নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনত আমি ল’ম নির্ণায়ক ভূমিকা

মন্ত্রী চন্দন ব্রহ্মৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ আসন্ন বিটিচি নির্বাচনক লৈ বিজেপি আৰু মিত্রদল বি পি এফৰ সংঘাতে চৰম ৰূপ ধাৰণ কৰিছে৷ দিছপুৰত বর্তমানেও দুই দলৰ মাজত মিত্রতা থকা সত্ত্বেও বিটিচিৰ নির্বাচনী প্রচাৰত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপি নেতাসকলে মিত্রদলটোৰ প্রতি অধিক আক্রমণাত্মক হৈ পৰাত স্তম্ভিত হৈ পৰিছে বি পি এফ৷ পৰিস্থিতি এতিয়া এনে পর্যায় পাইছে যে অহা বছৰ এপ্রিল মাহত হ’বলগীয়া বিধানসভা নির্বাচনত বি পি এফে নির্ণায়ক ভূমিকা ল’ব বুলিও হুংকাৰ দিছে৷ বি পি এফৰ উপ–সভাপতি তথা ৰাজ্যৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ, পর্যটন বিভাগৰ মন্ত্রী চন্দন ব্রহ্মই সংবাদ মাধ্যমৰ আগত কয় যে বিটিচি নির্বাচনৰ প্রচাৰৰ নামত বিজেপিয়ে বি পি এফৰ আদর্শত আক্রমণ কৰিছে৷ বি পি এফক প্রতিৰোধৰ বাবে চিঞৰি চিঞৰি হকে–বিহকে কথা কৈ জনসাধাৰণক বিভ্রান্ত কৰিব বিচাৰিছে৷ অহা এপ্রিল মাহত হ’বলগীয়া বিধানসভা নির্বাচনত বি পি এফে নির্ণায়ক ভূমিকা গ্রহণ কৰিব৷ বি পি এফৰ বাবে তেওঁলোক ক্ষতিগ্রস্ত হ’ব৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আচৰণত তেওঁলোক অবাক হৈছে বুলি উল্লেখ কৰি মন্ত্রী ব্রহ্মই কয় যে বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ সিদ্ধান্তমর্মেই মন্ত্রী ড০ শর্মাই নির্বাচনী প্রচাৰত বি পি এফক আক্রমণৰ লক্ষ্য কৰি লৈছে নে সেয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত, সেই বিষয়ে স্পষ্টভাৱে ক’ব লাগে৷ আনহাতে, বিটিচিত বিজেপিক মানুহে চিনি নাপায়, বিজেপিৰ কোনো গণভিত্তি নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে এতিয়া নতুনকৈ অঞ্চলটোত সোমাবহে বিচাৰিছে৷ অঞ্চলটোত বিজেপিৰ কোনো ভিত্তি নাই৷ সেইদৰে বিশ্বজিৎ দৈমাৰীৰ দল ত্যাগৰ কোনো প্রভাৱ বি পি এফত নপৰে বুলি প্রকাশ কৰি তেওঁ কয় যে দৈমাৰীয়ে যি সপোন দেখি বিজেপিত যোগ দিবলৈ ওলাইছে, সেয়া সফল নহয়৷ আনহাতে, মন্ত্রী চন্দন ব্রহ্ময়ো বিজেপিত যোগ দিব বুলি একাংশ মহলত চলি থকা চর্চাৰ প্রসংগত তেওঁ কয় যে তেওঁৰ বাবে সেয়া হাস্যকৰ৷ বি পি এফ দল তেওঁলোকেই জন্ম দিছে৷ এনে অৱস্থাত তেওঁ কেতিয়াও বি পি এফক বিশ্বাসঘাতকতা নকৰে৷

You might also like