নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্যজনক দুর্ঘটনাত মৃত্যু কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ

পথ দুর্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড?

নিয়মীয়া বাৰ্তা ১৩ নৱম্বেৰঃ  ৰহস্যজনক এক পথ দুর্ঘটনাত পতিত হৈ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ–সভাপতি তথা  কাকপথাৰ প্রেছ ক্লাবৰ সভাপতি পৰাগ ভূঞা (৫২)ৰ মৃত্যুৰ ঘটনাই সমগ্র ৰাজ্যকে জোকাৰি গৈছে৷ বিভিন্ন দল–সংগঠনে সাংবাদিকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে আৰক্ষীয়ে ইয়াক দুর্ঘটনা বুলি দাবী কৰিছে৷ ৰহস্যজনক দুর্ঘটনাটো সংঘটিত হয় কালি নিশা প্রায় ৮.৩০ বজাত৷ জ্যেষ্ঠ সাংবাদিকজনে নিজৰ ব্যৱসায়িক প্রতিষ্ঠান বন্ধ কৰি ফার্মাচীৰ পৰা ঔষধ লৈ ঘৰমুৱা হওঁতেই অৰুণাচল অভিমুখী তীব্রবেগী ডি আই বাহন এখনে তেওঁক পিছফালৰ পৰা প্রচণ্ড জোৰেৰে খুন্দা মাৰে৷ ঘটনাটো সংঘটিত কৰিয়েই গাড়ীখনে তাৎক্ষণিকভাৱে পলাই যায়৷ পাছত গুৰুতৰভাৱে আহত জ্যেষ্ঠ সাংবাদিক ভূঞাক স্থানীয় লোকে আৰক্ষীৰ সহযোগত ৰূপাই ছাইডিংস্থিত ডি চি বৰা নার্ছিং হোমত ভর্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্রুগড়লৈ প্রেৰণ কৰে৷ ডিব্রুগড়স্থিত আদিত্য নার্ছিং হোমত চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে পুৱা প্রায় ৯.৪০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ সৰবৰহী ব্যক্তি তথা জ্যেষ্ঠ সাংবাদিক ভূঞাৰ বিয়োগৰ খবৰ পোৱাৰ লগে লগে  কাকপথাৰ অঞ্চলৰ লগতে সমগ্র ৰাজ্যতে শোকৰ ছাঁ পৰিছে৷ কাকপথাৰৰ স্থানীয় ব্যৱসায়ীসকলে দিনটোৰ বাবে দোকান–পোহাৰ বন্ধ ৰখাৰ লগতে বিভিন্ন দল–সংগঠনে জ্যেষ্ঠ সাংবাদিক ভূঞাৰ বিয়োগত শোক প্রকাশ কৰিছে৷ ডিব্রুগড়ৰ পৰা জ্যেষ্ঠ সাংবাদিকজনৰ মৃতদেহ অনাৰ পাছতে কাকপথাৰ ৰাজহুৱা পুথিভঁৰাললৈ শোক সমদল কৰি লৈ যোৱা হয় আৰু তাতেই ৰাজহুৱাভাৱে প্রয়াত ভূঞাৰ প্রতি অসংখ্য গুণমুগ্ধই শেষ শ্রদ্ধা জ্ঞাপন কৰে৷

উল্লেখ্য যে প্রাক্তন মন্ত্রী তথা নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সমন্বয়ক জগদীশ ভূঞাৰ ভাতৃ জ্যেষ্ঠ সাংবাদিক ভূঞা ‘প্রতিদিন টাইম’, ‘অসমীয়া খবৰ’ আৰু ‘নর্থ–ইষ্ট মিৰ’ৰ’ত কাকপথাৰৰ স্থানীয় সাংবাদিক হিচাপে কর্মৰত আছিল৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাকে ধৰি বিভিন্নজনে জ্যেষ্ঠ সাংবাদিক ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড০ ঋষি দাস আৰু সম্পাদক ৰাণাজ্যোতি নেওগে জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যুৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্র থাকিব পাৰে বুলি সন্দেহ কৰি ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে৷ সেইদৰে নাহৰকটীয়া প্রেছ গীল্ডৰ তৰফৰ পৰা জ্যেষ্ঠ সাংবাদিক ভূঞাৰ ৰহস্যজনক মৃত্যুত প্রতিক্রিয়া প্রকাশ কৰি কোৱা হৈছে যে আলফাৰ ভৰপকৰ সময়ত বিভিন্ন বাতৰিৰে তেওঁ সাহসিকতাৰ পৰিচয় দিয়াৰ লগতে দুর্নীতিৰ বিৰুদ্ধে আপোচহীন বাতৰি পৰিৱেশনেৰে ৰাইজৰ মাজত সমাদৃত হৈছিল৷ দুর্নীতিৰ বিৰুদ্ধে গ্রহণ কৰা আপোচহীন স্থিতিৰ বাবে প্রয়াত ভূঞাৰ ওপৰত কেইবাটাও সমাজবিৰোধী চক্র খর্গহস্ত হৈ পৰিছে৷ এনে প্রেক্ষাপটত পথ দুর্ঘটনাটোত গভীৰ ৰহস্য থকাৰ আশংকা প্রকাশ কৰি নাহৰকটীয়া প্রেছ গীল্ডে তিনিচুকীয়া জিলা প্রশাসন–আৰক্ষীক ইয়াৰ তদন্ত কৰি ঘটনাৰ লগত জড়িত দোষীক চিনাক্ত তথা উচিত শাস্তি বিহিবলৈ দাবী জনাইছে৷ ভাতৃৰ আকস্মিক মৃত্যু সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি প্রাক্তন মন্ত্রী জগদীশ ভূঞাই কয় যে দুর্নীতিৰ বিপক্ষে সততাৰে মাত মতাৰ ফলতেই এই ঘটনা সংঘটিত হ’ল৷ ইতিমধ্যে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অৰুণাচল প্রদেশৰ নামচাইৰ পৰা দুর্ঘটনাটো সংঘটিত কৰা এ এছ–২৩ বি চি–৭৮৮১ নম্বৰৰ বাহনখন জব্দ কৰাৰ লগতে চালক জেমছ মূড়া আৰু হেণ্ডিমেন বাবা বৰদলৈক আটক কৰিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে, বাহনখনৰ গৰাকী হ’ল নামচাইৰ চামগুৰি গাঁৱৰ এপে ইটেৰ মাতৃ পদ্মা ৰতন নামৰ এগৰাকী মহিলা৷ তিনিচুকীয়া আৰক্ষীয়ে বাহনখনৰ চালক আৰু হেণ্ডিমেনক নিজ জিম্মাত লৈ সোধা–পোছা অব্যাহত ৰাখিছে৷ ৰহস্যজনক পথ দুর্ঘটনাত পতিত হৈ জ্যেষ্ঠ সাংবাদিক ভূঞাৰ মৃত্যুত আছাম প্রেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন, তিনিচুকীয়া জিলা সাংবাদিক সন্থা, বৃহত্তৰ কাকপথাৰ সাংবাদিক সন্থা, কাকপথাৰ প্রেছ ক্লাব, ডিব্রুগড় জিলা সাংবাদিক সন্থা, বৃহত্তৰ ডিব্রুগড় প্রেছ ক্লাব, সদৌ মৰাণ ছাত্র সন্থা, সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, আটাছু, আটছা, কলিতা জনগোষ্ঠী যুৱ–ছাত্র পৰিষদ, চুতীয়া ছাত্র সন্থা, সদৌ অসম মটক যুৱ–ছাত্র সন্মিলন, ডুমডুমা প্রেছ ক্লাব, শদিয়া প্রেছ ক্লাব, তিনিচুকীয়া প্রেছ ক্লাব, ডিগবৈ প্রেছ ক্লাব, মার্ঘেৰিটা প্রেছ ক্লাব আদি বিভিন্ন দল–সংগঠনে শোক প্রকাশ কৰিছে৷ স্মর্তব্য যে প্রয়াত ভূঞা সাংবাদিকতাৰ সমান্তৰালভাৱে কাকপথাৰ অঞ্চলৰ বিভিন্ন সমাজিক কাম–কাজত জড়িত আছিল৷ তেওঁ কাকপথাৰ অসমীয়া দুর্গাপূজা মন্দিৰ সমিতিৰ সভাপতি আৰু কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ সম্পাদক হিচাপে মৃত্যুপর্যন্ত কার্যনির্বাহ কৰি আছিল৷ শোকাকুল পৰিৱেশৰ মাজত কাকপথাৰতেই আজি বিয়লিৰ ভাগত জ্যেষ্ঠ সাংবাদিকজনৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ মৃত্যুৰ সময়ত জ্যেষ্ঠ সাংবাদিক ভূঞাই মাতৃ, পত্নী আৰু দুই পুত্র–কন্যাসহ বহু আত্মীয়–গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে৷
