নিয়মীয়া বাৰ্তা ১ জুনঃ সমগ্ৰ দেশত লক ডাউন চলি থকাৰ অৱস্থাতো বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহৰে একপ্ৰকাৰ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে দৰং জিলা প্ৰশাসনে । ফেব্ৰুৱাৰী মাহৰ পৰা মে’ মাহৰ ১৫ তাৰিখলৈ ভূমি ৰাজহ, ইটা ভাটা, মীন আৰু ভূমিৰ পুনৰ শ্ৰেণীকৰণৰ পৰা দৰং জিলা প্ৰশাসনে সংগ্ৰহ কৰিছে মুঠ ৮৯,৯৩,৬৬৩ টকা । ইয়াৰে ভূমি ৰাজহৰ পৰা ৬৪,৬৪,৩৬৩ টকা, ইটাভাটাৰ পৰা ৭,৮০,০০০ টকা, মীনৰ পৰা ৯,৪৯,৯৪০ টকা আৰু ভূমি পুনৰ শ্ৰেণীকৰণৰ পৰা ৭,৯৯,৩৬০ টকা সংগ্ৰহ কৰা হৈছে । জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই এই প্ৰসংগত মন্তব্য প্ৰকাশ কৰি কয় যে সমগ্র দেশত লক ডাউন চলি থাকোতে দৰং জিলাই প্ৰায় ৯০ লাখ ৰাজহ সংগ্ৰহ কৰিব পৰাটো সঁচাকৈ উৎসাহজনক বিষয় ।