কিমিন পুতিন সংযোগী পথ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে
নিয়মীয়া বাৰ্তা ১৭ জুনঃ অসম -অৰুণাচল সীমান্ত লখিমপুৰ জিলাৰ বিলগড় ITBPৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ অৰুণাচল প্ৰদেশৰ কিমিন – পুতিন সংযোগীকে ধৰি ১০ টা সীমান্ত পথ আৰু জন্মু কাশ্মীৰ লডাখৰ দুটিকৈ সমীান্ত পথ virtually উদ্ঘাটন কৰি দেশবাসীক সমৰ্পন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লগতে কয় যে BRO এ কম সময়তে সুদীৰ্ঘ পথ সমুহ নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছে আৰু সেয়ে সংস্থাটো ধন্যবাদৰ পাত্ৰ ৷
তেওঁ লগতে কয় যে ভাৰতে কোনৰ ৰাষ্ট্ৰক ভীতি প্ৰদৰ্শন কৰ নাই আৰু ভাৰতে শান্তি বিশ্বাস কৰে ৷ বছৰৰ পাছত বছৰ ধৰি সীমান্তত ভাৰতে বিশ্ব শান্তিৰ বাৰ্তা বিলাই আহিছে ৷ কিন্তু ভাৰতক কোনো শক্তিয়ে ভাবুকি প্ৰদান কৰিলে তাৰ উচিত উত্তৰ দিবলৈও ভাৰত সাজু ৷
উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ সোঁহাত ৰূপে অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে প্ৰধান মন্ত্ৰী মোদী চৰকাৰে সদায় চেষ্ট অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে এই নতুন পথ কেইটা হৈ উঠাৰ লগে লগে অৰুণাচলৰ জনসাধাৰণৰ বাবে দ্ৰুত উন্নয়ন হোৱাৰ লগতে চীন সীমান্তত ভাৰতৰ সেনা অধিক শক্তিশালী পৰিছে ৷
প্ৰতিৰক্ষা মন্ত্ৰীগৰকীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে কভিড নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰি কয় যে অসমত স্থাপন হোৱা অক্সিজেন প্লেন্টৰ পৰা উত্তল পূব লাভাম্বিত হ’ব ৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মোদী চৰকাৰ আৰু ৰাজনাথ সিঙে উত্তৰ পূবৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰে ৷
ইফালে অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰণ ৰিজুজুৱে অৰুণাচলৰ যাতায়াত ব্যৱস্থা সুচল কৰি তোলা বাবে BRO আৰু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ওচৰত ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰে ৷