সমানে যুঁজিছে মানৱ–জয়প্রকাশে ঢকুৱাখনাত নৱ দলেৰ অংকত আউল
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ লখিমপুৰ জিলাৰ চাৰি বিধানসভা সমষ্টি বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ আৰু ঢ়কুৱাখনাত সঘনে সলনি হৈছে প্রাক্নির্বাচনী প্রেক্ষাপটৰ সমীকৰণ৷ বিশেষকৈ এই মুহূর্তত ১১১নং লখিমপুৰ সমষ্টিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে৷ ইয়াৰ মূলতে সমষ্টিটোত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি আৰু কংগ্রেছৰ দুই যুৱ প্রার্থী ক্রমে মানৱ ডেকা আৰু ডাঃ জয়প্রকাশ দাস৷ তদুপৰি সমষ্টিটোত অগপ প্রার্থী উৎপল দত্তই প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিষয়টোৱে তাৎপর্য বহন কৰিছে৷ বর্তমানৰ বিধায়ক উৎপল দত্তৰ প্রতিদ্বন্দ্বিতাই বিজেপিক ক্ষতি কৰিব বুলি কংগ্রেছ মহলে আশা কৰিছে যদিও বিজেপিয়ে অগপ প্রার্থীজনক যিমান পাৰি কম ভোটত আবদ্ধ ৰখাৰ বাবে ন ন কৌশল প্রয়োগ কৰিছে৷ উল্লেখ্য যে বিগত ২০১৬ চনৰ নির্বচনত উৎপল দত্ত বিজেপিৰ মিত্রজোঁটৰ প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্রেছৰ ডাঃ জয়প্রকাশ দাস দলীয় চিপৰাং ৰাজনীতিৰ বলি হৈছিল৷ কিন্তু এইবাৰ দৃশ্যপট ওলোটা দেখিবলৈ পোৱা গৈছে৷ কংগ্রেছৰ এইবাৰ প্রার্থী কেৱল ডাঃ জয়প্রকাশ দাসৰ বিৰুদ্ধে দলত বিসম্বাদৰ মুকলি বহিঃপ্রকাশ ঘটা পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ বিপৰীতে বিজেপিয়ে প্রার্থী ৰূপে মানৱ ডেকাক প্রক্ষেপ কৰাৰ পাছতো মিত্রজোঁটৰ অগপই উৎপল দত্তক পুনৰ টিকট প্রদান কৰে৷ মিত্রজোঁটত এনে বিভাজনৰ বাবে কংগ্রেছ মহল অধিক আত্মবিশ্বাসী হৈ পৰা পৰিলক্ষিত হৈছে৷ কিন্তু ৰাজনৈতিক পর্যবেক্ষক মহলৰ মতে, কংগ্রেছ কর্মীসকলে ভবাৰ দৰে জয়ৰ পথ মসৃণ হৈ থকা নাই৷ নির্বাচনী প্রেক্ষাপটত চকু ফুৰালে দেখা যায় যে কংগ্রেছৰ পক্ষত সংখ্যালঘু ভোট আৰু অনুসূচিত জাতিৰ সিংহভাগ ভোট যোৱাৰ সম্ভাৱনা থকাৰ বিপৰীতে বিজেপিৰ পক্ষত চাহ জনজাতিৰ ভোট আৰু জনজাতি ভোটৰ সিংহভাগ থকাৰ অনুমান কৰিব পাৰি৷ কংগ্রেছ প্রার্থী ডাঃ জয়প্রকাশ দাসে লখিমপুৰ ধুনীয়া কৰাৰ শ্লোগানেৰে ৰাইজৰ কাষ চপাৰ বিপৰীতে বিজেপিৰ মানৱ ডেকাই উন্নয়নৰ ইছ্যু দাঙি ধৰিছে৷ সেইদৰে ঢ়কুৱাখনা বিধানসভা সমষ্টিত বিজেপি প্রার্থী তথা মন্ত্রী নৱ কুমাৰ দলে আৰু কংগ্রেছ তথা টি এম পি কেৰ প্রাক্তন নেতা পদ্মলোচন দলেৰ নির্বাচনী যুঁজ তুংগত উঠিছে৷
