নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত সামান্য তর্কবাদতে ই–ৰিক্সা চালকক মৰিয়াই হত্যা

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ লখিমপুৰত মঙলবাৰে সামান্য তর্কবাদৰ ফলত এজন ই–ৰিক্সাচালকক মৰিয়াই হত্যা কৰা এটা জঘন্য ঘটনা সংঘটিত হৈছে৷ এই ঘটনাৰ বলি ই–ৰিক্সাচালকজন হৈছে নগৰৰ ৫ নং ৱার্ড নিৱাসী ভদ্র চেতিয়া (৩৮)৷ ই–ৰিক্সা চলাই পৰিয়ালক ভৰণ–পোষণ দিয়া ভদ্রই মঙলবাৰে পুৱাবেলা এখন হোটেলৰ সামগ্রী বোজাই কৰি নকাৰীলৈ গৈছিল৷ ভাৰা মাৰিবলৈ যোৱা ভদ্রৰ সৈতে নকাৰী ৰে’লৱে ষ্টেচনৰ সমীপৰ ধন শইকীয়াই সামান্য কথাতে তর্কবাদত লিপ্ত হয়৷ নকাৰী দাস হাস্পতালৰ সমীপতে এই ঘটনাটো সংঘটিত হয়৷ তর্কবাদত লিপ্ত ধন শইকীয়াই উত্তেজিত হৈ ভদ্রক প্রচণ্ড প্রহাৰ কৰে৷ ধনৰ প্রহাৰত গুৰুতৰভাৱে আহত হৈ ধৰাশায়ী হয় ভদ্র৷ পিছত আহত ভদ্রক লখিমপুৰৰ চাবতি চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও সন্ধিয়ালৈ তেওঁৰ মৃত্যু হয়৷ ঘটনা সন্দর্ভত সদৰ থানাত ধন শইকীয়াৰ বিৰুদ্ধে ভদ্রৰ পৰিয়ালে এজাহাৰ দাখিল কৰে যদিও পলাতক অৱস্থাত থকাৰ বাবে আৰক্ষীয়ে ধনক গ্রেপ্তাৰ কৰিব পৰা নাই৷ ঘটনাটোৱে লখিমপুৰত তুমুল আলোড়নৰ সৃষ্টি কৰিছে৷ সকলোৱে হত্যাকাৰী ধনৰ কঠোৰ শাস্তিৰ দাবীত সৰৱ হৈ পৰিছে৷ এটি কণমানি পুত্র আৰু এটি কন্যা সন্তানসহ পত্নী এৰি যোৱা ভদ্রৰ পৰিয়ালটোৱে একমাত্র উপার্জনকাৰীজনক হেৰুৱাই হাহাকাৰ কৰিছে৷ সকলোৱে পৰিয়ালটোক ন্যায় প্রদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে৷

You might also like