ছমৰীয়াত লাভ জেহাদঃ ৰাকেশ মণ্ডল পৰিচয়েৰে হাবিবুলে প্রেমত ফচাইছিল হিন্দু কিশোৰীক
নিয়মীয়া বার্তা, ৮ ফেব্রুৱাৰীঃ ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকো থানাৰ অন্তর্গত ছমৰীয়াৰ পুঠিমাৰীত৷ নেউলডোৱা গাঁৱৰ মুফাজ্জল হকৰ পুত্র হাবিবুল বাছাৰ নামৰ যুৱকজনে নিজকে ৰাকেশ মণ্ডল বুলি পৰিচয় দি এগৰাকী ১৪ বছৰীয়া হিন্দু কিশোৰীক প্রেমৰ জালত পেলায়৷
দীর্ঘদিন ধৰি মিছা প্রলোভন আৰু বিভিন্ন ছল–চাতুৰিৰে কিশোৰীগৰাকীৰ লগত প্রেমৰ অভিনয় কৰি আহিছিল৷ আজি লাভ জেহাদীজনে কিশোৰীগৰাকীৰ লগত লগ কৰিবলৈ ছমৰীয়াৰ পুঠিমাৰীলৈ আহে৷ তেনে সময়তে ৰাইজে যুৱকজন লপাথপা দি আবদ্ধ কৰি ছমৰীয়া আৰক্ষী
পহৰা চকীত গতাই দিয়ে৷
এই সন্দর্ভত পৰিয়ালৰ লোকে ছমৰীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ এই ঘটনাক কেন্দ্র কৰি কালি ছমৰীয়াত চাঞ্চল্যৰ সৃষ্টি হয়৷