নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ সাংবাদিক ভাস্কৰ দত্তৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ লখিমপুৰৰ নাওবৈচা গেন্ধালী নিৱাসী ৰাজেন দত্ত আৰু পুতলী দত্তৰ একমাত্র সন্তান সাংবাদিক ভাস্কৰ দত্ত (৪৪)ৰ শনিবাৰে দুপৰীয়া মৃত্যু হয় ৷ দীর্ঘদিন ধৰি যকৃতৰ ৰোগত আক্রান্ত হৈ লখিমপুৰৰ চাবতিস্থিত অসামৰিক চিকিৎসালয়ত শনিবাৰে তেওঁ চিকিৎসাধীন অৱস্থাতে শেষনিশ্বাস ত্যাগ কৰে ৷ কলেজীয়া জীৱনৰ পৰা সাংবাদিকতাৰ ক্ষেত্রখনলৈ ঢাপলি মেলা দত্তই ‘আজি’ কাকতখনেৰে সাংবাদিকতাৰ খোজ দিয়ে ৷ পৰৱর্তী সময়ত তেওঁ আমাৰ অসম, অসমীয়া প্রতিদিন, আজিৰ দৈনিক বাতৰি কাকতত সংবাদ সেৱা কৰিছিল ৷ ২০০৮ চনত তেওঁ প্রায় এবছৰ ধৰি নিউজ লাইভৰ লখিমপুৰ সদৰৰ প্রতিনিধি ৰূপে সংবাদ সেৱা কৰিছিল ৷ এদিনৰ সংবাদ, গণ অধিকাৰ, আজিৰ দৈনিক বাতৰিকাকতৰ গুৱাহাটীস্থিত কার্যালয়ত উপ–সম্পাদক হিচাপেও তেওঁ কার্যনির্বাহ কৰিছিল ৷ বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক দত্তই লখিমপুৰৰ পৰা প্রকাশিত পষেকীয়া স্বৰূপ নামৰ কাকতখনতো সংবাদ সেৱা কৰিছিল ৷ নর্থ লখিমপুৰ প্রেছ ক্লাব, জিলা সাংবাদিক সন্থাৰো তেওঁ সদস্য আছিল ৷ শেহতীয়াকৈ অৱশ্যে তেওঁ সংবাদ ক্ষেত্রৰ পৰা আঁতৰি সামান্যভাৱে ব্যৱসায়ত জড়িত হৈ পৰিছিল ৷ মৃত্যুৰ সময়ত তেওঁ দুটি কণমানি পুত্র, পত্নী, পিতৃ–মাতৃক এৰি যায়৷ বিয়লি স্বগৃহৰ চৌহদতে কণমানি পুত্রই তেওঁৰ মুখাগ্নি কৰে ৷ তেওঁৰ বিয়োগত নর্থ লখিমপুৰ প্রেছ ক্লাব, জিলা সাংবাদিক সন্থা, অসম যুৱ ব্রাহ্মণ সমাজৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি দিগন্ত শর্মা, নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাকে ধৰি বহু ব্যক্তি, অনুষ্ঠান প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰিছে ৷ উল্লেখ্য, সাংবাদিকতাৰ সমানে তেওঁ বিভিন্ন আলোচনীতো লিখা–মেলা কৰিছিল ৷

You might also like