নিয়মীয়া বার্তা, ১৬ জুনঃ ২৪ মার্চৰ পৰা ৩১ মে’লৈ দেশজুৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চাৰিটা পর্যায়ৰ লকডাউনৰ মাজতে কণীৰ পৰা পোৱালি জন্ম দিয়া যন্ত্র উদ্ভাৱন কৰি সচেতন মহলৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ পশ্চিম প্রান্তৰ ৰাণীৰ হৰেশ্বৰ নাথ নামৰ লোকজনে৷
অঞ্চলটোত এজন ভাল ৰেডিঅ’–টিভিৰ মেকানিক হিচাপে জনপ্রিয়তা থকা হৰেশ্বৰ নাথে ৰেডিঅ’আৰু টিভিৰ অব্যৱহূত তথা পেলনীয়া সামগ্রীৰ দ্বাৰা লকডাউনৰ মাজতে নির্মাণ কৰে থলুৱা পদ্ধতিৰে হাঁহ বা মুর্গীৰ পৰা পোৱালি জন্ম দিয়া যন্ত্র৷ দিনক ৰাতি কৰি লকডাউনৰ দুমাহৰ ভিতৰতে কাগজৰ কার্টন আৰু কাঠেৰে মুঠ দুটা যন্ত্র উদ্ভাৱন কৰা হৰেশ্বৰ নাথে ১৪ জুনৰ ভিতৰত দুটা সপ্তাহত কড়ক নাথ নামৰ উন্নত প্রজাতিৰ মুর্গীৰ কেইবাটাও পোৱালি জন্ম দিবলৈ সক্ষম হৈছে৷
আনকি ৰাণীৰ পৰা কিছু নিলগৰ বেলগুৰিৰ ৰতন সিন্হা নামৰ উদ্যোগী লোকে নিজৰ ফার্ম–হাউছলৈ পোৱালি নিয়া বুলি হৰেশ্বৰ নাথে জানিবলৈ দিছে৷ ইফালে, হৰেশ্বৰ নাথৰ উদ্ভাৱন, যন্ত্রৰ বিষয়ে জানিব পাৰি ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ ৰাধিকা বড়ো আৰু ডাঃ নাৰায়ণ দেউৰীয়ে ১৪ জুনত হৰেশ্বৰ নাথৰ ৰাণীৰ বাসগৃহত উপস্থিত হৈ দুয়োটা যন্ত্র পৰীক্ষা কৰি কণীৰ পৰা পোৱালি জন্ম দিয়া কার্যৰ বুজ লয়৷
দুয়োগৰাকী পশু চিকিৎসকক সহযোগ কৰে গৱেষক ছাত্র ডাঃ হেমন্ত দাস আৰু ডাঃ অৰূপ ডেকাই৷ আনহাতে, পশু চিকিৎসকৰ দলটোৱে হৰেশ্বৰ নাথক বিভিন্ন দিহা–পৰামর্শ আগবঢ়ায় আৰু সহায়ৰ আশ্বাস দিয়ে৷