গগৈৰ মৃত্যুত শোকঃ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাৰ অসম ভ্রমণ স্থগিত
নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুৰ পৰিপ্রেক্ষিতত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ অহা ২৬–২৭ নৱেম্বৰত দুদিনীয়া অসম ভ্রমণ স্থগিত ৰখা হৈছে৷ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈয়ে এক বিবৃতিযোগে এই কথা জানিবলৈ দিছে৷ উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্রস্তুতি পর্যবেক্ষণ কৰিবলৈ জে পি নাড্ডাৰ দুদিনীয়া অসম ভ্রমণৰ কার্যসূচী স্থিৰ কৰা হৈছিল৷ এই দুদিনীয়া ভ্রমণত ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে দলৰ সকলো বিষয়ববীয়া, বিধায়ক, সাংসদসকলৰ লগতে জিলা সভাপতি, সমষ্টি প্রভাৰী, সমষ্টি পর্যবেক্ষকসকলৰ সৈতে মুঠ ১২খন বৈঠকত অংশ লোৱাটো নির্ধাৰিত কৰা হৈছে৷ এই বৈঠকসমূহতে বিজেপিৰ নির্বাচনী প্রস্তুতি সম্পর্কে তথ্য সংগ্রহৰ লগতে ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত অংশ লোৱাৰ কথা আছিল৷ জে পি নাড্ডাৰ পৰৱর্তী ভ্রমণসূচী অচিৰেই স্থিৰ কৰা হ’ব বুলি বিবৃতিত জানিবলৈ দিছে৷