নৱ কুমাৰ দলে গ্রামোন্নয়ন মন্ত্রী ৰূপে বহু গাঁৱৰ বাট–পথৰ উন্নয়ন কৰাৰ লগতে সমষ্টিটোৰ সামগ্রিক উন্নয়নৰ বাবে বহু পদক্ষেপ গ্রহণ কৰিছিল৷ এতিয়া সেই কামবোৰকে সম্বল হিচাপে লৈ মন্ত্রীজন ভোটাৰৰ কাষ চাপিছে৷ প্রথমাৱস্থাত মন্ত্রীজন প্রতিদ্বন্দ্বী পূর্বৰ মন্ত্রী ভৰত নৰহ থিয় হোৱাৰ বাবে ব্যাপক প্রচাৰ চলাইছিল৷ তেনে পৰিস্থিতিত নৱ কুমাৰ দলে জয়ী হ’ব বুলি সমষ্টিটোত ব্যাপক চর্চা চলিছিল৷ কিন্তু কংগ্রেছ হাইকামাণ্ডে নিশাৰ ভিতৰতে নৱ কুমাৰ দলেৰ অংকত আউল লগাই পূর্বৰ টি এম পি কেৰ কেন্দ্রীয় নেতা তথা গণ শক্তি আৰু অগপৰ প্রার্থিত্বপ্রত্যাশী পদ্মলোচন দলেক কংগ্রেছৰ টিকট প্রদান কৰে৷ ইয়াৰ লগে লগে সমষ্টিটোত ৰাজনৈতিক দৃশ্যপট সলনি হ’বলৈ আৰম্ভ কৰে৷ ঢ়কুৱাখনাত মিচিং ভোটৰ উলম্ব বিভাজন হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ ফলত সাধাৰণ শ্রেণীৰ ভোটাৰে নির্ণায়ক ভূমিকা ল’ব বুলি চর্চা চলিছে৷ আনহাতে, নাওবৈচা সমষ্টিত নির্বাচনী দৃশ্যপট জটিল হৈ পৰিছে৷ অগপ তথা মিত্রজোঁটৰ প্রার্থী জয়ন্ত খাউণ্ডে বিজয়ৰ সুযোগ কিদৰে গ্রহণ কৰিব পাৰে, সেয়া লক্ষণীয় হ’ব৷ ২০১৬ৰ নির্বাচনত বিজেপি প্রার্থী ৰাও গজেন্দ্র সিং খুব কম ভোটৰ ব্যৱধানত পৰাজিত হৈছিল৷ পিছে এইবাৰ ৰাও গজেন্দ্র সিঙে নির্দলীয়কৈ প্রতিদ্বন্দ্বিতা কৰা বাবে ভোটাৰসকল বিবুধিত পৰিছে৷ ৰাও গজেন্দ্র সিঙৰ স্থিতি এইবাৰো যদিহে সবল হয়, তেন্তে মিত্রজোঁটৰ প্রার্থীজনৰ বাবে সমস্যা সৃষ্টি হ’ব বুলি চর্চা চলিছে৷ সমষ্টিটোত বর্তমান ৮৪ হাজাৰৰো অধিক সংখ্যালঘু ভোটাৰ আছে আৰু প্রতিবাৰ নির্বাচনত দেখা যায় যে ইয়াৰ ৮০ শতাংশ ভোট সদায় একোজন প্রার্থীয়ে লাভ কৰি আহিছে৷ এনে অবিভক্ত ভোট লাভ কৰাৰ বাবেই বিগত বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰ পৰা মামুন ইমদাদুল হক জয়ী হৈছিল৷
