নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী আৰক্ষীৰ জালত গো–মাফিয়া ছামচুল হক ওৰফে গব্বৰ সিং

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ যোৱানিশা ধুবুৰী আৰক্ষীৰ এক বিশেষ অভিযানত এজন কুখ্যাত গো–মাফিয়া কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বিশেষ এক তথ্যৰ ভিত্তিত যোৱানিশা আৰক্ষীৰ এটি দলে ধুবুৰী জিলাৰ বালাজান অঞ্চলৰ পৰা বাংলাদেশলৈ চোৰাংকৈ গো–সৰবৰাহৰ সৈতে জড়িত থকা এজন দাগী অপৰাধী কৰায়ত্ত কৰিছে। আজি ধুবুৰীস্থিত কাৰ্য্যালয়ত সংবাদ মেলযোগে এই কথা সদৰী কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে। উল্লেখ্য যে ধৃত ছামচুল হ’ক ওৰফে গব্বৰ সিং নামৰ গো–মাফিয়াজন পূৰ্বেও আৰক্ষীৰ জালত পৰিছিল। ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত মধুশোলমাৰী অঞ্চলৰ বাসিন্দা ছামচুলে বৰ্তমানে সৰবৰাহকাৰীযোগে গোপনে গৰুৰ চোৰাং বেহা চলাই থকাৰ সমান্তৰালকৈ অন্যান্য বহু অবৈধ কাম-কাজৰ সৈতে জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰা বুলি জানিব পৰা আছে। প্ৰাপ্ত সেই তথ্যৰ ভিত্তিত বৰ্তমানেও আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি প্ৰকাশ। আনহাতে দাগী সেই অপৰাধীজনৰ সৈতে কাৰ কাৰ যোগাযোগ আছে সেয়া লৈ তদন্ত চলাই থকাৰ উপৰি গৰুৰ অবৈধ চোৰাং বেহাৰ উপাৰ্জনৰ ধনেৰে দাগী সেই গো–মাফিয়াজনে বিগত ৬ বছৰে ক্ৰয় কৰা স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ তালিকাও আৰক্ষীয়ে প্ৰস্তুত কৰি থকা বুলিও আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। এনে প্ৰেক্ষাপটত, ‘‘এচাম কেটেল প্ৰিজাৰভেচন এক্ট’ৰ অধীনত ছামচুল হ’ক ওৰফে গব্বৰ সিঙে চোৰাং গো–ব্যৱসায়েৰে গঢ়া সম্পত্তি জব্দ হোৱাটো নিশ্চিত হৈ পৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like