পৰাগ ভূঞাৰ মৃত্যুত দল–সংগঠনৰ শোকঃ তদন্তৰ দাবী
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে বিভিন্ন দল–সংগঠনে৷ এক শোকবার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্রয়াত পৰাগ ভূঞাই ৰাজ্যৰ সংবাদ জগতলৈ যি বৰঙণি আগবঢ়াই গৈছে, সেয়া জনসাধাৰণে শ্রদ্ধাৰে স্মৰণ কৰিব৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ–সভাপতি হিচাপে কার্যনির্বাহ কৰি তেওঁ সাংবাদিকসকলক ঐক্যবদ্ধ কৰি ৰখাৰ লগতে কল্যাণৰ দিশতো অৰিহণা যোগাই গৈছে৷ মুখ্যমন্ত্রীয়ে ভূঞাৰ বিয়োগ অসমৰ সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে৷ সাংবাদিকগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়েও৷ উল্লেখ্য যে যোৱানিশা নিজা বাসগৃহৰ সমীপতে এখন বাহনে খুন্দিয়াই থৈ যোৱাত সাংবাদিক ভূঞা গুৰুতৰভাৱে আহত হয়৷ পৰৱর্তী সময়ত তেওঁক হাস্পতালত ভর্তি কৰোৱা হৈছিল যদিও আজি মৃত্যু হয়৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকক তৎকালে দুর্ঘটনাটো সংঘটিত কৰা বাহনখন জব্দ কৰিবলৈ নির্দেশ দিয়ে৷ এই নির্দেশৰ পাছত দুর্ঘটনা সংঘটিত কৰা এ এছ–২৩ বি চি–৭৮৮১ নম্বৰৰ ডি আই বাহনখন জব্দ কৰাৰ লগতে চালক জেমছ মুঢ়া আৰু হেণ্ডিমেন বাবা বৰদলৈক আৰক্ষীয়ে কৰায়ত্ত কৰিছে৷ ইপিনে, সাংবাদিক ভূঞাক এনেদৰে খুন্দিয়াই যোৱা ঘটনাত ৰহস্যৰ গোন্ধ পাইছে বহুসংখ্যক দল–সংগঠনে৷ সেয়েহে ৰহস্যজনক দুর্ঘটনাটোৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে৷ অসম জাতীয় পৰিষদে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি এক পুংখানুপুংখ তদন্তৰ দাবী তুলিছে৷ এক বিবৃতিত পৰিষদৰ মুখ্য আহ্বায়কদ্বয় ড০ কৃষ্ণগোপাল ভট্টাচার্য আৰু বসন্ত ডেকাই কয়– ‘কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ–সভাপতি পৰাগ ভূঞা জনগণৰ পক্ষত থাকি বাতৰি পৰিৱেশন কৰা এগৰাকী সাংবাদিক হিচাপে খ্যাত আছিল৷ তেওঁৰ আপোচবিহীন সাংবাদিকতাই শাসক গোষ্ঠীৰ লগতে কেতবোৰ ন্যস্তস্বার্থজড়িত মহলক যথেষ্ট সংকটত পেলাই আহিছিল৷ বুধবাৰে সন্ধিয়া নিজা বাসগৃহলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত পিছফালৰ পৰা পৰাগ ভূঞাক এখন তীব্রবেগী গাড়ীয়ে খুন্দিয়াই মৃত্যুমুখলৈ ঠেলি দিয়া বিষয়টো কোনো কাৰণতে সহজভাৱে গ্রহণ কৰিব পৰা নাই৷ সমগ্র ঘটনাটোৰ উচিত তদন্ত হ’বই লাগিব৷’ ইফালে, পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবীত আজি ৰাজগড়স্থিত পৰাগ কুমাৰ দাসৰ স্মৃতি সৌধৰ সমীপত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে অসম সংগ্রামী মঞ্চই৷ এই প্রতিবাদস্থলীৰ পৰাই এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে অসম সংগ্রামী মঞ্চৰ লগতে আঞ্চলিক গণ মর্চা, মানৱ অধিকাৰ সংগ্রাম সমিতি, সন্মিলিত ঐক্য মঞ্চ, নিখিল ভাৰত কৃষক সভা, গুৱাহাটী উন্নয়ন সমিতিৰ ঐক্য মঞ্চৰ নেতৃত্বই৷ এই প্রতিবাদী কার্যসূচীৰ জৰিয়তে দোষীক শীঘ্রে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্রদানৰ দাবী উত্থাপন কৰে৷ এই কার্যসূচীত লাচিত বৰদলৈ, মনজিৎ মহন্ত, মীৰা বৰঠাকুৰ, প্রণৱজ্যোতি চেতিয়া, সমৰজ্যোতি বেজবৰুৱা, ৰমেন গোস্বামীকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে৷ আনহাতে, সাংবাদিক ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে গুৱাহাটী প্রেছ ক্লাবে৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধানক এটা বিশেষ তদন্তকাৰী গোট গঠন কৰি সমগ্র বিষয়টো অনুসন্ধান কৰিবলৈ আহ্বান জনাইছে গুৱাহাটী প্রেছ ক্লাবে৷ এক বিবৃতিত প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে কয়– ‘যি পৰিস্থিতিত সাংবাদিকগৰাকীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল, সেয়া ৰহস্যজনক৷ সেয়েহে ইয়াৰ এক সঠিক তদন্ত হোৱা উচিত৷’ ইফালে, প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ লগতে সতীর্থ সাংবাদিকসকলে এই ঘটনাৰ এক তদন্তৰ জৰিয়তে দুর্ভগীয়া পৰিয়ালটোক ন্যায় প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছে৷ এক বিবৃতিত শইকীয়াই কয়– ‘বিগত কিছুদিন ধৰি বিভিন্ন দুর্নীতি আৰু অনিয়মৰ বাতৰি ধাৰাবাহিকভাৱে প্রকাশ কৰি আহিছিল পৰাগ ভূঞাই৷ যাৰ বাবে সাংবাদিকগৰাকী ভাবুকিৰো সন্মুখীন হৈছিল৷ সেয়েহে আমি এই ঘটনাক পৰিকল্পিত হত্যা বুলি সন্দেহ কৰি উচিত তদন্তৰ দাবী কৰিছোঁ৷’ কৃষক মুক্তি সংগ্রাম সমিতিয়েও সাংবাদিকগৰাকীৰ কৰুণ মৃত্যুত শোক প্রকাশ কৰে৷ আছাম প্রেছ কৰেছপণ্ডেণ্টছ ইউনিয়নেও সাংবাদিকগৰাকীৰ বিয়োগত শোক প্রকাশ কৰি সমগ্র ঘটনাৰ এক তদন্তৰ দাবী উত্থাপন কৰিছে৷ পৰাগ ভূঞাৰ বিয়োগত শোক প্রকাশ কৰিছে অসম প্রদেশ কংগ্রেছ কমিটীয়ে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এই ৰহস্যজনক ঘটনাৰ এক উচিত তদন্তৰো দাবী জনাইছে চৰকাৰক৷
পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ  ভাৰ চি আই ডিক অর্পণ কৰিলে মুখ্যমন্ত্রীয়ে
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি এক নির্দেশনাৰ জৰিয়তে জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ ভাৰ চি আই ডিৰ ওপৰত ন্যস্ত কৰিছে৷ উল্লেখ্য যে আজি এক শোকাৱহ দুর্ঘটনাত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল৷ কি পৰিস্থিতিত সাংবাদিকগৰাকীয়ে মৃত্যুবৰণ কৰিলে, এই সমগ্র ঘটনাৰাজি চি আই ডিয়ে পুংখানুপুংখভাৱে তদন্ত কৰিব৷

You might also like