নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খালিস্তানী সমর্থক–শিৱসেনাৰ সংঘর্ষঃ পঞ্জাবৰ পাটিয়ালাত উত্তপ্ত পৰিস্থিতি, অতিৰিক্ত আৰক্ষী মোতায়েন

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ পঞ্জাবৰ পাটিয়ালা চহৰত আজি শিৱসেনা আৰু খালিস্তানী সমর্থকৰ মাজত সৃষ্টি হোৱা সংঘর্ষত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ তৰোৱালেৰে সজ্জিত খালিস্তানী সমর্থক আৰু শিৱসেনাৰ কর্মীসকলে পৰস্পৰৰ বিৰুদ্ধে শিলগুটি দলিয়াই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি সংঘর্ষকাৰীক ছত্রভংগ দিয়াবলৈ চেষ্টা কৰে৷ উল্লেখনীয় যে স্থানীয় এটা কালী মন্দিৰৰ সমীপতে এই সংঘর্ষৰ সূত্রপাত ঘটে৷ উল্লেখনীয় যে শিৱসেনাই আজি চহৰখনত খালিস্তান মুর্দাবাদ সমদল উলিওৱাৰ সময়তে এই সমদলত বাধা প্রদান কৰিবলৈ আগবাঢ়ি আহে কট্টৰপন্থী শিখসকলে৷ এই কট্টৰপন্থী শিখ লোকসকল খালিস্তানৰ সমর্থক বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ পাটিয়ালাৰ আর্য সমাজ চ’কৰ পৰা কালী দেৱী মন্দিৰলৈ ওলোৱা শিৱসেনাৰ এই সমদলটোৰ নেতৃত্ব দিছিল পঞ্জাব গোটৰ কার্যকৰী সভাপতি হৰিশ ছিংলাই৷ এই সংঘর্ষৰ ঘটনাত দুজন লোক আহত হৈছে৷ লক্ষণীয়ভাৱে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ এই বাতৰি যুগুতোৱাৰ পৰলৈ আৰক্ষীৰ অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে চহৰখনত৷

You might also like