুণ্ঠনৰ ঘটনা।যোৰহাটৰ পৰা নিমাতীঘাট অভিমুখী যাত্ৰীসকলৰ পৰা প্ৰশাসনে ঠিক কৰি দিয়া টেম্প তথা গাড়ীসমূহৰ চালকে সংগ্ৰহ কৰিলে ২০০টকাকৈ। বিনামূলীয়া সেৱাৰ নামত ধন সংগ্ৰহ কৰাত সকলো যাত্ৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।