নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমৰ ছলেৰে পইচা সৰকোৱাৰ অভিযোগঃ ধুবুৰীৰ বালাজানত মহিলাক অমানৱীয় শাস্তি

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ বালাজনৰ ভিতৰুৱা অঞ্চলত আজি সংঘটিত হয় আন এক জঘন্য ঘটনা। বিদ্যুতৰ খুটাত বান্ধি মহিলাক তালিবানী শাস্তি দিলে গাঁওবাসীয়ে । উক্ত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ধুবুৰী জিলাত । গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত দুমৰদহ চতুৰ্থ খণ্ড গাঁৱত এটা বিদ্যুতৰ খুঁটাত বান্ধি মহিলাগৰাকীক অমানৱীয় নিৰ্যাতন চলোৱাই নহয় হাঁহি উল্লাস কৰে গাঁওখনৰ একাংশ যুৱক আৰু মহিলাই । মহিলাগৰাকীয়ে প্ৰেমৰ ছলেৰে যুৱকৰ পৰা ৫০ হেজাৰ টকা আদায় লোৱা বুলি মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে গাঁওবাসীয়ে । ঘটনাৰ বিৱৰণী মতে, গৌৰীপুৰ থানাৰ অন্তৰ্গত দুমৰদহ চতুৰ্থ খণ্ড গাঁওখনেদি মহিলাগৰাকীয়ে দুপৰীয়া এখন ই ৰিক্সাৰে যোৱা অৱস্থাত এদল উত্তেজিত পুৰুষ মহিলাৰ দলে মহিলাগৰাকীক বাটৰ পৰা চোঁচৰাই নি প্ৰথমে পথৰ কাষত থকা বিদ্যুতৰ খুটাত বান্ধি ৰাখে । পিছত মহিলাগৰাকীৰ গলত চেণ্ডেলৰ মালা পিন্ধোৱাৰ উপৰি গালত কলা চিয়াঁহী দিয়ে । বহুতে মহিলাগৰাকীৰ ওচৰলৈ গৈ বিভিন্ন প্ৰশ্ন কৰাৰ লগতে অশ্লীল গালি গালাজ কৰি তালিবানী শাস্তি প্ৰদান কৰিছে । অভিযোগ অনুসৰি কিছুদিন পূৰ্বে দুমৰদহ চতুৰ্থ খণ্ড গাঁওখনৰ এজন যুৱকক প্ৰেমৰ জালত পেলাই ৫০ হেজাৰ টকা আদায় কৰিছে এইগৰাকী মহিলাই। তাৰ পাছত আন এগৰাকী যুৱকক একে কৌশলেৰে প্ৰেমৰ জালত পেলোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । সেহে আজি গাঁওখনলৈ আহোতে গাঁওবাসীয়ে এনে তালিবানী শাস্তি দিছে । তিনিটা সন্তানৰ মাতৃ মহিলাগৰাকী গৌৰীপুৰ থানাৰ অন্তৰ্গত পাণবাৰী ৰঙামাটি তৃতীয় খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ প্ৰায় দুঘণ্টা পাছত ঘটনাস্থলীত বালাজান আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ।
প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like