নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ ‘অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’লেই অসমৰ ৰাইজে হেৰুৱাব লাগিব মৌলিক অধিকাৰ৷ বিজেপিৰ চৰকাৰ গঠন হ’লেই ৰাইজে ন্যায় বিচাৰি, প্রাপ্য অধিকাৰ বিচাৰি প্রতিবাদ কৰিব নোৱাৰিব৷ বিজেপিৰ নেতৃত্বই ইতিমধ্যে এই কথাকেই ঘোষণা কৰিছে৷’– আজি সৰুক্ষেত্রীৰ কয়াকুছিত অসম জাতীয় পৰিষদৰ এখন যোগদান সভাত অংশগ্রহণ কৰি এইদৰে কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ একেদৰে অসমৰ জাতীয় জীৱনৰ স্বাভিমান ৰক্ষা কৰাৰ লগতে ধর্মীয় উন্মাদনা লুপ্ত কৰাৰ মানসেৰে অসম জাতীয় পৰিষদে এটা নতুন যাত্রা আৰম্ভ কৰিছে বুলিও ভাষণ প্রসংগত উল্লেখ কৰে৷ একেদৰে ভোট বিভাজনৰ সুযোগ যাতে বিজেপিয়ে ল’ব নোৱাৰে, তাৰ বাবেই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে একত্রিত হৈ ২০২১ চনৰ নির্বাচনত ঐক্যবদ্ধভাৱে যুঁজাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলিও আজি ৰাজহুৱাকৈ ঘোষণা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ একেদৰে অসমৰ আঞ্চলিক ভাবাপন্ন ক্ষুদ্র আঞ্চলিক দলবোৰক অসম জাতীয় পৰিষদৰ লগত চামিল হ’বলৈও ৰাজহুৱাকৈ আহ্বান জনায় লুৰিণজ্যোতি গগৈয়ে৷ অসমৰ ৰাইজে দিল্লীৰ সকলো জনস্বার্থবিৰোধী নীতিৰ তীব্র বিৰোধিতা কৰি আহিছে আৰু অন্যায়–বিচাৰৰ বিৰুদ্ধে যুঁজ দি বহুকেইজন অসমীয়াই মৃত্যুক আঁকোৱালি লৈ শ্বহীদ হৈছে বুলিও কয় লুৰিণজ্যোতি গগৈয়ে৷
আনহাতে, অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’লে অসমত কেতিয়াও ‘কা’ প্রয়োগ কৰিবলৈ দিয়া নহ’ব বুলিও ব্যক্ত কৰে৷ অসম চুক্তিৰ ছয় নং দফা আজিলৈ ৰূপায়ণ নকৰা সন্দর্ভতো তীব্র ক্ষোভ ব্যক্ত কৰে লুৰিণজ্যোতি গগৈয়ে৷ আন্দোলনমুক্ত অসম কৰিব বিচৰা বিজেপি দলে আমাৰ প্রাপ্যৰ বাবে আমি প্রতিবাদ কৰিলেই জে’ললৈ নিক্ষেপ কৰিব আৰু গুলীয়াই মাৰিব বুলি কোৱাৰ লগতে বিজেপি নেতৃত্বই এতিয়া শ্বহীদকো অপমান কৰিছে বুলি আক্ষেপ কৰে৷ ভাষণ প্রসংগত সংবিধানপ্রদত্ত অধিকাৰ সকলোৱেই পাব লাগিব বুলি কোৱাৰ লগতে সমভাৱে আগবঢ়াই নিয়াটোৱেই হ’ব অসম জাতীয় পৰিষদৰ মুখ্য উদ্দেশ্য বুলিও লুৰিণজ্যোতি গগৈয়ে ব্যক্ত কৰে৷ আনহাতে, এতিয়া অসমত সর্বত্র ছিণ্ডিকেটৰাজ আৰু কমিছনৰাজ চলিছে বুলিও লুৰিণজ্যোতি গগৈয়ে অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য যে অসম জাতীয় পৰিষদৰ উপ–সভাপতি দুলু আহমেদৰ সভাপতিত্বত অনুষ্ঠিত বিশাল যোগদান সভাত কংগ্রেছ নেতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সবজুল হক শিকদাৰ, অভিযন্তা ৰামকৃষ্ণ দাস, সমাজকর্মী শৈলেন দাস, অক্ষয় দাস, প্রাক্তন অগপ নেতা চত্তৰ আহমেদ আদি কেইবাজনো লোকে অজাপত যোগদান কৰে৷
ইপিনে, এই সভাত উপস্থিত থাকি পাটাছাৰকুছি সমষ্টিৰ প্রাক্তন বিধায়ক তথা অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকাই কয় যে বিজেপি চৰকাৰে এতিয়া সকলো চৰকাৰী সম্পদ বিক্রী কৰিবলৈ ধৰিছে৷ আৰু এই ফেচিষ্ট চৰিত্রৰ বিজেপি চৰকাৰে অসম আৰু অসমীয়া লোককো বিক্রী কৰিব৷ একেদৰে বিজেপিয়ে কেৱল ধর্মৰ ভিত্তিত অসমখনক ভাগ ভাগ কৰিব বিচাৰিছে আৰু অসমখন ধ্বংস কৰাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে বুলি অভিযোগ তুলি কয় যে আমি কেতিয়াও এই কার্য সম্পাদন হ’বলৈ নিদিওঁ৷ আনহাতে, এইবাৰ অসম জাতীয় পৰিষদৰ নেতৃত্বত অসম চৰকাৰ গঠন হ’ব বুলিও দাবী কৰে৷ ইপিনে, সভাপতিৰ ভাষণত দুলু আহমেদে কয় যে সৰুক্ষেত্রী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে দিনত কংগ্রেছ কৰে আৰু ৰাতি বিজেপি কৰে৷ নিশা বিজেপি নেতাৰ ঘৰে ঘৰে গৈ গোপন বৈঠকত মিলিত হয় বুলিও অভিযোগ উত্থাপন কৰে৷ আনহাতে, জাকিৰ হুছেইন শিকদাৰে কংগ্রেছত বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে বুলিও অভিযোগ উত্থাপন কৰে৷ অসম জাতীয় পৰিষদৰ সৌজন্যত আৰু বৰপেটা জিলা সমিতিৰ উদ্যোগত কয়াকুছিত অনুষ্ঠিত আজিৰ এই সভাত অসম জাতীয় পৰিষদৰ সম্পাদক অমল ডেকা, কেন্দ্রীয় প্রচাৰ সম্পাদক দেৱজিৎ অধিকাৰী, কেন্দ্রীয় সাংগঠনিক সম্পাদক মনোজ শর্মা, গোবিন্দ গায়ন, কেন্দ্রীয় বিষয়ববীয়া দুলুমণি তালুকদাৰ আদি উপস্থিত থাকে৷
বহৰিত কেইবাটাও ৰাজনৈতিক দলৰ নেতা–কর্মীৰ জাতীয় পৰিষদত যোগদান
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰিত আজি অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান সমাৰোহ অনুষ্ঠিত হয়৷ কংগ্রেছৰ দখলত থকা চেঙা সমষ্টিৰ বহৰিৰ শ্রীশ্রীহৰিদেৱ ক্ষেত্রত অনুষ্ঠিত যোগদান সমাৰোহত বিজেপি, কংগ্রেছ, তৃণমূল কংগ্রেছ, অগপৰ লগতে বহুসংখ্যক প্রাক্তন আছু নেতাই অসম জাতীয় পৰিষদত যোগদান কৰে৷ প্রাক্তন আছু নেতা প্রভাকৰ পাঠক, মিণ্টু মেধি, বিজেপিৰ চেঙা সমষ্টি সমিতিৰ যুৱ মর্চাৰ প্রাক্তন উপ–সভাপতি মণিৰ উদ্দিন আহমেদ, তৃণমূল কংগ্রেছৰ বৰপেটা জিলাৰ সম্পাদক মান্নান খান, কংগ্রেছৰ প্রাক্তন মণ্ডল সভাপতি কামেৰ খান আদিৰ নেতৃত্বত বিভিন্ন দলৰ বহুসংখ্যক নেতা–কর্মীক অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ, পবিন্দ্র ডেকা, দুলু আহমেদ, গোবিন্দ গায়ন আদিয়ে গামোচা আৰু অসম জাতীয় পৰিষদৰ অংগবস্ত্রৰে আদৰণি জনায়৷