এইবাৰ সংখ্যালঘু ভোটাৰৰ ভোট বিভাজন কৰিবলগীয়া সম্ভাব্য দুজন প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ এজন হ’ল কংগ্রেছৰ প্রার্থী ভৰত নৰহ৷ ঢ়কুৱাখনাত নিজৰ ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰ দেখি সাংসদ ৰাণী নৰহৰ তৎপৰতাৰ বাবে প্রাক্তন মন্ত্রী ভৰত নৰহে বাহাৰ পাতিছে নাওবৈচাত৷ তেওঁলোকৰ মূল লক্ষ্য হ’ল সংখ্যালঘু ভোটাৰ৷ কিন্তু নৰহ দম্পতীৰ এনে তৎক্ষণিক আৰু অনধিকাৰ প্রৱেশে নাওবৈচাৰ যুৱ কংগ্রেছৰ নেতাসকলক দিশহাৰ কৰি তুলিছে৷ ইয়াৰ মাজতে ৰাণী নৰহে সংখ্যালঘু ভোটাৰৰ ওপৰত চকু দিয়াৰ বিপৰীতে মিচিং ভোটাৰসকলক আকৃষ্ট কৰাৰ চেষ্টাত নামি পৰিছে ভৰত নৰহ৷ পিছে নৰহ দম্পতীৰ এনে চেষ্টাৰ সন্মুখত ডাঙৰ বাধা হৈ পৰিছে ৰাইজৰ দলৰ প্রার্থী আজিজুৰ ৰহমান৷ আমছুৰ প্রাক্তন নেতাগৰাকীৰ প্রভাৱ সংখ্যালঘু ভোটাৰৰ মাজত ব্যাপক ৰূপত দেখা গৈছে৷
বিহপুৰীয়া বিধানসভা সমষ্টিত বিজেপিয়ে ড০ অমিয় কুমাৰ ভূঞাক প্রার্থী ৰূপে ঘোষণা কৰাৰ পাছতে ৰাজনৈতিক দৃশ্যপট ঘনে ঘনে সলনি হৈছে৷ ধেমাজিৰ সন্তান ভূঞাই দীর্ঘদিন ধৰি বিহপুৰীয়া সমষ্টিত প্রার্থিত্ব লাভৰ বাবে চেষ্টা কৰি আহিছিল৷ কিন্তু বর্তমানৰ বিধায়ক দেৱানন্দ হাজৰিকাই টিকট লাভ কৰিব বুলি আশা ৰাখিছিল তৃণমূল কর্মীসকলে৷ ভূঞাৰ বিৰুদ্ধে ‘চালানী’ অভিধান দি বিৰোধীয়ে নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷ ইয়াৰ মাজতে ভূঞাই চৰ–চাপৰি অঞ্চলত দ্রুত গতিৰে নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷ সমষ্টিটোত কংগ্রেছৰ প্রার্থী হ’ল প্রাক্তন বিধায়ক ভূপেন বৰা৷ তেওঁৰ যুক্তি হ’ল যে বিজেপি প্রার্থীগৰাকী সমষ্টিটোৰ ৰাইজৰ বাবে অচিনাকি আৰু সেয়ে উন্নয়নৰ স্বার্থত ৰাইজে তেওঁকেই ভোট দিব৷ তেওঁ লক্ষ্য হিচাপে লৈছে নৱপ্রজন্মৰ ভোটাৰসকলক৷ বি পি এফৰ মিত্রতাৰ বাবে তেওঁৰ খাটাত এইবাৰ বডো ভোটৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ সমষ্টিটোত অসম জাতীয় পৰিষদৰ প্রার্থী অচ্যুত শইকীয়াই নির্বাচনী প্রচাৰ তীব্রতৰ কৰি তুলিছে৷ দীর্ঘদিন অগপত সেৱা আগবঢ়োৱা শইকীয়াই বিজেপি আৰু কংগ্রেছৰ ভেটিত খহনীয়া আনি নতুন সমীকৰণৰ সৃষ্টি কৰিব পাৰে বুলিও সমষ্টিবাসীৰ মাজত চর্চা চলিছে৷