নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ প্ৰায় ২,০০০ কিমি পথ যাত্ৰা কৰি পুৱতি নিশা মহানগৰীত উপস্থিত হ’ল ৰাজস্থানৰ কোটাত আৱদ্ধ অসমৰ ৩৯১গৰাকী শিক্ষাৰ্থী। ১৮খন বাছেৰে ২৪ এপ্ৰিলৰ পৰা যাত্ৰা কৰা শিক্ষাৰ্থীসকল অসম আহি পোৱাত উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকল। ৰাজ্য চৰকাৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক শলাগ ল’লে সকলোৱে। অসম আহি পোৱাৰ পিছতেই শিক্ষাৰ্থী, অভিভাৱক তথা আৰক্ষীলোকসকলক কোৱাৰেণ্টাইনৰ ব্যবস্থা কৰিছে ৰাজ্য চৰকাৰে। মুঠ ৪৬৭জন লোকক কোৱাৰেণ্টাইনৰ ব্যবস্থা কৰিছে চৰকাৰে।
শিক্ষাৰ্থীসকলৰ ভিতৰত ২২৮জন ছাত্ৰ আৰু ১৬৩গৰাকী ছাত্ৰী। ছাত্ৰসকলক সৰুসজাইতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে আৰু ছাত্ৰীসকলক সৰুসজাইৰ কাষতে থকা তিনিখনলৈ হোটেলত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। হোটেল পৰশুৰাম, ভাৰ্গব গ্ৰেণ্ড আৰু ৰয়েল হেৰীটেজত কোৱাৰেণ্টাইন কৰা হ’ব ছাত্ৰীসকলক।
উল্লেখযোগ্য যে পুৱতি নিশা প্ৰায় ৫বজালৈ সৰুসজাই ষ্টেডিয়ামত উপস্থিত থাকি শিক্ষাৰ্থীসকলক আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ অৱস্থাৰ বুজ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোবাৰেণ্টাইনৰ নিয়মসমূহ শিক্ষাৰ্থীসকলক বুজাই দিয়াৰ লগতে সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে।