লকডাউন ৫.০: ৮ জুনৰ পৰা খুলিব হোটেল ৰেষ্টুৰেণ্ট, শ্বপিং মল, ধর্মীয় স্থান–উপাসনাস্থলী
নিয়মীয়া বার্তা, ২ জুনঃ মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯) প্রতিৰোধকল্পে দেশত সোমবাৰৰে পৰা বলৱৎ হোৱা ‘লকডাউন–৫.০’ সন্দর্ভত গাইডলাইন প্রকাশ কৰিছে ৰাজ্য চৰকাৰে৷ দুর্যোগ ব্যৱস্থাপনা আইন–২০০৫ৰ অধীনত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ স্বাক্ষৰিত এএছডিএমএ–২৪/২০২০/পার্ট–১/৬৩ নম্বৰৰ এই সম্পর্কীয় নির্দেশাৱলীত বহুবোৰ ক্ষেত্রক সকাহ দিয়া হৈছে৷ ইয়াৰ বিপৰীতে কণ্টেইনমেণ্ট জ’ন বা নিয়ন্ত্রণ ক্ষেত্রসমূহত অব্যাহত থাকিব পূর্বৰ দৰে কঠোৰতা৷ তদুপৰি বহুবোৰ ক্ষেত্রক সকাহ দিলেও সামাজিক ব্যৱধান, ক’ভিড–১৯ প্রতিৰোধৰ বাবে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে ইতিপূর্বে জাৰি কৰা সকলো প্রট’কল কঠোৰভাৱে মানিব লাগিব৷
নির্দেশনা অনুসৰি অহা ৮ জুনৰ পৰা ধর্মীয় স্থান তথা উপাসনাস্থলীসমূহ ৰাইজৰ বাবে মুকলি হ’ব৷ কিন্তু প্রতি ঘণ্টাত সমৱেত হ’ব পাৰিব সর্বোচ্চ ২০জন লোকহে৷ যদিহে কোনো ধর্মীয় স্থানৰ এলেকা সৰু হয়, তেন্তে পৰিচালনা কমিটীয়ে সমৱেত হোৱা লোকৰ নির্ধাৰিত সংখ্যা হ্রাস কৰিব পাৰিব৷ সমৱেত লোকসকলক এবাৰ ব্যৱহূত কাগজৰ টোকেন দিয়াটো বাধ্যতামূলক কৰি দিয়া হৈছে৷ প্রধানতঃ প্রতি ঘণ্টাত সমৱেত ভক্তৰ সংখ্যা নিয়ামক কৰাৰ বাবে এই ব্যৱস্থা কৰাৰ লগতে টোকেনসমূহ যাতে ধর্মীয় স্থানত প্রৱেশৰ পূর্বে সুৰক্ষামূলকভাৱে নিষ্কাশন কৰা হয়, সেয়া নিশ্চিত কৰাৰ কথাও কোৱা হৈছে গাইডলাইনত৷ হোটেল, ৰেষ্টুৰেণ্ট আৰু অন্যান্য অভ্যর্থনা সেৱাও পুনৰ মুকলি হ’ব অহা ৮ জুনৰ পৰা৷ কিন্তু এইক্ষেত্রত সামাজিক ব্যৱধান বর্তাই চলিব লাগিব৷ তদুপৰি মুঠ সক্ষমতাৰ ৫০ শতাংশ লোকহে একে সময়ত গোট খাব পাৰিব৷ সামাজিক ব্যৱধান বর্তাই শ্বপিং মলসমূহকো অহা ৮ জুনৰ পৰা খোলাৰ অনুমতি দিয়া হৈছে৷
সোমবাৰৰে পৰা মুকলি ঠাই আৰু ৰাজহুৱা উদ্যানসমূহত যোগ, প্রাতঃভ্রমণ, জ’গিং আদি কৰিব পাৰিব৷ কিন্তু এনে স্থানসমূহত থাকিব নালাগিব কোনো বহাৰ ব্যৱস্থা৷ এনে স্থানসমূহত সামাজিক ব্যৱধান বর্তাই ৰখাটো নিশ্চিত কৰাৰ কথা গাইডলাইনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷ আজিৰে পৰা মুকলি ঠাইৰ লগতে ষ্টুডি’ত চৰকাৰী আৰু ব্যক্তিগত চলচ্চিত্র–ভিডি’ৰ দৃশ্যগ্রহণ কৰাৰো অনুমতি দিয়া হৈছে গাইডলাইনত৷ এইক্ষেত্রতো সামাজিক ব্যৱধান ৰক্ষা কৰিব লাগিব৷ কেৱল চুলি কটাৰ বাবেহে চেলুন আৰু পার্লাৰসমূহ খোলাৰ অনুমতি দিয়া হৈছে৷ পিছে এই বিষয়ত গুৰুত্বপূর্ণ চর্ত বান্ধি দিছে গাইডলাইনত৷ চর্ত অনুসৰি সামাজিক ব্যৱধান বর্তাই ৰখাৰ লগতে মাস্ক আৰু গ্লোভ্ছ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব৷ তদুপৰি অতি সঘনে ছেনিটাইজেচন কৰিব লাগিব৷ জিলা দণ্ডাধীশসকলে এই গাইডলাইন বলৱৎ কৰিব৷ গাইডলাইন উলংঘাকাৰীক দুর্যোগ ব্যৱস্থাপনা আইন–২০০৫ৰ ৫১ৰ পৰা ৬০নং ধাৰাৰ অধীনত জৰিমনা বিহাৰ উপৰি ভাৰতীয় দণ্ডবিধিৰ ১৮৮ আৰু অন্য আইনী ব্যৱস্থাৰ অধীনত আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ গাইডলাইনৰ দ্বিতীয় পর্যায়ত উল্লেখ কৰা হৈছে নৈশ সান্ধ্য আইনৰ প্রসংগ৷ সেই অনুসৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সমগ্র ৰাজ্যতে কঠোৰভাৱে বলৱৎ থাকিব সান্ধ্য আইন৷ এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাৰ বাদে কোনো লোকৰে চলা–ফিৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ স্থানীয় প্রশাসনে নিজৰ নিজৰ অঞ্চলত এই সন্দর্ভত আইনৰ সংশ্লিষ্ট ধাৰা প্রয়োগ কৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ বিশেষকৈ এইক্ষেত্রত চিআৰটিচিৰ ১৪৪ ধাৰা বলৱৎ হ’ব পাৰে৷
গাইডলাইনৰ তৃতীয় পর্যায়ত একমাত্র জৰুৰী বা স্বাস্থ্যজনিত কাৰণক বাদ দি ৬৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তি, বিভিন্ন শাৰীৰিক সমস্যাত ভোগা লোক, গর্ভৱতী মহিলা আৰু ১০ বছৰীয়া শিশুক ঘৰতে থকাৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ দুচকীয়া বাহনত মহিলা আৰু ১২ বছৰৰ তলৰ শিশুক বাদ দি দুজন আৰোহী উঠাটো নিষিদ্ধ থাকিব৷ তদুপৰি চলচ্চিত্র গৃহ, জীম, ছুইমিং পুল, মনোৰঞ্জন উদ্যান, থিয়েটাৰ, বাৰ, অডিট’ৰিয়াম, এছেমব্লী হল আদি বন্ধ থাকিব৷ সামাজিক, ৰাজনৈতিক, ক্রীড়া, মনোৰঞ্জন, শৈক্ষিক, সাংস্কৃতিক, ধর্মীয় অনুষ্ঠান আৰু অন্যান্য বৃহৎ জনসমাগমৰো অনুমতি দিয়া হোৱা নাই৷ পৰৱর্তী নির্দেশ নিদিয়াপর্যন্ত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ক’চিং চেণ্টাৰ আৰু জনসমাগম হ’ব পৰা তেনেধৰণৰ ঠাইসমূহ বন্ধ থাকিব৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে শীঘ্রে ষ্টেণ্ডার্ড অপাৰেটিং প্রছিডি’ছ ইছ্যু কৰিব বুলি উল্লেখ কৰি যোৱা ১৮ মে’ত জাৰি কৰা এএছডিএমএ–২৪/২০২০/পার্ট–১/৫৭নং নির্দেশনাৰ বাধা নিষেধসমূহ অব্যাহত থাকিব বুলি গাইডলাইনত স্পষ্ট কৰি দিয়া হৈছে৷ উল্লেখ্য যে যোৱা ৩১ মে’ত দেশত চতুর্থ পর্যায়ৰ লকডাউন অন্ত পৰাৰ পূর্বে ৩০ মে’ত ‘লকডাউন–৫.০’ৰ নির্দেশাৱলী জাৰি কৰা হৈছে৷ এই নির্দেশাৱলী কেন্দ্রীয় চৰকাৰে অভিহিত কৰিছে ‘আনলক–১’ হিচাপে৷