আন্দোলনত নামিব ৰাজ্যৰ লক্ষাধিক ৰান্ধনী সহায়িকা
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ মাননি বৃদ্ধি নকৰিলে পুনৰ ৰাজ্যজুৰি গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সদৌ অসম প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় মধ্যাহ্ণ ভোজন ৰান্ধনী–সহায়িকা সন্থাই৷ গুৱাহাটী প্রেছ ক্লাবত বুধবাৰে এখন সংবাদ মেলত সন্থাৰ সভানেত্রী সবিতা বড়োৱে কয় যে শেহতীয়া বিধানসভা অধিৱেশনত নতুন চৰকাৰে ৰান্ধনী–সহায়িকাসক কেতবোৰ সমস্যাৰ বিষয়ে উত্থাপন নকৰিলে৷
আনকি ২০২১ বর্ষৰ বিত্তীয় বাজেটতো ৰান্ধনী–সহায়িকাসক সমস্যা লাঘৱ কৰিবলৈ কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ সেয়েহে ৰাজ্যৰ ১,১৮,৯৯৮গৰাকী ৰান্ধনী–সহায়িকাই পুনৰ গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দি বড়োৱে কয়– ‘প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত কর্মৰত ১,১৮,৯৯৮গৰাকী ৰান্ধনী–সহায়িকাৰ মাননি ১,৫০০ টকাৰ পৰা ৯,৬০০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে৷
তদুপৰি ৰান্ধনী–সহায়িকাসক পেন্সন আৰু চিকিৎসাৰ সুবিধা প্রদান কৰিব লাগে৷ তদুপৰি মধ্যাহ্ণ ভোজন আঁচনিৰ দায়িত্ব কোনো কাৰণতে বেচৰকাৰী সংস্থাক প্রদান কৰিব নোৱাৰিব৷’ সংবাদ মেলত সন্থাই প্রতি সপ্তাহতে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্রহণ কৰি ৰান্ধনী–সহায়িকাসক মাননি বৃদ্ধি কৰক৷ এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ নকৰিলে পর্যায়ক্রমে আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰি বড়োৱে প্রাপ্য অধিকাৰৰ বাবে ৰান্ধনী–সহায়িকাসক আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ আনহাতে প্রতিগৰাকী কর্মী–সহায়িকাই আগষ্ট মাহৰ দৰমহাৰ পৰা ১০ টকাকৈ মুঠ ১১,৮৯,৯৮০ টকা মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ প্রদান কৰিব বুলি ঘোষণা কৰে৷ সংবাদ মেলত সন্থাৰ উপদেষ্টা তৃষ্ণা নাথ উপস্থিত থাকে৷